NORTHEAST NOW (Assamese)

কৰ’নাত আক্ৰান্ত উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ; কেইদিমান পূৰ্বে লৈছিল ভেকচিন

April 14, 2021 2:17 pm · এন ই নাও নিউজ
উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ।

প্ৰায় এসপ্তাহ পূৰ্বে তেওঁ কৰ’না ভাইৰাছৰ ভেকচিনৰ প্ৰথমটো ড’জ  লৈছিল। তাৰ পাছতে এইবাৰ কৰ’নাত আক্ৰান্ত হ’ল উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ।

সদ্যহতে আইছ’লেশ্যনতে থাকি যাৱতীয় প্ৰশাসনিক কামকাজসমূহ চোৱাচিতা কৰা বুলি তেওঁ জানিবলৈ দিছে।

মুখ্যমন্ত্ৰীগৰাকীৰ কাৰ্যালয়ৰ কেইবাজনো বিষয়া-কৰ্মচাৰী কৰ’নাত আক্ৰান্ত হোৱাৰ পাছতে মঙলবাৰে আইছ’লেশ্যনত যায় যোগী আদিত্যনাথ।

তেওঁ জানিবলৈ দিছে যে আৰম্ভণিৰ লক্ষণ দেখা দিয়াৰ পাছত পৰীক্ষা কৰাত মোৰ কোভিড-১৯ পজিটিভ ধৰা পৰিছে।

টুইটাৰত তেওঁ লগতে লিখিছে,’’মোৰ কাৰ্যালয়ৰ কেইবাজনো কৰ্মচাৰী কৰ’নাত আক্ৰান্ত হৈছে। সেই বিষয়াসকল মোৰ সংস্পৰ্শলৈ আহিছিল। সতৰ্কতামূলক ব্যৱস্থা হিচাপে মই আইছ’লেশ্যন গৈছিলো। ভাৰ্চুৱেলি যাৱতীয় কাম কৰি আছো।‘’

উল্লেখ্য যে ইয়াৰ পূৰ্বে ৰাজ্যখনৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা সমাজবাদী দলৰ নেতা অখিলেশ সিং যাদব কৰ’নাত আক্ৰান্ত হয়।

Related News