DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, June 29, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

শিলচৰত সানমিহলি হৈ পৰিল ভেকচিন; প্ৰথমটো ড’জ কোভাক্সিন, দ্বিতীয়টো কোভিশ্বিল্ড!

সত্ৰাজিৎ পালচৌধুৰী by সত্ৰাজিৎ পালচৌধুৰী
May 28, 2021 8:58 am
100-1-1140x570
295
VIEWS
Share on FacebookShare on Twitter

এক আশ্চৰ্যজনক ঘটনা! বৰাক উপত্যকাৰ কাছাৰ জিলাৰ শিলচৰৰ প্ৰণৱানন্দ বিদ্যামন্দিৰৰ শিক্ষক গণনাথ ভট্টাচাৰ্যৰ ক্ষেত্ৰত ঘটিল এই ঘটনা। চৰকাৰৰ দ্বাৰা অনুমোদিত দুৰ্গাশংকৰ পাঠশালা টীকাকৰণ কেন্দ্ৰত সংঘটিত হৈছে ঘটনাটো।

টীকাকৰণ কেন্দ্ৰটোত ভট্টাচাৰ্যক প্ৰথমটো ড’জ কোভাক্সিন লোৱা সত্তেও দ্বিতীয়টো ড’জ কোভিশ্বিল্ড দিবলৈ প্ৰায় উদ্যত হৈছিল।

‘’মই স্বাভাৱিকতে আচৰিত। মই লগে লগে বিষয়টো কেন্দ্ৰটোৰ বিষয়াৰ দৃষ্টিগোচৰ কৰিছিলো আৰু তেওঁলোকে ইয়াক শুধৰাই লয়,’’-ভট্টাচাৰ্যই কয়।

স্বাভাৱিকতেই এইটো অতি আশ্চৰ্যজনক ঘটনা। আনহাতে, এক অতি বিশ্বাসযোগ্য সূত্ৰৰ পৰা নৰ্থইষ্ট নাওৱে জানিব পৰা মতে এই টীকাকৰণ কেন্দ্ৰটোত আগতেওঁ এনেধৰণৰ ঘটনা ঘটিছিল।

‘’মই এই বিষয়ত কোনো অভিযোগ লাভ কৰা নাই,’’-কাছাৰ স্বাস্থ্য বিভাগৰ ভাৰপ্ৰাপ্ত যুটীয়া সঞ্চালক ডাঃ বি জে দেব শিকদাৰে কয়।

আনহাতে, এই কেন্দ্ৰসমূহত ভেকচিনৰ সংৰক্ষণ ব্যৱস্থাৰ বিষয়ে সোধাত তেওঁ কয়,’’আচলতে মই এই টীকাকৰণ কেন্দ্ৰসমূহৰ দায়িত্বত নাই। এই কেন্দ্ৰবোৰ জিলা টীকা প্ৰদান বিষয়াই নিৰীক্ষণ কৰে। কিন্তু মই আপোনালোকক এইখিনয়েই ক’ব পাৰো এই টীকাকৰণ কেন্দ্ৰবোৰৰ পৰা কোনো বিৰূপ প্ৰতিবেদন লাভ কৰা নাই।‘’

ইয়াৰ মাজতে উল্লেখ কৰিব পাৰি যে চলিত বৰ্ষৰ জানুৱাৰী মাহৰ প্ৰথম সপ্তাহত শিলচৰ মেডিকেল কলেজ হাস্পাতালত প্ৰায় ১০০০ কোভিশ্বিল্ডৰ ড’জ পেলাই দিবলগীয়া হৈছিল।

এনেধৰণৰ ব্যাপক খেলিমেলিবোৰ ইয়াত চলি আছে। দুৰ্ভাগ্যজনকভাৱে স্থানীয় প্ৰশাসনে কোনো শিক্ষা লোৱা দেখা পোৱা নাই। বৰঞ্চ প্ৰশাসনে এতিয়াও একধৰণৰ স্থিতাৱস্থাৰ মাজেৰেই চলি থাকিব বিচৰা বুলি ক’ব পাৰি।

আনহাতে, ভট্টাচাৰ্যই দ্বিতীয় ড’জ ল’বলৈ যাবলগীয়া লোকসকললৈ এক পৰামৰ্শ আগবঢ়াইছে।

‘’অনুগ্ৰহ কৰি ক্ৰুৱেট (ভেকচিন ড’জৰ বটলটো)টো চাব। আপুনি ল’বলগীয়া ভেকচিনটো হয়নে নিশ্চিত কৰি ল’ব,’’-ভট্টাচাৰ্যই সোঁৱৰাই দিয়ে।

Tags: COVID-19

Recent News

ONGC Helicopter accident

জৰুৰী অৱতৰণ কৰিবলৈ গৈ আৰৱ সাগৰত পৰিল অ’এনজিচিৰ হেলিকপ্টাৰ: চাৰিজন নিহত

Mohammed Zubair

সাংবাদিক মহম্মদ জুবেইৰক চাৰিদিনৰ আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ

Telangana

লক্ষ্য সজাগতা সৃষ্টি: ২০৮ দিন খোজ কাঢ়ি কেইবাখনো ৰাজ্য পাৰ হৈ বিশ্বনাথত উপস্থিত তেলেঙ্গানাৰ যুৱক

Maharashtra crisis

কোন কাটাপ্পা কোন বাহুবলী! গুৱাহাটীত দেখা গৈছে কাটাপ্পা আৰু বাহুবলীক

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd