NORTHEAST NOW (Assamese)

বিড়ম্বনা! চেলফি তুলিব গৈ হেলিকপ্টাৰ ব্লেডৰ আঘাতত প্ৰাণ হেৰুৱালে চৰকাৰী বিষয়াই

April 23, 2023 5:10 pm · এন ই নাও নিউজ, গুৱাহাটী
প্ৰতিনিধিত্বমূলক ছবি

উত্তৰাখণ্ডৰ কেদাৰনাথত আজি সংঘটিত হয় এক শোকাৱহ ঘটনা। এগৰাকী চৰকাৰী বিষয়াই হেলিকপ্টাৰৰ ভিতৰৰ পৰা শৰীৰ উলিয়াই চেলফি তুলিবলৈ চেষ্টা কৰাৰ অৱস্থাতে অসাৱধানৱশত: নিহত হয়।

নিহত বিষয়াগৰাকীক জিতেন্দ্ৰ কুমাৰ ছাইনী বুলি চিনাক্ত কৰা হৈছে। নিহত ছাইনী উত্তৰাখণ্ড অসামৰিক বিমান পৰিবহণ উন্নয়ন কৰ্তৃপক্ষৰ বিত্তীয় নিয়ন্ত্ৰক পদত অধিষ্ঠিত আছিল।

কেদাৰনাথ ধামৰ হেলিপেডত সংঘটিত হয় এই দুৰ্ঘটনা। চেলফি ল’বলৈ গৈ হেলিকপ্টাৰখনৰ টেইল ৰটাৰ ব্লেডৰ ৰেঞ্জলৈ আহিছিল ছাইনী আৰু সেই মুহূৰ্ততে ব্লেডৰ আঘাতৰ সন্মুখীন হয়।

এই আঘাততে প্ৰাণ হেৰুওৱায় জিতেন্দ্ৰ কুমাৰ ছাইনীয়ে। অক্ষয় তৃতীয় উপলক্ষে চৰ ধাম যাত্ৰা আৰম্ভ কৰাৰ এদিন পিছতে সংঘটিত হৈছে এই ঘটনা।

ইতিমধ্যে ১৬ লাখৰো অধিক লোকে তীৰ্থযাত্ৰাৰ বাবে নাম পঞ্জীয়ন কৰিছে।

Related News