• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, June 28, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

টানত পৰি বান্দৰ নাচে? টাইৱানক লৈ হঠাতে বিপৰীত সুৰ আমেৰিকাৰ!

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 20, 2023 1:55 pm
আমেৰিকাৰ বিদেশ মন্ত্ৰী এণ্টনি ব্লিংকেনে আৰু চীনৰ ৰাষ্ট্ৰপতি জি জিনপিং। ফটোঃ সংগ্ৰহীত।

আমেৰিকাৰ বিদেশ মন্ত্ৰী এণ্টনি ব্লিংকেনে আৰু চীনৰ ৰাষ্ট্ৰপতি জি জিনপিং। ফটোঃ সংগ্ৰহীত।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শেহতীয়াকৈ টাইৱান সমস্যাক লৈ আমেৰিকা আৰু চীনৰ মাজত উত্তেজনা বৃদ্ধি পাইছে। চীনে টাইৱানক নিজৰ ভূখণ্ড বুলি গণ্য কৰে। আনহাতে, টাইৱানে নিজকে পৃথক ৰাষ্ট্ৰ হিচাপে প্ৰতিষ্ঠা কৰিবলৈ আগ্ৰহী। চীনৰ তীব্ৰ প্ৰতিবাদক আওকাণ কৰি যোৱা বছৰৰ আগষ্ট মাহত আমেৰিকাৰ প্ৰতিনিধি সদনৰ তদানীন্তন অধ্যক্ষ নেন্সি পেলোছিয়ে টাইৱান ভ্ৰমণ কৰিছিল।

এই সন্দৰ্ভত চীনে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। দেশখনে চাৰিওফালৰ পৰা টাইৱানক ঘেৰাও কৰি সামৰিক অনুশীলন চলায়। যোৱা বছৰ আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেনে নিজেই কৈছিল যে চীনে আক্ৰমণ কৰিলে আমেৰিকাৰ বাহিনীয়ে টাইৱানক ৰক্ষা কৰিব।

কিন্তু এতিয়া আমেৰিকাৰ সুৰ সলনি হৈছে। চীন ভ্ৰমণৰ সময়ত আমেৰিকাৰ বিদেশ মন্ত্ৰী এণ্টনি ব্লিংকেনে কয় যে টাইৱানৰ স্বাধীনতাৰ দাবীক আমেৰিকাই সমৰ্থন নকৰে।

Apply Now

কূটনীতিবিদসকলৰ মতে চীনৰ মাটিত থিয় হৈ আমেৰিকাৰ এনে ঘোষণাই টাইৱান দখলৰ পথ প্ৰশস্ত কৰিব পাৰে। ফলত তেওঁলোকৰ মতে প্ৰশান্ত মহাসাগৰীয় অঞ্চলৰ ভূ-ৰাজনৈতিক সমীকৰণত ডাঙৰ পৰিৱৰ্তন হ’ব পাৰে।

টাইৱান প্ৰণালী আৰু প্ৰশান্ত মহাসাগৰীয় অঞ্চলত শক্তি বৃদ্ধিৰ বাবে চীনৰ পদক্ষেপ, চীন-ৰাছিয়াৰ বন্ধুত্ব, আমেৰিকাত চীনৰ চোৰাংচোৱা বেলুনৰ আবিৰ্ভাৱ আদিয়ে শেহতীয়াকৈ আমেৰিকা-চীনৰ সম্পৰ্কত গভীৰ প্ৰভাৱ পেলাইছে। সেই জটিলতা কমাবলৈ বেইজিঙত ভৰি দিছিল আমেৰিকাৰ বিদেশ মন্ত্ৰী এণ্টনি ব্লিংকেনে। পাঁচ বছৰৰ পাছত আমেৰিকাৰ এজন বিদেশ সচিবে চীন ভ্ৰমণ কৰিছে।

দেওবাৰে চীনৰ বৈদেশিক মন্ত্ৰী কিন গেঙৰ সৈতে বৈঠকত মিলিত হয় ব্লিংকেনে। চীনৰ বৈদেশিক সচিব ৱাং য়ীৰ সৈতেও আলোচনা হয়। চীনৰ ৰাষ্ট্ৰপতি জি জিনপিঙক লগ কৰিব নে নকৰে সেই লৈ বিভ্ৰান্তিৰ সৃষ্টি হৈছিল। ইয়াৰ পিছত সোমবাৰে স্থানীয় সময় অনুসৰি বিয়লি ৪:৩৫ বজাত জিনপিঙে ব্লিংকেনৰ সৈতে সাক্ষাৎ কৰে। সন্ধিয়া ৫:০৯ বজাত বৈঠক সমাপ্ত হয়।

বাতৰি অনুসৰি, ব্লিংকেনে জিনপিঙক জনাইছে যে বিশ্বক চীন-আমেৰিকাৰ সুস্থ আৰু সন্তুলিত সম্পৰ্কৰ প্ৰয়োজন। চীনে আমেৰিকাৰ স্থিতিক সন্মান কৰে আৰু ইয়াক আঁতৰাব নিবিচাৰে। কিন্তু আমেৰিকাৰ পৰাও একে সন্মান আশা কৰে। ইয়াৰ পিছত চীন-ৰাছিয়াৰ সম্পৰ্ক আৰু চীনলৈ উন্নত প্ৰযুক্তি ৰপ্তানি কৰিবলৈ আমেৰিকাৰ অনিচ্ছা সম্পৰ্কে আলোচনা আগবাঢ়ে।

ব্লিংকেনে কয় যে চীন আৰু আমেৰিকাৰ মাজত কেইবাবছৰ ধৰি বন্ধুত্বপূৰ্ণ সম্পৰ্ক হ্ৰাস পাইছে। সামান্য বিষয়তো সংঘাতৰ সম্ভাৱনা দেখা গৈছিল। সেইটো ঠিক কৰিবলৈকে এই বৈঠকৰ আয়োজন।

বৈঠকৰ অন্তত বেইজিঙত থকা আমেৰিকান দূতাবাসত এখন সংবাদমেল অনুষ্ঠিত কৰে ব্লিংকেনে। তেওঁ স্পষ্টকৈ কয় যে আমেৰিকাই ‘এক চীন’ নীতিত বিশ্বাস কৰে। ৱাশ্বিংটনে টাইৱানৰ স্বাধীনতাক সমৰ্থন নকৰে। অৱশ্যে টাইৱান প্ৰণালীত চীনৰ আগ্ৰাসী কাৰ্যকো সমৰ্থন নকৰে।

কূটনীতিবিদৰ একাংশৰ মতে, আমেৰিকাই ‘এক চীন’ নীতিত বিশ্বাস কৰা কথাটো আগতেও ৱাশ্বিংটনৰ বিষয়াসকলৰ পৰা শুনা গৈছে। কিন্তু ব্লিংকেনে বেইজিঙত থিয় হৈ টাইৱানৰ স্বাধীনতাক প্ৰত্যক্ষভাৱে সমৰ্থন নকৰাৰ কথা কৈ চীনৰ হাত অধিক শক্তিশালী কৰিলে।

অৱশ্যে চীন-টাইৱান বিবাদৰ কোনো পক্ষৰ প্ৰতি একপক্ষীয় পদক্ষেপ গ্ৰহণ কৰি স্থিতাৱস্থা সলনি কৰাৰ প্ৰচেষ্টাক আমেৰিকাই সমৰ্থন নকৰে বুলিও কয় আমেৰিকাৰ বিদেশ মন্ত্ৰীগৰাকীয়ে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

আইনী জটিলতাত আৱদ্ধ! আদানীৰ বিৰুদ্ধে গোচৰ খাৰিজ কৰিবলৈ অস্বীকাৰ নিউয়ৰ্কৰ আদালতৰ

আইনী জটিলতাত আৱদ্ধ! আদানীৰ বিৰুদ্ধে গোচৰ খাৰিজ কৰিবলৈ অস্বীকাৰ নিউয়ৰ্কৰ আদালতৰ

June 28, 2026 12:33 pm
ফ্ৰী কিকত দুৰ্দান্ত গ’ল মেছিৰ, গঢ়িলে বিশ্ব অভিলেখ; জৰ্ডানক ৩-১ গ’লত পৰাস্ত কৰিলে আৰ্জেণ্টিনাই

ফ্ৰী কিকত দুৰ্দান্ত গ’ল মেছিৰ, গঢ়িলে বিশ্ব অভিলেখ; জৰ্ডানক ৩-১ গ’লত পৰাস্ত কৰিলে আৰ্জেণ্টিনাই

June 28, 2026 11:22 am
‘বিয়া ভঙাতকৈ হত্যা কৰাটো সহজ আছিল!’ কেতন হত্যাকাণ্ডৰ ঘটনাত যুৱতীৰ ভাষ্যত স্তম্ভিত আৰক্ষীও

‘বিয়া ভঙাতকৈ হত্যা কৰাটো সহজ আছিল!’ কেতন হত্যাকাণ্ডৰ ঘটনাত যুৱতীৰ ভাষ্যত স্তম্ভিত আৰক্ষীও

June 28, 2026 10:15 am
অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

June 28, 2026 9:15 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আইনী জটিলতাত আৱদ্ধ! আদানীৰ বিৰুদ্ধে গোচৰ খাৰিজ কৰিবলৈ অস্বীকাৰ নিউয়ৰ্কৰ আদালতৰ

আইনী জটিলতাত আৱদ্ধ! আদানীৰ বিৰুদ্ধে গোচৰ খাৰিজ কৰিবলৈ অস্বীকাৰ নিউয়ৰ্কৰ আদালতৰ

June 28, 2026 12:33 pm
ফ্ৰী কিকত দুৰ্দান্ত গ’ল মেছিৰ, গঢ়িলে বিশ্ব অভিলেখ; জৰ্ডানক ৩-১ গ’লত পৰাস্ত কৰিলে আৰ্জেণ্টিনাই

ফ্ৰী কিকত দুৰ্দান্ত গ’ল মেছিৰ, গঢ়িলে বিশ্ব অভিলেখ; জৰ্ডানক ৩-১ গ’লত পৰাস্ত কৰিলে আৰ্জেণ্টিনাই

June 28, 2026 11:22 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd