গুৱাহাটীৰ ৰিহাবাৰীত অৱস্থিত আৰ্য হাস্পাতালক NABH (নেশ্যনেল এক্ৰিডিয়েশ্যন বোৰ্ড ফৰ হাস্পাতাল এণ্ড হেল্থকেয়াৰ প্ৰভাইডাৰ্ছ)য়ে ইয়াৰ স্বীকৃতি কাৰ্যসূচীৰ অধীনত যোৱা ১১ মেত সম্পূৰ্ণ স্বীকৃতি প্ৰদান কৰে।
নেশ্যনেল এক্ৰিডিয়েশ্যন বোৰ্ড ফৰ হাস্পাতাল এণ্ড হেল্থকেয়াৰ প্ৰভাইডাৰ্ছ (NABH) হৈছে স্বাস্থ্যসেৱা সংগঠনবোৰৰ বাবে স্বীকৃতি কাৰ্যসূচী স্থাপন আৰু পৰিচালনা কৰিবলৈ ভাৰতীয় মানদণ্ড পৰিষদে গঠন কৰা এক পৰিষদ।
পৰিষদখন গ্ৰাহকসকলৰ বহুতো আকাংক্ষিত প্ৰয়োজনীয়তাসমূহ পূৰণ কৰিবলৈ তথা স্বাস্থ্য উদ্যোগৰ প্ৰগতিৰ বাবে এক মানদণ্ড নিৰূপণ কৰিবলৈ গঠন কৰা হৈছে।
উদ্যোগ, উপভোক্তা, চৰকাৰকে ধৰি সকলো অংশীদাৰৰ দ্বাৰা সমৰ্থিত পৰিষদখনৰ কাৰ্য পৰিচালনা সম্পূৰ্ণ স্বায়ত্তশাসিত।
NABH ইন্টাৰনেশ্যনেল ছচাইটি ফৰ কোৱালিটি ইন হেলথকেয়াৰ (lSQua)ৰ প্ৰতিষ্ঠানিক সদস্য। সেইদৰে, NABH ইন্টাৰনেশ্যনেল ছচাইটি ফৰ কোৱালিটি ইন হেলথকেয়াৰ (lSQua)ৰ স্বীকৃতি প্ৰদান পৰিষদৰ এক সদস্য। তদুপৰি, NABH এছিয়ান ছচাইটি ফৰ কোয়ালিটি ইন হেল্থকেয়াৰ (ASQua)ৰ বোৰ্ডতো আছে।
স্বাস্থ্যসেৱাৰ মানদণ্ড প্ৰদান আৰু NABHৰ দ্বাৰা নিৰ্ধাৰিত কঠিন মানদণ্ডৰ দ্বাৰা প্ৰয়োজন অনুসৰি ৰোগীৰ সুৰক্ষা নিশ্চিত কৰাৰ বাবে প্ৰত্যাশিত NABHৰ স্বীকৃতি প্ৰদান কৰা আৰ্য হাস্পাতাল হৈছে অসমৰ ষষ্ঠখন হাস্পাতাল যাক ইণ্টাৰনেচনেল ছ’চাইটি ফৰ কোয়ালিটি ইন হেল্থকেয়াৰ (lSQua) আৰু এছিয়ান ছ’চাইটি ফৰ কোয়ালিটি ইন হেল্থকেয়াৰ (ASQua)ৰ দ্বাৰাও স্বীকৃতি দিয়া হৈছে।
আৰ্য হাস্পাতাল এতিয়া NABHৰ সম্পূৰ্ণ স্বীকৃতিপ্ৰাপ্ত অসমৰ ষষ্ঠখন হাস্পাতাল হিচাপে উত্তৰ-পূৰ্বাঞ্চলত স্বাস্থ্যসেৱাৰ কেন্দ্ৰ হিচাপে পৰিচিত গুৱাহাটীৰ স্বাস্থ্যখণ্ডৰ বাবে এক উৎসাহজনক খৱৰ হৈ পৰিছে।
অসমৰ ছয়খন স্বীকৃত হাস্পাতালেই ব্যক্তিগত খণ্ডৰ হাস্পাতাল। ৰাজ্যখনত ১৮০০তকৈও অধিক ব্যক্তিগত হাস্পাতাল আছে।
অসমৰ NABHৰ সম্পূৰ্ণ স্বীকৃতিপ্ৰাপ্ত আন হাস্পাতালকেইখন হৈছে ডাউন টাউন হাস্পাতাল, নাৰায়ণ হৃদয়ালয় গুৱাহাটী, হেল্থ চিটি, জিএনআৰচি, উত্তৰ গুৱাহাটী আৰু যোৰহাটৰ চন্দ্ৰপ্ৰভা চকু চিকিৎসালয়।