কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বিভাগীয় হাতীক জলাতংক ৰোগৰ প্ৰতিষেধক চিটা প্ৰদান

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কাষৰীয়া অঞ্চলত জুলাই মাহৰ পৰা যথেষ্ট সংখ্যক পশুধনৰ জলাতংক ৰোগত মৃত্যু হোৱাৰ পিচত আজিৰে পৰা ৰাষ্ট্ৰীয় উদ্যানখনৰ বিভাগীয় হাতীক জলাতংকৰ প্ৰতিষেধক প্ৰদান কৰা হয় ৷

উল্লেখযোগ্য যে, বিগত ২৮ জুলাইৰ পৰা আজি পৰ্যন্ত কাজিৰঙাৰ কাষৰীয়া ৰঙাজান অঞ্চলত ১৩ টা গৰু, কহঁৰাৰ পিলখানা অঞ্চলত ২ টা গৰু আৰু মিহিমুখ অঞ্চলত ১ গৰুৰ জলাতংক ৰোগত মৃত্যু হৈছে বুলি পশু চিকিৎসা বিভাগৰ তথ্যত প্ৰকাশ পাইছে ৷

ইয়াৰ পটভূমিত বিভাগীয় হাতীক এই ৰোগৰ পৰা ৰক্ষা কৰাৰ বাবেই কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই আজি ৰাষ্ট্ৰীয় উদ্যানখনৰ কহঁৰা ৰেঞ্জৰ সকলো বিভাগীয় হাতীক জলাতংকৰ প্ৰতিষেধক চিটা প্ৰদান কৰে।

আজি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বিভাগীয় পশু চিকিৎসক ডা৹ বিশ্বজিত বৰুৱাৰ নেতৃত্বত কহঁৰাৰ মুঠ ২৫ টা হাতীক জলাতংকৰ প্ৰতিষেধক চিটা প্ৰদান কৰা হয় ৷

পৰৱৰ্তী সময়ত ৰাষ্ট্ৰীয় উদ্যানৰ বিভিন্ন ৰেঞ্জত থকা বিভাগীয় হাতী বোৰকো এই চিটা প্ৰদান কৰা হব বুলি উদ্যান কৰ্তৃপক্ষই জানিবলৈ দিয়ে ৷ 

ইপিনে, ৰাষ্ট্ৰীয় উদ্যানখনৰ বিশ্বনাথ বন সংমণ্ডলতো বিভাগীয় হাতীক এই প্ৰতিষেধক চিটা প্ৰদান কৰা বুলি বন সংমণ্ডল প্ৰধিকাৰীয়ে জনাইছে ৷