NORTHEAST NOW (Assamese)

ভাৰতীয় ট্ৰেভেল এজেন্সীক ‘অবৈধ অনুপ্ৰৱেশৰ মাষ্টাৰমাইণ্ড’আখ্যা! আমেৰিকাই জাৰি কৰিলে ভিছা নিষেধাজ্ঞা

May 20, 2025 10:13 am · এন ই নাও নিউজ, গুৱাহাটী

ড’নাল্ড ট্ৰাম্প দ্বিতীয়বাৰৰ বাবে আমেৰিকাৰ ৰাষ্ট্ৰপতি হোৱাৰ পিছত দেশখনৰ প্ৰব্ৰজন নীতিৰো পৰিৱৰ্তন ঘটিছে। আমেৰিকা প্ৰশাসনে ইতিমধ্যে শ শ অবৈধ অনুপ্ৰৱেশকাৰীক বিতাড়িত কৰিছে। এইবাৰ আমেৰিকাই ভাৰতীয় ট্ৰেভেল এজেন্সীৰ মুৰব্বী আৰু শীৰ্ষ বিষয়াসকলৰ ওপৰতো জাৰি কৰিছে ভিছা নিষেধাজ্ঞা। ভাৰতৰ পৰা আমেৰিকাৰ ভূখণ্ডত ‘অবৈধ অনুপ্ৰৱেশ’ৰ বাবে ট্ৰেভেল এজেন্সীৰ মুৰব্বী আৰু শীৰ্ষ বিষয়াসকলে প্ৰধানত দায়ী বুলি বিশ্বাস কৰে হোৱাইট হাউছে।

এই সন্দৰ্ভত আমেৰিকাৰ বিদেশ মন্ত্ৰালয়ে কয় যে দূতাবাস আৰু কনছুলেটসমূহে অবৈধ অনুপ্ৰৱেশ, মানৱ সৰবৰাহ, আৰু সৰবৰাহৰ সুবিধা প্ৰদান কৰা ব্যক্তিসকলক চিনাক্ত কৰিছে। লগতে ভাৰতত ভিত্তি কৰি আৰু কাম কৰা ট্ৰেভেল এজেন্সীৰ মালিক, বিষয়া আৰু জ্যেষ্ঠ বিষয়াসকলৰ ওপৰত ভিছাৰ নিষেধাজ্ঞা আৰোপ কৰাৰ পদক্ষেপ গ্ৰহণ কৰা হৈছে বুলি উল্লেখ কৰে। অবৈধ প্ৰৱেশৰ বাবে মূলত তেওঁলোকে দায়ী বুলি স্পষ্ট কৰি দিছে আমেৰিকাৰ বিদেশ মন্ত্ৰালয়ে।

ট্ৰাম্প প্ৰশাসনে আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ দায়িত্ব লোৱাৰ পিছতে দেশৰ পৰা অবৈধ অনুপ্ৰৱেশকাৰীক বহিষ্কাৰ কৰাৰ সিদ্ধান্ত লয়। ইয়াৰ পিছতে হাজাৰ হাজাৰ অবৈধ অনুপ্ৰৱেশকাৰীক বিমানযোগে নিজ নিজ দেশলৈ ঘূৰাই পঠিওৱা হৈছে। আমেৰিকাত অবৈধভাৱে বসবাস কৰা ভাৰতীয়সকলো ইয়াৰ পৰা বাদ পৰা নাই। এই সমস্যা সমাধানৰ বাবে আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে, অবৈধ অনুপ্ৰৱেশকাৰীয়ে স্বেচ্ছাই আমেৰিকা এৰি যায় তেন্তে চৰকাৰে প্ৰতিজন ব্যক্তিৰ বাবে ১০০০ ডলাৰ প্ৰদান কাৰিব বুলিও ঘোষণা কৰিছিল।

Related News