• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 1, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home ক্ৰীড়া

ন্যায় লাভ নকৰা পৰ্যন্ত চলিব প্ৰতিবাদ: পুনৰ যন্তৰ-মন্তৰত দেশৰ তাৰকা মল্লযুঁজাৰু

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
April 23, 2023 5:58 pm
Wrestlers Protest
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দিল্লীৰ যন্তৰ-মন্তৰত পুনৰ সমবেত হৈছে দেশৰ তাৰকা মল্লযুঁজাৰুসকল। অলিম্পিক পদক বিজয়ী বজৰংগ পুনিয়া আৰু সাক্ষী মালিক আৰু কমনৱেলথ গেমছৰ পদক বিজয়ী বিনেশ ফ’গাটকে ধৰি ভাৰতৰ শীৰ্ষ আন্তঃৰাষ্ট্ৰীয় মল্লযুঁজাৰুসকল ভাৰতৰ মল্লযুঁজ ফেডাৰেচন (ডব্লিউ এফ আই) আৰু ফেডাৰেচনৰ সভাপতি ব্রিজ ভূষণ চৰণ সিঙৰ বিৰুদ্ধে যন্তৰ-মন্তৰত পুনৰ প্রতিবাদ আৰম্ভ কৰিবলৈ সমবেত হৈছে।

উল্লেখ্য যে তিনিমাহ পূৰ্বে একে স্থানতে ভাৰতৰ মল্লযুঁজ ফেডাৰেচন (ডব্লিউ এফ আই) আৰু ফেডাৰেচনৰ সভাপতিৰ বিৰুদ্ধে কেতবোৰ চাঞ্চল্যকৰ অভিযোগ উত্থাপনেৰে প্ৰতিবাদ সাব্যস্ত কৰি আলোড়নৰ সৃষ্টি কৰিছিল দেশৰ তাৰকা মল্লযুঁজাৰুসকলে। উক্ত প্ৰতিবাদৰ পিছত হোৱা আলোচনাৰ সময়ত নিৰ্ধাৰণ কৰা চৰ্ত পূৰণ নকৰাৰ অভিযোগত মল্লযুঁজাৰুসকল আজি পুনৰ যন্তৰ-মন্তৰত ধৰ্মঘটত বহিছে।

Apply Now

আজি সংবাদ মাধ্যমৰ আগত সাক্ষী মালিক আৰু বিনেশ ফ’গাটে কয় যে নাবালিকাকে ধৰি কেইবাগৰাকীও মহিলা মল্লযুঁজাৰুৰ ওপৰত যৌন নিৰ্যাতন চলোৱাৰ অভিযোগত দিল্লী আৰক্ষীয়ে ব্রিজ ভূষণ চৰণ সিঙৰ বিৰুদ্ধে এফআইআৰ ৰুজু কৰাত ব্যর্থ হোৱাৰ বাবে তেওঁলোকে যন্তৰ মন্তৰলৈ উভতি আহিবলৈ বাধ্য হৈছে৷ মল্লযুঁজাৰুসকলৰ অভিযোগ মতে, শুকুৰবাৰে নতুন দিল্লীৰ কন’ট প্লেচ থানাত অভিযোগ দাখিল কৰা হৈছিল যদিও এতিয়াও এফআইআৰ দাখিল কৰা হোৱা নাই।

বিগত জানুৱাৰী মাহত মল্লযুঁজাৰুসকলে প্ৰতিবাদ সাব্যস্ত কৰি ডব্লিউ এফ আইৰ সভাপতি ব্রিজ ভূষণ শৰণ সিঙৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ উত্থাপন কৰিছিল আৰু তেওঁৰ পদত্যাগৰ দাবী জনাইছিল৷ লগতে মল্লযুঁজাৰুসকলক মানসিকভাৱে হাৰাশাস্তি কৰাৰ লগতে মল্লযুঁজাৰুসকলে ইয়াৰ বিৰুদ্ধে মাত মাতিবলৈ চেষ্টা কৰাৰ সময়ত তেওঁলোকক মৃত্যুৰ ভাবুকি দিয়া বুলিও অভিযোগ তুলিছিল।

তদুপৰি ডব্লিউ এফ আই ধনৰ অপব্যৱহাৰত জড়িত থকাৰ অভিযোগো উত্থাপন কৰিছিল মল্লযুঁজাৰুসকলে। বিনেশ ফ’গাট, বজৰং পুনিয়া, সাক্ষী মালিক আৰু ৰবি কুমাৰ দহিয়াৰ দৰে খেলুৱৈয়ে জানুৱাৰী মাহত ক্ৰীড়া মন্ত্ৰী অনুৰাগ ঠাকুৰক সাক্ষাৎ কৰিছিল। ক্ৰীড়া মন্ত্ৰালয়ে প্ৰতিবাদকাৰী মল্লযুঁজাৰুসকলৰ অভিযোগৰ পাছতে মেৰী কমৰ নেতৃত্বত এখন তদাৰকী সমিতি গঠন কৰি এই অভিযোগৰ তদন্ত কৰে।

কমিটীক প্ৰতিবেদন দাখিল কৰিবলৈ চাৰি সপ্তাহৰ সময়সীমা দিয়া হৈছিল যদিও সেই সময়সীমা কেইবাবাৰো বৃদ্ধি কৰা হৈছিল। আজি প্ৰতিবাদী মল্লযুঁজাৰুসকলে তদাৰকী সমিতিৰ প্ৰতিবেদন ৰাজহুৱা কৰাৰ লগতে ডব্লিউ এফ আই আৰু ইয়াৰ সভাপতিৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী জনায়।

“যোৱা তিনিমাহ ধৰি আমি কমিটীৰ মানুহ, ক্ৰীড়া মন্ত্ৰালয়ৰ লোকৰ সৈতে যোগাযোগ কৰিবলৈ চেষ্টা কৰি আহিছো। আমাৰ ফোনকল কোনেও গ্ৰহণ কৰা নাই, আমি যুঁজি যাম, যন্তৰ মন্তৰতে প্ৰতিবাদ অব্যাহত ৰাখিম। আমি ন্যায় লাভ নকৰা পৰ্যন্ত যুঁজ দিম।”- সংবাদ মাধ্যমৰ আগত আজি এইদৰে কয় বিনেশ ফ’গাটে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

, মাংস বেছিকৈ খোৱাৰ বাবেই বন্ধুক নৃশংসভাৱে হত্যা! সামান্য কথা কাটাকাটিৰ পৰিণতিত ৰক্তাক্ত কাণ্ড

, মাংস বেছিকৈ খোৱাৰ বাবেই বন্ধুক নৃশংসভাৱে হত্যা! সামান্য কথা কাটাকাটিৰ পৰিণতিত ৰক্তাক্ত কাণ্ড

September 1, 2026 9:45 pm
বছৰৰ প্ৰথম তিনি মাহতে বৃদ্ধি ৭.৮ শতাংশ জিডিপি : কিন্তু দেশ আগুৱাইছে কিমান?

বছৰৰ প্ৰথম তিনি মাহতে বৃদ্ধি ৭.৮ শতাংশ জিডিপি : কিন্তু দেশ আগুৱাইছে কিমান?

September 1, 2026 8:44 pm
ককৰোছ পাৰ্টিৰ আন্দোলনত ৰুজু হোৱা সকলো গোচৰ বাতিল কৰিলে উচ্চতম ন্যায়ালয়ে

ককৰোছ পাৰ্টিৰ আন্দোলনত ৰুজু হোৱা সকলো গোচৰ বাতিল কৰিলে উচ্চতম ন্যায়ালয়ে

September 1, 2026 7:40 pm
তেওঁলোকে ভাৰতত ছোনীয়া গান্ধীৰ স্মৃতিকথা প্ৰকাশ কৰিবলৈ নিদিয়ে

তেওঁলোকে ভাৰতত ছোনীয়া গান্ধীৰ স্মৃতিকথা প্ৰকাশ কৰিবলৈ নিদিয়ে

September 1, 2026 6:45 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

, মাংস বেছিকৈ খোৱাৰ বাবেই বন্ধুক নৃশংসভাৱে হত্যা! সামান্য কথা কাটাকাটিৰ পৰিণতিত ৰক্তাক্ত কাণ্ড

, মাংস বেছিকৈ খোৱাৰ বাবেই বন্ধুক নৃশংসভাৱে হত্যা! সামান্য কথা কাটাকাটিৰ পৰিণতিত ৰক্তাক্ত কাণ্ড

September 1, 2026 9:45 pm
বছৰৰ প্ৰথম তিনি মাহতে বৃদ্ধি ৭.৮ শতাংশ জিডিপি : কিন্তু দেশ আগুৱাইছে কিমান?

বছৰৰ প্ৰথম তিনি মাহতে বৃদ্ধি ৭.৮ শতাংশ জিডিপি : কিন্তু দেশ আগুৱাইছে কিমান?

September 1, 2026 8:44 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd