NORTHEAST NOW (Assamese)

টকাৰ মূল্যত বৃহৎ পতন; প্ৰতি আমেৰিকান ডলাৰত হ’লগৈ ৭৭.৭২ টকা

May 19, 2022 8:08 pm · এন ই নাও নিউজ, গুৱাহাটী

ভাৰতীয় টকাৰ মূল্য আৰু কমিল। বৃহস্পতিবাৰে বজাৰৰ সামৰণিত টকা প্ৰতি ডলাৰত ৭৭.৭২ টকালৈ বৃদ্ধি পাইছে। এই হাৰত টকাৰ মূল্য হ্ৰাস হোৱাটো এতিয়ালৈকে সৰ্বকালৰ অভিলেখ।

বুধবাৰে প্ৰতি ডলাৰত টকাৰ মূল্য আছিল ৭৭ টকা ৬১ পইচা। আজিৰ দিনটোত ব্যৱসায়িক লেনদেনৰ এটা সময়ত প্ৰতি ডলাৰত টকাৰ মূল্য ৭৭ টকা ৭৬ পইচালৈ হ্ৰাস পায়। শেষত ই ৭৭.৭২টকাত ত উপনীত হয়।

কৰ’না মহামাৰীৰ পিছৰে পৰা সমগ্ৰ বিশ্বৰ দৰে ভাৰতীয় অৰ্থনীতিও এক বিপৰ্যয়ৰ সন্মুখীন হৈছে। যোৱা কেইমাহত, ইউক্ৰেইনত ৰাছিয়াৰ যুদ্ধৰ ফলত ইন্ধন তেলকে ধৰি বিভিন্ন সামগ্ৰীৰ মূল্য বৃদ্ধি পাইছে। ফলস্বৰূপে, টকাৰ মূল্য হ্ৰাস হৈ আছে।

গ্ল’বেল অইল বেঞ্চমাৰ্ক ব্ৰেণ্ট ক্ৰুড ফিউচাৰ ১.৮৭ শতাংশ হ্ৰাস হৈ প্ৰতি বেৰেলত ১০৭.০৭ আমেৰিকান ডলাৰ হৈছে।

বিএছই ৩০-শ্বেয়াৰৰ চেনছেক্স ১,৪১৬.৩০ পইণ্ট বা ২.৬১ শতাংশ হ্ৰাস হৈ ৫২,৭৯২.২৩ ত সমাপ্ত হয়, আনহাতে বিশাল এনএছই নিফ্টি  ৪৩০.৯০ পইণ্ট বা ২.৬৫ শতাংশ হ্ৰাস হৈ ১৫,৮০৯.৪০-ত উপনীত হয়।

Related News