DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, August 19, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

Uddhav Thackeray’s warning নিজৰ দেউতাৰ নাম ব্যৱহাৰ কৰক, মোৰ দেউতাৰ নহয়ঃ বিদ্ৰোহী শিৱসেনাৰ বিধায়কক সকিয়ালে উদ্ধৱ থাকৰেই

এন ই নাও নিউজ,গুৱাহাটী by এন ই নাও নিউজ,গুৱাহাটী
June 25, 2022 6:17 pm
122
VIEWS
Share on FacebookShare on Twitter

নিজৰ দেউতাৰ নাম ব্যৱহাৰ কৰক, মোৰ দেউতাৰ নহয়, বিদ্ৰোহী শিৱসেনাৰ বিধায়কক সকিয়ালে উদ্ধৱ থাকৰেই।

মহাৰাষ্ট্ৰৰ বিসম্বাদী মন্ত্ৰী-বিধায়কসকলে বালাচাহেব থাকৰেৰ নাম ব্যৱহাৰ কৰি নতুন ৰাজনৈতিক দল ‘শিৱসেনা বালাচাহেব’ খুলিব বুলি ঘোষণা কৰাৰ পিছতে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে বালাচাহেব থাকৰেৰ পুত্ৰ তথা শিৱসেনাৰ নেতা উদ্ধৱ থাকৰেই।

উদ্ধৱে থাকৰেই দলটোৰ প্ৰতিষ্ঠাপক-পিতৃপুৰুষ স্বৰ্গীয় বালাচাহেব থাকৰেৰ নামলৈ বিদ্ৰোহী গোটটোৱে দল খোুলিব বিচৰাৰ বিৰুদ্ধে এক প্ৰকাৰ গৰজি উঠিছে।

থাকৰেই কয়, “নিৰ্বাচনত জয়ী হ’বলৈ মোৰ দেউতাৰ নাম নল’ব, আপোনাৰ দেউতাৰ নাম ব্যৱহাৰ কৰক।” মহাৰাষ্ট্ৰৰ শিৱ সৈনিকসকলৰ মাজত ক্ষোভৰ উদ্গীৰণ ঘটাৰ পিছতে বিদ্ৰোহী বিধায়কসকলে দুখোজ পিছুৱাই যাবলগীয়া হৈছে।ইয়াৰ মাজতে বিসম্বাদী শিবিৰে দাবী কৰিছিল যে তেওঁলোকেই “প্ৰকৃত শিৱসেনা”। কিন্তু শিৱসেনাৰ পুৰণি সমৰ্থকে বিসম্বাদী শিবিৰক উভতি ধৰাত বাধ্যত পৰি বালাচাহেবৰ নাম ব্যৱহাৰ কৰি নতুন দল খুলিব বিচাৰিছে।

থাকৰেই কয় যে দলটোৱে ভাৰতযৰ নিৰ্বাচন আয়োগলৈ পত্ৰ লিখিব যাতে শিৱসেনা বা বালাচাহেব থাকৰেৰ নাম কাৰো ৰাজনৈতিক স্বাৰ্থৰ বাবে অপব্যৱহাৰ নহয়,অন্যথা তেওঁলোকে আইনী ব্যৱস্থাৰ সন্মুখীন হ’ব। থাকৰেই লগতে কয় “তেওঁলোকে (বিদ্ৰোহী বিধায়কসকলে) যি কৰিব বিচাৰে সেয়া কৰিব পাৰে, মই তেওঁলোকৰ বিষয়ত হস্তক্ষেপ নকৰো।

তেওঁলোকে তেওঁলোকৰ নিজৰ সিদ্ধান্ত ল’ব পাৰে, কিন্তু কোনেও বালাচাহেব থাকৰেৰ নাম ব্যৱহাৰ কৰা উচিত নহয়।” উল্লেখ্য মহা বিকাশ আঘাদী (এমভিএ) চৰকাৰৰ বিৰুদ্ধে বিদ্ৰোহৰ নেতৃত্ব দিয়া একনাথ সিন্দে শিবিৰে শনিবাৰে তেওঁলোকৰ নতুন দলৰ নাম ঘোষণা কৰিছে। সেইমৰ্মে বিসম্বাদী শিবিৰৰ নতুন দলৰ নাম হ’ব ‘শিৱসেনা বালাচাহেব’ ।

দলটোৱে আন কোনো দলৰ সৈতে মিত্ৰতা নকৰে বুলিও বিসম্বাদী শিবিৰে স্পষ্ট কৰি দিছে। মহাৰাষ্ট্ৰৰ মন্ত্ৰী তথা শিৱসেনাৰ নেতা একনাথ সিন্দেৰ নেতৃত্বত বিদ্ৰোহী গোটে ৰাজ্যখনত উদ্ধৱ থাকৰে নেতৃত্বাধীন চৰকাৰখন ভংগ কৰিবলৈ বিজেপিৰ সৈতে হাত মিলাব পাৰে বুলি বহুতে আলোচনা কৰাৰ সময়তে বিসম্বাদী শিবিৰে নতুন দলৰ নাম ঘোষণা কৰে।

“আমাৰ গোটটোক শিৱসেনা বালাচাহেব বুলি কোৱা হ’ব। আমি কোনো দলৰ সৈতে একত্ৰিত নহ’ম,” শিৱসেনাৰ বিদ্ৰোহী বিধায়ক দীপক কেচৰকাৰে কয়।

উদ্ধৱ থাকৰেৰ নেতৃত্বত শিৱসেনাই ১৬ জন বিদ্ৰোহী বিধায়কক অযোগ্য ঘোষণা কৰাৰ প্ৰস্তুতি চলোৱাৰ সময়তে বিসম্বাদী শিবিৰে নতুন দল খোলাৰ কথা ঘোষণা কৰে।

মহাৰাষ্ট্ৰ বিধানসভাৰ উপাধ্যক্ষ নাৰহাৰী জিৰৱালে ১৬ জন বিদ্ৰোহী শিৱসেনা বিধায়কলৈ অযোগ্যতাৰ জাননী প্ৰেৰণ কৰিব পাৰে বুলি জানিব পৰা গৈছে।

উদ্ধৱ থাকৰে নেতৃত্বাধীন শিৱসেনাই একনাথ সিন্দেকে ধৰি ১৬ জন বিদ্ৰোহী বিধায়কৰ সদস্যপদ বিধানসভাত “উপস্থিত নথকাৰ” বাবে খাৰিজ কৰিবলৈ বিধানসভাৰ উপাধ্যক্ষৰ ওচৰত এখন আবেদন দাখিল কৰিছে।

Recent News

California Planes Collide

মধ্য আকাশতে দুই বিমানৰ সংঘৰ্ষ: মৃত্যু কেইবাগৰাকীও লোকৰ

forged documents

জাল নথিপত্ৰৰে যাত্ৰীক কৰি দিছিল আমেৰিকা যাত্ৰাৰ সুবিধা: পৰিল ফান্দত

On Camera Shot

প্ৰেমৰ প্ৰস্তাৱ অগ্ৰাহ্য কৰাৰ বাবেই নৱম শ্ৰেণীৰ ছাত্ৰীক পথৰ মাজতে গুলীয়ালে যুৱকে

বিশিষ্ট সংগীত শিল্পী খগেন গগৈলৈ কণ্ঠ শিৰোমণি আৰু বিপুল চেতিয়া ফুকনলৈ কণ্ঠ সুধামৃত বঁটা ঘোষণা

বিশিষ্ট সংগীত শিল্পী খগেন গগৈলৈ কণ্ঠ শিৰোমণি আৰু বিপুল চেতিয়া ফুকনলৈ কণ্ঠ সুধামৃত বঁটা ঘোষণা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd