চাবাহাৰ বন্দৰক লৈ ভাৰত-ইৰাণৰ চুক্তি; ক্ষুব্ধ আমেৰিকা, দিলে নিষেধাজ্ঞাৰ সকীয়নি!

ফটোঃ সংগ্ৰহীত।

ইৰাণৰ চাবাহাৰ বন্দৰক লৈ সোমবাৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে এক  ঐতিহাসিক চুক্তিত স্বাক্ষৰ কৰে। তাৰ পিছতে ৱাশ্বিংটনে এই বিষয়টোৰ সন্দৰ্ভত মুখ খুলিলে। আমেৰিকাৰ বিদেশ মন্ত্ৰালয়ৰ প্ৰধান উপ-মুখপাত্ৰ বেদান্ত পেটেলে কয় যে `যদি কোনোবাই ইৰাণৰ সৈতে ব্যৱসায় কৰাৰ কথা ভাবিছে তেন্তে সম্ভাৱ্য নিষেধাজ্ঞাৰ বিষয়ে সতৰ্ক হোৱা উচিত।‘

বেদান্ত পেটেলে লগতে কয়, ‘চাবাহাৰ বন্দৰক লৈ ভাৰত আৰু ইৰাণৰ মাজত হোৱা চুক্তিৰ বিষয়ে আমি অৱগত। ভাৰতৰ বৈদেশিক নীতিৰ বিষয়ে আমাৰ ক’বলগীয়া একো নাই। ইপিনে, ইৰাণৰ সৈতে চাবাহাৰ বন্দৰ সন্দৰ্ভত তেওঁলোকৰ চুক্তিও দুয়োখন দেশৰ দ্বিপাক্ষিক সম্পৰ্কৰ পৰিসৰৰ অন্তৰ্গত। অৱশ্যে ইৰাণৰ ওপৰত আমেৰিকাৰ নিষেধাজ্ঞা এতিয়াও অব্যাহত আছে আৰু সেয়া চলি থাকিব।’

লগতে পঢ়কঃ গুৱাহাটীৰ পৰা বাংলাদেশৰ সন্ত্ৰাসবাদী সংগঠনৰ কৰ্মীক গ্ৰেপ্তাৰ অসম আৰক্ষীৰ

তাৰ পিছতে বেদান্ত পেটেলে কয়, ‘যদি কোনোবাই ইৰাণৰ সৈতে ব্যৱসায় কৰাৰ কথা ভাবিছে, তেন্তে তেওঁলোকৰ ওপৰতো নিষেধাজ্ঞা আৰোপ কৰা হব পাৰে। সেই কথাটো যাতে তেওঁলোকে মনত ৰাখে।’

উল্লেখ্য যে ভাৰতে যেতিয়া পূৰ্বে S400 ক্ষেপণাস্ত্ৰ চিষ্টেমটো ৰাছিয়াৰ পৰা ক্ৰয় কৰিছিল, তেতিয়াও আমেৰিকাই দিল্লীক নিষেধাজ্ঞাৰ বিষয়ে সকীয়াই দিছিল। অৱশ্যে ভাৰত তেতিয়াও নিজৰ স্থিতিত অটল আছিল।

মন কৰিবলগীয়া যে চীনে ভাৰতক ‘ঘেৰি’ এটা বাণিজ্যিক কৰিডৰ সৃষ্টি কৰাৰ পৰিকল্পনা কৰিছিল। চীন-পাক অৰ্থনৈতিক কৰিডৰ জি জিনপিঙৰ সপোনৰ ‘বেল্ট ৰোড ইনিচিয়েটিভ’ৰ অংশ। সেই কৰিডৰৰ অন্যতম গুৰুত্বপূৰ্ণ প্ৰকল্প হৈছে বেলুচিস্তান প্ৰদেশৰ গোয়াদাৰ বন্দৰ। কিন্তু এইবাৰ যাতে গোয়াদাৰ বন্দৰ ভাৰতৰ ডিঙিত কাঁইট হৈ নপৰে তাৰ বাবে ভাৰতে ইৰাণৰ সৈতে চাবাহাৰ বন্দৰক লৈ দহ বছৰৰ চুক্তি স্বাক্ষৰ কৰে।

লগতে পঢ়কঃ মুম্বাইত ধূলিৰ ধুমুহাত ১০০ ফুট উচ্চতাৰ বিলবোৰ্ড ভাঙি পৰি ১৪ জন নিহত, আহত ৭৪ জন

সোমবাৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ইৰাণলৈ গৈ দেশখনৰ চৰকাৰৰ সৈতে চাবাহাৰ বন্দৰত দহ বছৰৰ চুক্তি স্বাক্ষৰ কৰে। এই চুক্তিৰ জৰিয়তে ভাৰতে ইৰাণৰ চাবাহাৰ বন্দৰ পৰিচালনাৰ দায়িত্ব বহন কৰিব। এই বন্দৰৰ জৰিয়তে ভাৰতে আফগানিস্তানকে ধৰি মধ্য এছিয়া, আনকি ইউৰোপৰ সৈতেও সংযোগ স্থাপন কৰিবলৈ সক্ষম হ’ব। ভাৰতে ইৰাণৰ চাবাহাৰ বন্দৰক আন্তঃৰাষ্ট্ৰীয় উত্তৰ-দক্ষিণ পৰিবহণ কৰিডৰৰ সৈতে সংযোগ কৰাৰ পৰিকল্পনা কৰিছে। এই কৰিড’ৰৰ জৰিয়তে ভাৰতে ৰাছিয়াৰ সৈতে সংযোগ স্থাপন কৰিবলৈ সক্ষম হ’ব।

ইয়াৰ পূৰ্বে ২০১৬ চনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ইৰাণ ভ্ৰমণ কৰাৰ সময়ত দুয়োখন দেশে চাবাহাৰ বন্দৰক লৈ চুক্তি স্বাক্ষৰ কৰিছিল। তাৰ পিছত ২০১৮ চনত ইৰাণৰ তদানীন্তন ৰাষ্ট্ৰপতি হাছান ৰৌহানী ভাৰতলৈ আহিছিল। ইয়াৰ পিছতে দুয়োগৰাকী ৰাষ্ট্ৰপতিয়ে চাবাহাৰ বন্দৰত ভাৰতৰ ভূমিকা বৃদ্ধিৰ বিষয়ে আলোচনা কৰে। ইয়াৰ পিছতে শেহতীয়াকৈ ২০২৪ চনৰ জানুৱাৰী মাহত ভাৰতৰ বৈদেশিক মন্ত্ৰী এছ জয়শংকৰ ইৰাণলৈ গৈছিল। সেই সময়তো এই বিষয়ে আলোচনা হৈছিল। তাৰপিছতে সোমবাৰে সৰ্বানন্দ সোণোৱালে ইৰাণত উপস্থিত হৈ চাবাহাৰ বন্দৰক লৈ হোৱা চুক্তিত স্বাক্ষৰ কৰে।