NORTHEAST NOW (Assamese)

কাহ আৰু জ্বৰৰ দৰৱৰ বাবেহে লাইচেন্স বিচাৰিছিল! ক’ৰ’নিল সম্পৰ্কত কোনে ক’লে এই কথা?

June 24, 2020 3:58 pm · এন ই নাও নিউজ
পতঞ্জলিয়ে দাবী কৰ'নাৰ দৰৱ ক'ৰ'নিল।

কৰ’নাৰ দৰৱ ‘কৰ’নিল’ প্ৰস্তুত কৰাৰ দাবী কৰা পতঞ্জলিৰ বাবে জটিলতা ক্ৰমে বৃদ্ধি পাবলৈ লৈছে।

ৰাজস্থান চৰকাৰে বাবা ৰামদেবৰ বিৰুদ্ধে গোচৰ তৰাৰ কথা সদৰী কৰাৰ পাছত এতিয়া উত্তৰাখণ্ড চৰকাৰেও পতঞ্জলিলৈ জাননী জাৰি কৰাৰ বাবে প্ৰস্তুতি চলাইছে।

বাতৰি অনুসৰি, উত্তৰাখণ্ডৰ আয়ুৰ্বেদ বিভাগে জাননীৰ জৰিয়তে দৰৱ মুকলি কৰাৰ অনুমতি ক’ৰ পৰা পালে সেয়া সুধিব।

উত্তৰাখণ্ড চৰকাৰৰ আয়ুৰ্বেদ বিভাগৰ অনুজ্ঞাপত্ৰদাতা বিষয়াই সংবাদ মাধ্যমক জানিবলৈ দিয়া মতে পতঞ্জলিৰ আবেদনৰ ভিত্তিত তেওঁলোকে অনুজ্ঞাপত্ৰ দিছিল।

আবেদনখনত কৰ’না ভাইৰাছৰ বিষয়ে উল্লেখ নাছিল। তাত প্ৰতিৰোধ ক্ষমতা বৃদ্ধি, কাহ আৰু জ্বৰৰ দৰৱ তৈয়াৰ কৰাৰ অনুজ্ঞাপত্ৰ বিচৰাৰ কথাহে কোৱা হৈছিল।

ইয়াৰ পূৰ্বে ৰাজস্থান চৰকাৰে বাবা ৰামদেবৰ কৰ’নাৰ দৰৱ ক’ৰ’নিল বনোৱাৰ দাবীক ভুৱা বুলি অভিহিত কৰা হৈছে।

ৰাজস্থানৰ স্বাস্থ্য মন্ত্ৰী ৰঘু শৰ্মাই কয় যে মহামাৰীৰ সময়ত বাবা ৰামদেবে এনেদৰে কৰ’নাৰ দৰৱ বিক্ৰী কৰাৰ চেষ্টা কৰাটো ভাল কথা নহয়।

স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে কয় যে আয়ুষ মন্ত্ৰ্যালয়ৰ গেজেট নটিফিকেশ্যন অনুসৰি বাবা ৰামদেবে আইচিএমআৰ তথা ৰাজস্থান চৰকাৰৰ পৰা কৰ’নাৰ কোনো আয়ুৰ্বেদিক দৰৱৰ পৰীক্ষাৰ বাবে অনুমতি লোৱা উচিত আছিল।

কিন্তু বিনা অনুমতিৰে তথা বিনা কোনো মাপকাঠীৰে পৰীক্ষৰা দাবী কৰাটো ভুল।

ইপিনে, কেন্দ্ৰীয় আয়ুষ মন্ত্ৰ্যালয়েও পতঞ্জলিৰ পৰা এইক্ষেত্ৰত উত্তৰ বিচৰাৰ লগতে গোটেই বিষয়টো বিবেচনাৰ বাবে লৈছে।

উল্লেখ্য যে মঙলবাৰে বাবা ৰামদেবে কৰ’নাৰ দৰৱ ক’ৰ’নিল উলিওৱাৰ দাবী কৰিছিল।

আয়ুষ মন্ত্ৰ্যালয়ে ৰামদেবৰ দাবীকলৈ প্ৰশ্ন তুলিছে আৰু চৰকাৰৰ বিনা অনুমতিত ক’ৰ’নিলৰ বিক্ৰী বন্ধ কৰিছে।

Related News