ভাৰতৰে এইখন গাওঁত ১৮ বছৰ বয়সৰ তলৰ কিশোৰ-কিশোৰীৰ বাবে নিষিদ্ধ হ’ল মোবাইল ফোন

মহাৰাষ্ট্ৰৰ পশ্চিম বিদৰ্ভৰ এখন গাঁৱে ১৮ বছৰৰ তলৰ কিশোৰ-কিশোৰীসকলক মোবাইল ফোন ব্যৱহাৰ কৰাৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰিছে।

বাতৰি অনুসৰি বান্সী গাঁৱৰ এখন গাঁও সভাত এই সিদ্ধান্ত লোৱা হৈছে। কিয়নো গাওঁৰ ল’ৰা-ছোৱালীবোৰ ম’বাইলৰ প্ৰতি আসক্ত হৈ পৰিছে বুলি দাবী কৰা হৈছে। সেয়ে, গাওঁ সভাই এই কঠোৰ সিদ্ধান্ত লয়।

গাওঁ পঞ্চায়তৰ মতে, গাওঁ সভাত কেৱল উন্নয়নৰ বিষয়েই আলোচনা কৰা হ’ব এনে নহয়, সামাজিক জীৱনতো যাতে কল্যাণ হয় সেই বিষয়েও গাওঁ সভাত আলোচনা হ’ব পাৰে।

লগতে পঢ়ক: পথৰ আধাৰশিলা স্থাপন অনুষ্ঠানলৈ আহি মঞ্চতে অসুস্থ হৈ পৰিল কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰী

গাওঁবাসীৰ এটা অংশই দাবী কৰিছিল যে গাওঁখনৰ কিশোৰ-কিশোৰীসকলে মোবাইল ফোন চাই ঘন্টাৰ পিছত ঘণ্টা অতিবাহিত কৰিছে। কথা পাতি, গেম খেলি, ছ’চিয়েল মিডিয়াত ব্যস্ত থআকি সময় পাৰ কৰিছে। ইয়াৰ ফলত তেওঁলোকৰ পঢ়াশুনা বেয়া হৈ গৈছে। পৰিয়াল আৰু সামাজিক জীৱনতো ডাঙৰ প্ৰভাৱ পৰিছে।

বংশী গ্ৰাম পঞ্চায়তৰ মুৰব্বী গজানন তালে কয় যে সকলো অভিভাৱকক তেওঁলোকৰ সন্তানে এই নিয়ম অনুসৰণ কৰাটো নিশ্চিত কৰিবলৈ অনুৰোধ কৰা হৈছে।

পঞ্চায়তৰ মুৰব্বীগৰাকীয়ে লগতে দাবী কৰিছে যে ১৮ বছৰৰ তলৰ লোকসকলৰ বাবে মোবাইল ফোনৰ ওপৰত নিষেধাজ্ঞা সৰ্বসন্মতিক্ৰমে অনুমোদিত হৈছে।

পঞ্চায়তৰ মুৰব্বীগৰাকীয়ে জনায় যে গাওঁখনৰ অপ্ৰাপ্তবয়স্ক ল’ৰা-ছোৱালীবোৰ মোবাইল ফোনৰ প্ৰতি আসক্ত। তেওঁলোকে আনকি তেওঁলোকৰ মাক দেউতাকৰ কথাও নুশুনে। কিছুমানে আনকি অশ্লীল চিনেমা চাই আছে। প্ৰাপ্তবয়স্কৰ ছাইটত গৈ গেম খেলি আছে।

লগতে পঢ়ক: চিকিৎসালয়ৰ মৰ্গত থকা মহিলাৰ মৃতদেহৰ পৰা চকু উলিয়াই নিবলৈ চেষ্টা কৰাৰ অভিযোগ; তীব্ৰ চাঞ্চল্য

তেওঁ কয়, এইটো জানো যে ইয়াক কাৰ্যকৰী কৰাটো কঠিন। তথাপিও পৰামৰ্শ দিয়া হ’ব। এই সিদ্ধান্ত পালন কৰাত ব্যৰ্থ হ’লে জৰিমনাও কৰা হ’ব পাৰে। কিন্তু আৰম্ভণিতে তেওঁলোকক বুজোৱা হ’ব।