• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, October 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বন্দ্যা ইন্টাৰনেশ্যনেল বিদ্যালয়ৰ ৬০ বিঘা মাটি প্ৰকৃততে কাৰ; মুখ্যমন্ত্ৰীৰ নিজা নে চৰকাৰৰ?

কল্পজ্যোতি শইকীয়া, গুৱাহাটী by কল্পজ্যোতি শইকীয়া, গুৱাহাটী
August 24, 2022 2:37 pm
77
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিশ্বমানৰ ব্যক্তিগত বিদ্যালয়ৰ স্বত্বাধিকাৰী মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা আৰু তেওঁৰ পত্নী। তেওঁলোক দুয়োৰে সপোনৰ প্ৰকল্প আছিল এই বিদ্যালয়…

কিন্তু মুখ্যমন্ত্ৰী-পত্নীৰ সম্পত্তি বনাম তেওঁলোকৰ সপোনৰ বিদ্যালয়খন হৈ পৰিছে।

Apply Now

উত্তৰ গুৱাহাটীৰ আমিনগাঁওৰ দৰে ঠাইত ৬০ বিঘা এলেকা জুৰি মুকলি কৰা হৈছে বন্দ্যা ইন্টাৰনেশ্যেনেল স্কুল।

প্ৰশ্ন হৈছে, ৬০ বিঘা মাটি কেনেকৈ আহিল মুখ্যমন্ত্ৰীৰ হাতলৈ? ক্ৰয়ৰ বাবে ধন কেনেকৈ পালে মুখ্যমন্ত্ৰী-পত্নীয়ে? ইমান বৃহৎ পৰিমাণৰ সম্পত্তিৰ অধিকাৰী কেনেকৈ হ’ল মুখ্যমন্ত্ৰী আৰু তেওঁৰ পৰিবাৰ?
উন্নত তথা অত্যাধুনিক বিদ্যালয়ৰ আন্তঃগাঁথনি নিৰ্মাণৰ বাবে নিশ্চয় শ-শ কোটি টকা খৰচ হৈছে মুখ্যমন্ত্ৰীৰ লগতে তেওঁৰ পৰিবাৰ ৰিণিকি ভূঞা এণ্ড হাৰ কোম্পানীৰ।

কেনেকৈ আটকধুনীয়া আন্তঃৰাষ্ট্ৰীয় পৰ্য্যায়ৰ বিদ্যালয়ৰ আন্তঃগাঁথনি নিৰ্মাণৰ বাবদ শ-শ কোটি টকা খৰচ কৰিব পাৰিলে মুখ্যমন্ত্ৰীৰ পত্নীয়ে?

তাৰ পূৰ্বে আমি পাঠকসকলক জনাব বিচাৰিছো মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা আৰু তেওঁৰ পৰিয়ালে ২০২১ ৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে নিৰ্বাচন আয়োগত দাখিল কৰা শপতনামাত উল্লেখ কৰা সম্পত্তিৰ তালিকাখন।

মুখ্যমন্ত্ৰীৰ অস্থাৱৰ সম্পত্তিৰ মূল্য ১,৭২,৪৯,৩৫৪ টকা। ইয়াৰে হাতে জমা মাত্ৰ ২৫২০০ টকা

মুখ্যমন্ত্ৰীৰ পত্নীৰ অস্থাৱৰ সম্পত্তিৰ মূল্য ১০,১৭,৩৫,৯৬১ টকা আৰু পত্নীৰ হাতে জমা আছে মাত্ৰ ৩১,৫০০ টকা।

মুখ্যমন্ত্ৰীৰ SBI সচিবালয় শাখাত জমা আছে ৪৫ লাখ ৮১ হাজাৰ টকা। পত্নী ৰিণিকি ভূঞাৰ জু-ৰোডৰ AXIS বেংকত জমা আছে ১৬,৮৯,৯৯৪ টকা

মুখ্যমন্ত্ৰীৰ সোণৰ আ-অলংকাৰ আছে ৭,৭৪,০০০ টকা মূল্যৰ আৰু পত্নীৰ সোণৰ আ-অলংকাৰ আছে ৬০,৬০,৫০০ টকাৰ।
এতিয়া আহিছো মুখ্যমন্ত্ৰী আৰু তেওঁৰ পত্নীৰ স্থাৱৰ সম্পত্তিৰ হিচাপলৈ।
স্থাৱৰ সম্পত্তিৰ নামত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিজৰ বুলিবলৈ একোৱেই নাই।

কিন্তু তেওঁৰ পত্নী ৰিণিকি ভূঞা শৰ্মাৰ নামত আছে গুৱাহাটী, উত্তৰ গুৱাহাটীৰ কেইবাটাও স্থানত মাটি আৰু বিল্ডিঙ।
ৰিণিকি ভূঞা শৰ্মাৰ গুৱাহাটীত থকা মাটিৰ পৰিমাণ ক্ৰমে : নুনমাটিত ৪ কঠা ১০ লেচা মাটি
RG Baruah ৰোডৰ উদয় পথত ২ কঠা ১০ লেচা মাটি, উত্তৰ গুৱাহাটীৰ গৌৰীপুৰত ১ বিঘা ২ কঠা ৬ লেচা মাটি, গৌৰীপুৰতে (দাগ নং ২৩৪০) ত আছে ১ বিঘা ২ কঠা ৬ লেচা

তাত্পৰ্য্যপূৰ্ণভাৱে উত্তৰ গুৱাহাটীৰ আমিনগাঁওৰ তুলাৰাম বাফনা অসামৰিক চিকিত্সালয়ৰ কাষত থকা বন্দ্যা ইন্টাৰনেশ্যেনেল স্কুলৰ ৬০ বিঘা মাটিৰ হিচাপ নিৰ্বাচন আয়োগত দাখিল কৰা শপতনামাত উল্লেখ নাই।
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু তেওঁৰ সপোনৰ প্ৰকল্প বন্দ্যা ইন্টাৰনেশ্যেনেল স্কুলখন
চৰকাৰী মাটিত স্থাপন কৰা হৈছে নেকি?

এই প্ৰশ্নৰ অৱতাৰণা এইবাবেই হৈছে যে নিৰ্বাচন আয়োগত দাখিল কৰা শপতনামাত সেই মাটিৰ কথা উল্লেখ কৰা নাই।

হয়তো কোনো ব্যক্তিগত সংস্থা বা ট্ৰাষ্টক সেই চৰকাৰী মাটি লিজত দিব পাৰে,,,, বা মাটিখিনি কোনো ট্ৰাষ্টৰ নিজাও হ’ব পাৰে……

সেই কথাও স্পষ্ট হৈ পৰিছে মুখ্যমন্ত্ৰীৰ পত্নীয়ে যোৱা বৰ্ষৰ ২৯ এপ্ৰিলত দিয়া এটা টুইটত। য’ত তেওঁ উল্লেখ কৰিছিল যে, মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰয়াত পিতৃ কৈলাশ নাথ শৰ্মা ট্ৰাষ্টৰ উদ্যোগত নিৰ্মাণ কৰা হৈছে বন্দ্যা ইন্টাৰনেশ্যেনেল স্কুল। যি সংস্থা ২০১০ চনত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই স্থাপন কৰিছিল… সেই ট্ৰাষ্টৰ প্ৰতিষ্ঠাপক ড০ হিমন্ত বিশ্ব শৰ্মা। ট্ৰাষ্টৰ সদস্য হিচাপে আছে মুখ্যমন্ত্ৰীৰ মাতৃ মৃণালিনী দেবী, পুত্ৰ নন্দিল বিশ্ব শৰ্মা আৰু পত্নী ৰিণিকি ভূঞা শৰ্মা।
প্ৰশ্ন হৈছে
বিদ্যালয়খনে আগুৰি থকা ৬০ বিঘা মাটি প্ৰকৃততে চৰকাৰী নেকি? নে মাটিখিনিৰ গৰাকী কৈলাশ নাথ শৰ্মা ট্ৰাষ্ট? নে মাটিখিনি চৰকাৰৰ ফালৰ পৰা লিজত পাইছে এই ট্ৰাষ্টে? সেয়া বৰ্তমানো পোহৰলৈ অহা নাই ৰাজহুৱাকৈ ক’তো উল্লেখ নাই।

কিন্তু বিদ্যালয়খনৰ প্ৰতিষ্ঠাপক মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা যে হয় সেই কথা নিজৰ ভাষণত পত্নী ৰিণিকি ভূঞা শৰ্মাই উল্লেখ কৰিছিল। ইয়াৰ লগতে মুখ্যমন্ত্ৰীৰ পত্নীৰ এই টুইট….. য’ত সেই স্কুল ভৱিষ্যত প্ৰজন্মৰ বাবে মুখ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিজৰ ব্যক্তিগত ভিজন বুলি উল্লেখ কৰিছে।
ইপিনে, মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হৈ থকা সময়ত বা শিক্ষামন্ত্ৰী হৈ থকাৰ সময়ত উক্ত বিদ্যালয়ৰ প্ৰতিষ্ঠাপক হোৱাৰ নৈতিক অধিকাৰ নাই বুলি দাবী কৰে বিধায়ক অখিল গগৈয়ে।
গগৈৰ লগতে প্ৰশ্ন “আমিনগাঁওৰ দৰে ঠাইত
মুখ্যমন্ত্ৰীয়ে ৬০ বিঘাকৈ মাটি ক্ৰয়ৰ বাবে ধন ক’ত পালে? আন্তঃৰাষ্ট্ৰীয় বিদ্যালয় খোলাত মুখ্যমন্ত্ৰীৰ ধনৰ উত্স কি? উচ্চ পৰ্য্যায়ৰ তদন্তৰ দাবী কৰি অখিল গগৈয়ে মুখ্যমন্ত্ৰীক এই প্ৰশ্ন কৰে।

এইখিনিতে উল্লেখ কৰিছো,,,,, চৰকাৰৰ শিক্ষা বিভাগৰ পুঁজিৰ অভাৱৰ বাবে বিদ্যাঞ্জলী ২.০ আঁচনিৰ অধীনত চৰকাৰী বিদ্যালয়ৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে বিধায়ক আৰু প্ৰাক্তন ছাত্ৰ ছাত্ৰীৰ পৰা বৰঙণি বিচাৰি শিক্ষামন্ত্ৰীয়ে বিধায়কলৈ পত্ৰ লিখিছে…… কিন্তু ৬০ বিঘা মাটিত ইমান বিশাল আন্তঃৰাষ্ট্ৰীয় পৰ্য্যায়ৰ ব্যক্তিগত বিদ্যালয় খুলিবলৈ শকতি থকা মুখ্যমন্ত্ৰীৰ পত্নী ৰিণিকি ভূঞা শৰ্মাক শিক্ষামন্ত্ৰীয়ে চৰকাৰী বিদ্যালয়ৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে পুঁজি বিচাৰি অনুৰোধ জনাব নোৱাৰে নে?

কল্পজ্যোতি শইকীয়া, গুৱাহাটী

কল্পজ্যোতি শইকীয়া, গুৱাহাটী

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

দিল্লীৰ প্ৰতিবাদৰ ফলত ২,০০০ কোটি টকাৰ লোকচান! ব্যৱসায়ীৰ আৱেদনত কি ক’লে উচ্চতম ন্যায়ালয়ে?

দিল্লীৰ প্ৰতিবাদৰ ফলত ২,০০০ কোটি টকাৰ লোকচান! ব্যৱসায়ীৰ আৱেদনত কি ক’লে উচ্চতম ন্যায়ালয়ে?

October 16, 2026 5:55 pm
জুবিন গাৰ্গৰ জীৱনৰ মূল্য মাত্ৰ ৫০ হাজাৰ টকা? মুকলি আকাশৰ তললৈ আহিল সন্দীপন গাৰ্গ!

জুবিন গাৰ্গৰ জীৱনৰ মূল্য মাত্ৰ ৫০ হাজাৰ টকা? মুকলি আকাশৰ তললৈ আহিল সন্দীপন গাৰ্গ!

October 16, 2026 4:27 pm
তিৰংগা সমদলৰ পূৰ্বে অভিজিৎ দীপকৰ ঘৰত দিল্লী আৰক্ষী, বন্ধ ছেণ্ট্ৰেল পাৰ্ক; কি ঘটিছে দিল্লীত?

তিৰংগা সমদলৰ পূৰ্বে অভিজিৎ দীপকৰ ঘৰত দিল্লী আৰক্ষী, বন্ধ ছেণ্ট্ৰেল পাৰ্ক; কি ঘটিছে দিল্লীত?

October 16, 2026 3:55 pm
সকলোৱে নিজকে সাংবাদিক বুলি দাবী কৰিলে সুৰক্ষা দিয়াটো কঠিন! পৰ্যবেক্ষণ উচ্চতম ন্যায়ালয়ৰ

সকলোৱে নিজকে সাংবাদিক বুলি দাবী কৰিলে সুৰক্ষা দিয়াটো কঠিন! পৰ্যবেক্ষণ উচ্চতম ন্যায়ালয়ৰ

October 16, 2026 2:47 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

দিল্লীৰ প্ৰতিবাদৰ ফলত ২,০০০ কোটি টকাৰ লোকচান! ব্যৱসায়ীৰ আৱেদনত কি ক’লে উচ্চতম ন্যায়ালয়ে?

দিল্লীৰ প্ৰতিবাদৰ ফলত ২,০০০ কোটি টকাৰ লোকচান! ব্যৱসায়ীৰ আৱেদনত কি ক’লে উচ্চতম ন্যায়ালয়ে?

October 16, 2026 5:55 pm
জুবিন গাৰ্গৰ জীৱনৰ মূল্য মাত্ৰ ৫০ হাজাৰ টকা? মুকলি আকাশৰ তললৈ আহিল সন্দীপন গাৰ্গ!

জুবিন গাৰ্গৰ জীৱনৰ মূল্য মাত্ৰ ৫০ হাজাৰ টকা? মুকলি আকাশৰ তললৈ আহিল সন্দীপন গাৰ্গ!

October 16, 2026 4:27 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd