NORTHEAST NOW (Assamese)

গোলাঘাটত আজিৰে পৰা আৰম্ভ হ’ল ১৮-৪৪ বছৰ বয়সৰ লোকক কভিড-১৯ প্ৰতিৰোধী ভেকচিন প্ৰদান প্ৰক্ৰিয়া

May 7, 2021 4:19 pm · মীনাক্ষী ফুকন

 গোলাঘাটত আজিৰে পৰা ১৮ বছৰৰ পৰা ৪৪ বছৰ  বয়সৰ লোক সকলক প্ৰথম পৰ্যায়ৰ কভিড ভেকচিন প্ৰদান কৰা হয়।

স্বাস্থ্য বিভাগৰ উদ্যোগত গোলাঘাট নগৰৰ দুটাকৈ কোভিড-১৯ প্ৰতিৰোধী ভেকচিন কেন্দ্ৰত কভেকচিনৰ প্ৰথম ভেকচিন প্ৰদান কৰা হৈছে ।

গোলাঘাট স্পৰ্টছ অথৰটি কমপ্লেক্স আৰু মাৰোৱাৰী সন্মিলন গোলাঘাট শাখাৰ সহযোগত সুভাষ কলনিস্থিত গজানন্দ জালান সেৱা সদনত ভেকচিন প্ৰদান কৰিছে স্বাস্থ্য বিভাগে ।

অনলাইন যোগে পঞ্জীয়ন  কৰা লোকক দুয়োটা ভেকচিন  উক্ত কেন্দ্ৰতে  প্ৰদান কৰা হ’ব।

১৫০ জনকৈ মুঠ ৩০০ লোকক ভেকচিন প্ৰদান কৰা হ’ব বুলি জানিব পৰা গৈছে।

ভেকচিন ল’বলৈ পুৱাৰে পৰা দুয়োটা কেন্দ্ৰতে জনসাধাৰণে শাৰী পতা পৰিলক্ষিত হয়।

Related News