পত্নীৰ বিয়োগৰ পাছতে কোভিড আক্ৰান্ত উত্তৰাখণ্ডৰ বিজেপিৰ বিধায়ক সুৰেন্দ্ৰ সিঙৰ মৃত্যু

সুৰেন্দ্ৰ সিং

কোভিড সংক্ৰমিত হৈ চিকিৎসাধীন হৈ থকা উত্তৰাখণ্ডৰ বিজেপিৰ বিধায়ক সুৰেন্দ্ৰ সিং জিনাৰ বৃহস্পতিবাৰে দিল্লীৰ এখন চিকিৎসালয়ত দেহাৱসান ঘটে।

বিজেপিৰ বিধায়ক গৰাকীৰ মৃত্যুত উত্তৰাখণ্ডৰ মুখ্য মন্ত্ৰী ত্ৰিৱেন্দ্ৰ সিং ৰাৱাটে গভীৰ শোক ব্যক্ত কৰে।

‘‘ৰাজ্যই এগৰাকী শক্তিশালী আৰু ভাল নেতা হেৰুৱালে। সুৰেন্দ্ৰ সিং জিনা সদায় সক্ৰিয় হৈ থকা বিধায়ক সকলৰ ভিতৰত অন্যতম আছিল,’’ মুখ্য মন্ত্ৰী ত্ৰিৱেন্দ্ৰ সিং ৰাৱাটে এইদৰে কয়।

উল্লেখযোগ্য যে, কিছুদিন পূৰ্বে সুৰেন্দ্ৰ সিং জিনাৰ পত্নীৰ হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ মৃত্যু হৈছিল।

উত্তৰাখণ্ডৰ ৰাজ্যিক বিজেপিৰ সভাপতি বংশীধৰ ভগতেও সুৰেন্দ্ৰ সিং জিনাৰ মৃত্যুত শোক ব্যক্ত কৰি ৰাজ্যই এগৰাকী জনসেৱক হেৰুৱালে বুলি মত প্ৰকাশ কৰে।

সুৰেন্দ্ৰ সিং জিনাই উত্তৰাখণ্ডৰ আলমোৰা জিলাৰ চল্ট সমষ্টিৰ পৰা বিধায়ক হিচাপে নিৰ্বাচিত হৈছিল।

আজি বিধায়ক গৰাকীৰ নশ্বৰ দেহ দিল্লীৰ পৰা উত্তৰাখণ্ডলৈ লৈ যোৱা হ’ব আৰু উত্তৰাখণ্ডত কোভিড প্ৰট’কল অনুসৰি তেওঁ শেষ কৃত্য সম্পন্ন কৰা হ’ব।