পেৰিছত অন্তিম ইভেণ্টত স্বৰ্ণ জয়েৰে অলিম্পিকৰ পদক তালিকাত চীনক অতিক্ৰমি শীৰ্ষত আমেৰিকা

পেৰিছ অলিম্পিকৰ অন্তমিটো ইভেণ্ট আছিল মহিলা বাস্কেটবলৰ ফাইনেল। আয়োজক দেশ ফ্ৰান্সৰ বিৰুদ্ধে কঠোৰ যুঁজৰ অন্তত আমেৰিকাই সোণৰ পদক লাভ কৰে। সেই স্বৰ্ণজয়েৰে পদকৰ তালিকাত চীনক পৰাস্ত কৰে। যদিও দুয়োখন দেশৰ সোণৰ পদকৰ সংখ্যা সমান, তথাপিও অধিক ৰূপ আৰু ব্ৰঞ্জৰ পদক লাভ কৰাৰ বাবেই আমেৰিকা শীৰ্ষত থাকে।

অলিম্পিকত পদকৰ তালিকাত সাধাৰণতে সৰ্বাধিক সোণৰ পদক লাভ কৰা দেশখনেই শীৰ্ষত থাকে। যদি দুখন দেশে একে পৰিমাণৰ সোণৰ পদক পায়, তেতিয়া কোনে বেছি ৰূপ পালে সেইটো চোৱা হয়। ৰূপৰ সংখ্যা বেছি থকাটোৱে শীৰ্ষত স্থান লাভ কৰে। সেইদৰে, সোণ আৰু ৰূপ সমান হ’লে কোনে বেছি ব্ৰঞ্জৰ পদক লাভ কৰে তাৰ ভিত্তিত ৰেংকিং কৰা হয়।

পেৰিছত আমেৰিকাই ৪০টা সোণ, ৪৪টা ৰূপ আৰু ৪২টা ব্ৰঞ্জৰ পদক লাভ কৰি মুঠ ১২৬টা পদক লাভ কৰে। চীনেও ৪০টা সোণৰ পদক লাভ কৰে। কিন্তু ৰূপৰ সংখ্যা (২৭) আমেৰিকাৰ তুলনাত কম। ২৪ গৰাকীয়ে ব্ৰঞ্জৰ পদক লাভ কৰে। মুঠ পদক ৯১ টা।

লগতে পঢ়কঃ অহা ১ ছেপ্টেম্বৰৰ পৰা ব্লেকলিষ্টেড হ’ব এইসমূহ চিম কাৰ্ড; প্ৰৱৰ্তন কৰা হৈছে ট্ৰাইৰ নতুন নিয়ম

তৃতীয় স্থানত জাপানে ২০টা সোণ, ১২টা ৰূপ আৰু ১৩টা ব্ৰঞ্জৰ পদক লাভ কৰে। চতুৰ্থ স্থানত থকা অষ্ট্ৰেলিয়াই ১৮টা সোণ, ১৯টা ৰূপ আৰু ১৬টা ব্ৰঞ্জৰ পদক লাভ কৰি অলিম্পিকৰ ইতিহাসত দেশখনৰ সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শন দাঙি ধৰে। পঞ্চম স্থানত থাকে আয়োজক দেশ ফ্ৰান্স। দেশখনে ১৬ টা সোণ, ২৬ টা ৰূপ আৰু ২২ টা ব্ৰঞ্জৰ পদক লাভ কৰে।

দেওবাৰে আমেৰিকাই ৩৮টা সোণৰ পদক লাভ কৰি আঁতৰি যায়। চীনতকৈ (৩৯) এটা সোণত পিছ পৰি আছিল। দেওবাৰে মহিলা ভাৰোত্তোলনত চীনে আন এক সোণৰ পদক লাভ কৰে। চাইক্লিষ্ট তথা শেষবাৰৰ বাবে সোণৰ পদক বিজয়ী জেনিফাৰ ভেলেণ্টে আমেৰিকাৰ হৈ ৩৯ সংখ্যক সোণৰ পদক লাভ কৰে। ফলত শেষ আশা আছিল মহিলা বাস্কেটবলৰ দল।

১৯৯৬ চনৰ পৰা আমেৰিকাই একেৰাহে মহিলা বাস্কেটবলত সোণৰ পদক লাভ কৰিছে। ফলত সকলোৱে ধৰি লৈছিল যে দেওবাৰেও সহজেই জয়ী হ’ব। কিন্তু নহয়। ফ্ৰান্সে আৰম্ভণিৰ পৰা শেষলৈকে কঠোৰ যুঁজ দিছিল। এসময়ত এনে লাগিছিল যেন অঘটন ঘটাই তেওঁলোকেই স্বৰ্ণ জয় কৰিব। শেষ মুহূৰ্তত আমেৰিকাই বিজয় সাৱ্যস্ত কৰিলে। তেওঁলোকৰ হৈ পৰিল ৪০ টা সোণৰ পদক।

লগতে পঢ়কঃ ‘দেশলৈ উভতিম, আমেৰিকাৰ ষড়যন্ত্ৰতে বাংলাদেশত অশান্তি’; মৌনতা ভংগ শ্বেখ হাছিনাৰ

পেৰিছত ভাৰতে ৭১ নম্বৰত স্থান লাভ কৰিছে। যদি ৱিনেশ ফ’গাটে ৰূপৰ পদক পায় তেন্তে ৬৮ নম্বৰলৈ উঠিব।