• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

বনতাৰাৰ তদন্তঃ SIT-ত অন্তৰ্ভুক্ত সদস্যৰ নিলম্বনৰ বাতৰি ডিলিট কৰিলে ‘টাইমছ অৱ ইণ্ডিয়াই’

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 1, 2025 2:59 pm
30
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

পুনৰ বাৰ প্ৰেক্ষাপটত সংবাদ মাধ্যমৰ স্বচ্ছতাৰ বিষয়। ২০১৩ চনত দ্য টাইমছ অৱ ইণ্ডিয়াই প্ৰকাশ কৰা ভাৰতীয় ৰাজহ সেৱাৰ (আই আৰ এছ) বিষয়াক নিলম্বন সম্পৰ্কে প্ৰকাশ কৰা এটা বাতৰি সংবাদ প্ৰতিষ্ঠানটোৰ ৱেবছাইটৰ পৰা আঁতৰাই দিয়া হৈছে।

শেহতীয়াকৈ ভাৰতৰ উচ্চতম ন্যায়ালয়ে গুজৰাটৰ জামনগৰত গ্ৰীণ জুলজিকেল, ৰেচকিউ এণ্ড ৰিহেবিলিটেচন চেণ্টাৰ নামেৰেও পৰিচিত বনতাৰাৰ কাম-কাজৰ তদন্তৰ বাবে অনিশ গুপ্তা নামৰ বিষয়াগৰাকীক বিশেষ তদন্তকাৰী দল (এছ আই টি)ত নিযুক্তি দিছিল।

Apply Now

টাইমছ অৱ ইণ্ডিয়াই ‘Senior customs officer suspended for graft’ শীৰ্ষক মূল প্ৰবন্ধটো ২০১৩ চনৰ ২৭ আগষ্টত প্ৰকাশ কৰিছিল।

এতিয়া কোনোৱে যদি মূল টাইমছ অৱ ইণ্ডিয়াৰ লিংকত প্ৰৱেশ কৰিবলৈ চেষ্টা কৰে, তেতিয়া তেওঁলোকক পুনৰ ‘2 held with hydroponic weed worth Rs 24 crore at Lucknow airport’ শীৰ্ষক বাতৰিলৈ পুনৰ নিৰ্দেশিত কৰা হয়।

পূৰ্বে  বাতৰিটোত ২০০৯ চনৰ বেটছৰ আই আৰ এছ বিষয়া অনিশ গুপ্তাক নিলম্বন কৰাৰ বাতৰি প্ৰকাশ পাইছিল আৰু গুপ্তাই তেতিয়া মুম্বাইত শুল্ক বিভাগৰ সহকাৰী আয়ুক্ত হিচাপে কাৰ্যনিৰ্বাহ কৰি আছিল।

এখন চালান অনুমোদন কৰাবলৈ কাগজ আমদানিকৰ্তাৰ পৰা ২ কোটি টকাৰ উৎকোচ দাবী কৰাৰ অভিযোগ উত্থাপন হোৱাৰ পাছতে গুপ্তাক নিলম্বন কৰা হয়। পাছত দাবী কৰা ধনৰাশি ৫০ লাখ টকালৈ হ্ৰাস পোৱা বুলি জানিব যায়।

টাইমছ অৱ ইণ্ডিয়াৰ ৱেবছাইটৰ পৰা এই লেখাটো আঁতৰোৱা হৈছে, ২০২৫ চনৰ ২৭ আগষ্টত নৰ্থইষ্ট নাওৱে এটা বাতৰি প্ৰকাশ কৰাৰ দুদিন পাছত, য’ত নৱগঠিত এছ আই টিৰ এজন সদস্য—অতিৰিক্ত শুল্ক আয়ুক্ত অনিশ গুপ্তা—ৰ দুৰ্নীতিৰ অভিযোগত নিলম্বিত হোৱাৰ ইতিহাস আছে বুলি উল্লেখ কৰা হৈছে। নৰ্থইষ্ট নাওৰ বাতৰিটোত ২০১৩ চনৰ টাইমছ অৱ ইণ্ডিয়াৰ একেটা প্ৰতিবেদনৰ উদ্ধৃতি দিয়া হৈছে।

মূল টাইমছ অৱ ইণ্ডিয়াৰ বাতৰি প্ৰতিবেদনৰ স্ক্ৰীণশ্বট।

উল্লেখ্য যে, উচ্চতম ন্যায়ালয়ে ২০২৫ চনৰ ২৫ আগষ্টত বনতাৰাৰ বিৰুদ্ধে উত্থাপিত অভিযোগৰ তদন্তৰ বাবে উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ ন্যায়াধীশ যস্তি চেলামেশ্বৰৰ নেতৃত্বত চাৰিজনীয়া এছ আই টি গঠন কৰে। এই প্ৰকল্পটো পৰিচালনা কৰিছে ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজৰ অধ্যক্ষ মুকেশ আম্বানীৰ কনিষ্ঠ পুত্ৰ অনন্ত আম্বানীয়ে। উচ্চ ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ ন্যায়াধীশ ৰাঘবেন্দ্ৰ চৌহান আৰু মুম্বাইৰ প্ৰাক্তন আৰক্ষী আয়ুক্ত হেমন্ত নাগ্ৰালেকো এছ আই টিত অন্তৰ্ভুক্ত কৰা হৈছে।

(২০১৩ চনৰ অনিশ গুপ্তাৰ বাতৰিটো আঁতৰোৱাৰ সন্দৰ্ভত স্পষ্টীকৰণ বিচাৰি টাইমছ অৱ ইণ্ডিয়ালৈ প্ৰেৰণ কৰা এটা ইমেইল আজিলৈকে উত্তৰবিহীন হৈ আছে।)

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নাগৰিক অধিকাৰ ৰক্ষাৰ বাবে ২০ ছেপ্টেম্বৰত গুৱাহাটীত নাগৰিক অভিৱৰ্তন

নাগৰিক অধিকাৰ ৰক্ষাৰ বাবে ২০ ছেপ্টেম্বৰত গুৱাহাটীত নাগৰিক অভিৱৰ্তন

September 16, 2026 9:40 pm
জনসংখ্যাভিত্তিক সুবিধা আৰু অসম চৰকাৰৰ অৰ্থনৈতিক ব্যৱস্থাপনা: এক বিশ্লেষণ

জনসংখ্যাভিত্তিক সুবিধা আৰু অসম চৰকাৰৰ অৰ্থনৈতিক ব্যৱস্থাপনা: এক বিশ্লেষণ

September 16, 2026 8:22 pm
১৫ হাজাৰৰ পৰা ২৫ হাজাৰ! ইপিএফঅ’ৰ দৰমহাৰ সীমা বৃদ্ধি :  নতুনকৈ ৫১ লাখতকৈ অধিক কৰ্মচাৰী আহিব আওতালৈ

১৫ হাজাৰৰ পৰা ২৫ হাজাৰ! ইপিএফঅ’ৰ দৰমহাৰ সীমা বৃদ্ধি :  নতুনকৈ ৫১ লাখতকৈ অধিক কৰ্মচাৰী আহিব আওতালৈ

September 16, 2026 7:30 pm
ৰাষ্ট্ৰপতিৰ এডিচি পদত প্ৰথমগৰাকী মহিলা সেনা বিষয়া, ইতিহাস গঢ়িলে মেজৰ নব্য শেখাৱতে

ৰাষ্ট্ৰপতিৰ এডিচি পদত প্ৰথমগৰাকী মহিলা সেনা বিষয়া, ইতিহাস গঢ়িলে মেজৰ নব্য শেখাৱতে

September 16, 2026 6:31 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নাগৰিক অধিকাৰ ৰক্ষাৰ বাবে ২০ ছেপ্টেম্বৰত গুৱাহাটীত নাগৰিক অভিৱৰ্তন

নাগৰিক অধিকাৰ ৰক্ষাৰ বাবে ২০ ছেপ্টেম্বৰত গুৱাহাটীত নাগৰিক অভিৱৰ্তন

September 16, 2026 9:40 pm
জনসংখ্যাভিত্তিক সুবিধা আৰু অসম চৰকাৰৰ অৰ্থনৈতিক ব্যৱস্থাপনা: এক বিশ্লেষণ

জনসংখ্যাভিত্তিক সুবিধা আৰু অসম চৰকাৰৰ অৰ্থনৈতিক ব্যৱস্থাপনা: এক বিশ্লেষণ

September 16, 2026 8:22 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd