• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, September 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

দুর্ভাগ্যই লগ নেৰা হৈছে বন্দে ভাৰতক! এইবাৰ পুনৰ ষাঁড় গৰুক খুন্দিয়ালে বন্দে ভাৰত এক্সপ্ৰেছে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 3, 2022 5:13 pm
Vande Bharat Express hits cattle in Gujarat, 4th incident in 2 months
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জাকজমকতাৰে দেশবাসীৰ নামত মুকলি কৰা বহুচৰ্চিত বন্দে ভাৰত এক্সপ্ৰেছ নামৰ দ্ৰুত গতিৰ ৰেলখনক বিপদে যেন লগ নেৰা হৈছে। উদ্বোধনৰ পাছৰ পৰাই তিনিবাৰকৈ দুৰ্ঘটনাগ্ৰস্ত হোৱা ৰে’লখন বৃহস্পতিবাৰে পুনৰ যাত্ৰাৰ সময়তে এটা ষাঁড় গৰুক খুন্দিয়াই ক্ষতিগ্ৰস্ত হৈছে।

গান্ধীনগৰ-মুম্বাই পথত চলাচল কৰা দ্ৰুততৰ ৰে’লখনে বৃহস্পতিবাৰে সন্ধিয়া গুজৰাটৰ উদভাদা আৰু ভাপি ষ্টেচনৰ মাজত এটা ষাঁড় গৰুক খুন্দা মাৰে বুলি ৰে’লৱেৰ এগৰাকী বিষয়াই জানিবলৈ দিছে।

Apply Now

তেওঁ লগতে কয় যে এই দুৰ্ঘটনাৰ ফলত ৰে’লখনৰ সন্মুখভাগ কিছু ক্ষতিগ্ৰস্ত হয়। দুমাহ পূর্বে চলাচল আৰম্ভ কৰাৰ পাছত এই পথত কেন্দ্ৰীয় চৰকাৰৰ বিশেষ অভিলাষী ৰে’লখন চতুর্থবাৰৰ এনে দুৰ্ঘটনাত পতিত হৈছে৷

পশ্চিম ৰেলৱেৰ মুখ্য জনসংযোগ বিষয়া সুমিত ঠাকুৰে জানিবলৈ দিয়া মতে, উদভাদা আৰু ভাপিৰ মাজত ৮৭ নং লেভেল ক্ৰছিং গেটৰ সমীপত সন্ধিয়া প্ৰায় ৬.২৩ বজাত সংঘটিত হয় এই ঘটনা।

তেওঁ লগতে ৰে’লখনৰ সন্মুখৰ অংশত কিছু ক্ষতিগ্ৰস্ত হোৱাৰ বিপৰীতে আন কোনো ধৰণৰ বিশেষ সমস্যা হোৱা নাছিল বুলি জানিবলৈ দিয়ে। দুৰ্ঘটনাৰ পাছত কিছু সময় দুৰ্ঘটনাস্থলীত ৰোৱাৰ পিছত সন্ধিয়া ৬.৩৫ বজাত পুনৰ যাত্ৰা আৰম্ভ কৰে ৰে’লখনে।

স্মৰ্তব্য যে এইদৰে বাৰে বাৰে গৰু-ম’হত খুন্দা খোৱাৰ বাবে শেহতীয়াকৈ এনে দুৰ্ঘটনা ৰোধৰ লক্ষ্যৰে বন্দে ভাৰত এক্সপ্ৰেছৰ যাত্ৰাপথৰ চাৰিওফালে থকা সকলো গাঁওৰ মুৰব্বীলৈ এখন পত্ৰ প্ৰেৰণ কৰিছিল ৰে’ল বিভাগে।

ৰে’ল বিভাগে এই পত্ৰ যোগে গাঁওবাসীক পোহনীয়া জন্তুৰ ওপৰত নজৰ ৰাখিবলৈ নিৰ্দেশ দিয়া হৈছিল। যদি তেওঁলোকে এই আদেশ পালন নকৰে, পশুপালকসকলৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা লোৱা হ’ব বুলিও স্পষ্ট কৰি দিয়া হৈছিল।

উল্লেখ্য যে বন্দে ভাৰত অভিযানৰ অধীনস্থ তৃতীয় যাতায়ত সেৱাৰ ৰূপত যোৱা মাহত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰে’লখনৰ ফ্লেগ অফ কৰিছিল।

উদ্বোধনৰ সময়ত মোদীয়ে গান্ধীনগৰৰ পৰা আহমেদাবাদৰ কালুপুৰ ৰে’ল ষ্টেচনলৈ যাত্ৰাও কৰিছিল।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ইছৰোৰ বৃহৎ সফলতা! ভাৰতৰ মহাকাশ গৱেষণাৰ দিশত সংযোজন হ’ল আন এক ঐতিহাসিক কৃতিত্ব

ইছৰোৰ বৃহৎ সফলতা! ভাৰতৰ মহাকাশ গৱেষণাৰ দিশত সংযোজন হ’ল আন এক ঐতিহাসিক কৃতিত্ব

September 4, 2026 1:12 pm
পাকিস্তান সীমান্তত আকাশ দখল কৰি বৃহৎ যুদ্ধ অনুশীলন চলাব ভাৰতে, জাৰি নোটাম

পাকিস্তান সীমান্তত আকাশ দখল কৰি বৃহৎ যুদ্ধ অনুশীলন চলাব ভাৰতে, জাৰি নোটাম

September 4, 2026 12:24 pm
ইউক্ৰেইনক অস্ত্ৰ যোগানক লৈ বিপদত এষ্ট’নিয়া; বিতৰ্কত ভাৰতীয় কোম্পানী, প্ৰতিৰক্ষা মন্ত্ৰীৰ পদত্যাগ

ইউক্ৰেইনক অস্ত্ৰ যোগানক লৈ বিপদত এষ্ট’নিয়া; বিতৰ্কত ভাৰতীয় কোম্পানী, প্ৰতিৰক্ষা মন্ত্ৰীৰ পদত্যাগ

September 4, 2026 11:31 am
নেপালৰ বিধ্বংসী বানৰ ৯ দিন পাছত জলবিদ্যুৎ প্ৰকল্পৰ সুৰংগৰ পৰা জীৱন্তে উদ্ধাৰ দুজন শ্ৰমিক

নেপালৰ বিধ্বংসী বানৰ ৯ দিন পাছত জলবিদ্যুৎ প্ৰকল্পৰ সুৰংগৰ পৰা জীৱন্তে উদ্ধাৰ দুজন শ্ৰমিক

September 4, 2026 10:40 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ইছৰোৰ বৃহৎ সফলতা! ভাৰতৰ মহাকাশ গৱেষণাৰ দিশত সংযোজন হ’ল আন এক ঐতিহাসিক কৃতিত্ব

ইছৰোৰ বৃহৎ সফলতা! ভাৰতৰ মহাকাশ গৱেষণাৰ দিশত সংযোজন হ’ল আন এক ঐতিহাসিক কৃতিত্ব

September 4, 2026 1:12 pm
পাকিস্তান সীমান্তত আকাশ দখল কৰি বৃহৎ যুদ্ধ অনুশীলন চলাব ভাৰতে, জাৰি নোটাম

পাকিস্তান সীমান্তত আকাশ দখল কৰি বৃহৎ যুদ্ধ অনুশীলন চলাব ভাৰতে, জাৰি নোটাম

September 4, 2026 12:24 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd