NORTHEAST NOW (Assamese)

মুখত শালমইনা ওলাইছে নেকি? এনেদৰে কৰক ইলাচীৰে নিৰাময়

February 13, 2020 2:38 pm · এন ই নাও নিউজ
Updated: February 13, 2020 7:49 pm
ইলাচী

ভাৰতীয় মানুহে আঞ্জাৰ লগত প্ৰায়ে ইলাচী ব্যৱহাৰ কৰা দেখা যায়। খাদ্যৰ উপকৰণ হিচাপে প্ৰতিঘৰ মানুহৰ পাকঘৰতে উপলব্ধ ইলাচী।

উল্লেখ্য যে, এই ইলাচীয়ে কেৱল আঞ্জা সুস্বাদুৱেই নকৰে, ইলাচীয়ে মানুহক সুস্বাস্থ্যৰ অধিকাৰীও কৰি তোলে।

ইলাচীয়ে মানুহক বিভিন্ন ৰোগৰ পৰা মুক্ত কৰিও ৰাখিব পাৰে। ষ্ট’ন, ডিঙিৰ সমস্যা, টিবি, কৌষ্ঠকাঠিন্য আদি ৰোগ নিৰাময়ত ইলাচীয়ে প্ৰভূত অৰিহণা যোগায়।

তলত ইলাচীৰ কিছু উপকাৰিতাৰ বিষয়ে উল্লেখ কৰা হ’ল-

১) যিবোৰ মানুহৰ শালমইনাৰ সমস্যা আছে তেওঁলোকে ৰাতি শোৱাৰ পূৰ্বে গৰম পানীৰ সৈতে কিছুদিন একোটাকৈ ইলাচী খালে শালমইনা সমস্যাৰ পৰা উপশম পাব পাৰে।

২)  পেটৰ সমস্যাত ভোগী থকা মানুহে পুৱা খালী পেটত কুহুমীয়া পানীৰ সৈতে কিছুদিন এটাকৈ ইলাচী খালে পেটৰ সমস্যাৰ পৰা উপশম পাব পাৰিব।

৩) ৰাতি নিদ্ৰাহীনতাত ভোগা মানুহে ৰাতি শোৱাৰ পূৰ্বে গৰম পানীৰ সৈতে কিছুদিন এটাকৈ ইলাচী খালে নিদ্ৰাহীনতাৰ পৰা পৰিত্ৰাণ পাব পাৰে।

৪) গেছ, এছিডিটি, কৌষ্ঠকাঠিন্য, পেটৰ সমস্যা আদি সমস্যা, হেঁকটি মৰা আদিয়ো ইলাচীয়ে দূৰ কৰে।

৫) ইলাচী সিজোৱা পানী খালে মানুহৰ ষ্ট্ৰেছ দূৰ হয়। ইলাচী এটা খুন্দি গুৰি কৰি পানীত উতলাই সেই পানীত অকণ মৌ-ৰস দি কিছুদিন খালে মানুহৰ ষ্ট্ৰেছ দূৰ হয়।

৬) ইলাচী খালে মানুহৰ শৰীৰৰ দুৰ্বলতাও দূৰ হয়। দৈনিক খাদ্য প্ৰণালীত একোটাকৈ ইলাচী থাকিলে শৰীৰ সবল হোৱাৰ লগতে ওজনো ঠিকে থাকে।

৭) সেউজীয়া ইলাচী খালে মানুহৰ শ্বাসযন্ত্ৰৰ তেজৰ চলাচল সঠিকভাৱে চলি থাকে। ইলাচী খালে হাপানি, কাঁহ আদিৰ পৰাও পৰিত্ৰাণ পাব পাৰি।

Related News