বাৰানসীৰ সাম্প্ৰদায়িক পোষ্টাৰ সন্দৰ্ভত হিন্দুত্ববাদী সংগঠনৰে জড়িত ব্যক্তিৰ বিৰুদ্ধে এজাহাৰ

Varanasi Communal Posters

কেৱল হিন্দুৱেহে প্ৰৱেশ কৰিব পাৰিব। অনাহিন্দু লোকৰ প্ৰৱেশ নিষিদ্ধ। এয়া আবেদন নহয়, এয়া সকীয়নি। শেহতীয়াকৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সমষ্টি বাৰানসীৰ বাটে ঘাটে এইদৰে অজস্ৰ পোষ্টাৰ দেখিবলৈ পোৱা গৈছে।

পোষ্টাৰসমূহত লিখা হৈছে যে বাৰানসী তথা কাশীৰ গংগা ঘাট আৰু মন্দিৰসমূহ সনাতন ধৰ্ম, ভাৰতীয় সংস্কৃতি-শ্ৰদ্ধা আৰু আস্থাৰ প্ৰতীক। কাশীৰ ঘাটসমূহ পিকনিক স্পট নহয়। সেয়ে যিসকলে সনাতন ধৰ্মৰ প্ৰতি আস্থা নাৰাখে, সেই অনাহিন্দুসকলৰ প্ৰৱেশ নিষেধ কৰা হৈছে।

সাম্প্ৰদায়িক এই পোষ্টাৰসমূহেৰে মূলতঃ বাৰানসীত থকা মুছলিম লোকসকলক ভাবুকি প্ৰদৰ্শন কৰা হৈছে।

সেই সন্দৰ্ভত দেওবাৰে বাৰানসী আৰক্ষীয়ে শান্তি-শৃংখলা ভংগৰ অভিযোগত এখন এজাহাৰ পঞ্জীয়ন কৰিছে। এজাহাৰখনত পাঁচজন লোকক অভিযুক্ত কৰা হৈছে। ইয়াৰে দুজন অভিযুক্তক আৰক্ষীয়ে আটকো কৰে।

ধৃত ব্যক্তি দুজনক বজৰং দলৰ কৰ্মী বুলি জনা গৈছে। অৱশ্যে পাছত ৫ লাখ টকাৰ বিনিময়ত দুয়োকে মুকলি কৰি দিয়া হয়।

উল্লেখযোগ্য যে উক্ত পোষ্টাৰসমূহৰ তলত বিশ্ব হিন্দু পৰিষদ আৰু বজৰং দলৰ নাম উল্লেখ কৰা হৈছে। অৰ্থাৎ দুয়োটা হিন্দুত্ববাদী সংগঠনে অনাহিন্দুসকলক এই সকিয়নী প্ৰেৰণ কৰিছে।

৬ জানুৱাৰীত অঁৰা এই পোষ্টাৰসমূহৰ ভিডিঅ’ আৰু ফটো ইতিমধ্যে সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে। দেওবাৰে বিশ্ব হিন্দু পৰিষদৰ তৰফৰ পৰা জনোৱা হৈছে যে পোষ্টাৰ কাণ্ডটোত জড়িত কৰ্মী দুজনক সংগঠনটোৰ পৰা বহিষ্কাৰ কৰা হৈছে।

উল্লেখযোগ্য যে ঐতিহাসিকভাৱে বাৰানসীত হিন্দু আৰু মুছলমানে সমিলমিলেৰে বাস কৰি আহিছে। বাৰানসীৰ গংগা ঘাটসমূহ কোনো ধৰ্মৰ বাবে আছুতীয়াকৈ ৰখা হোৱা নাই।

হিন্দুসকলৰ পৱিত্ৰ তীৰ্থ বাৰানসীতে প্ৰসিদ্ধ চেহনাই বাদ তথা ভাৰতৰত্ন ওষ্টাড বিছমিল্লাহ খানে বাস কৰিছিল। চেহনাই বাদকজনে নিয়মীয়াকৈ গংগাত গা ধুই ঘাটত নামাজ পঢ়াৰ দৰে সাম্প্ৰদায়িক সম্প্ৰীতিৰ নজিৰ দেখুৱাই থৈ গৈছে।

আনহাতে, পোষ্টাৰখনত বিশ্ব হিন্দু পৰিষদৰ নাম উল্লেখ কৰা হৈছে। অৰ্থাৎ উক্ত সংগঠনটোৱেই পোষ্টাৰসমূহ আঁৰিছে। শেহতীয়াকৈ প্ৰায় কেইবাবছৰোধৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ স’তে বিশ্ব হিন্দু পৰিষদৰ নেতা প্ৰবীণ ভাই তোগাৰিয়া মাজত তীব্ৰ সংঘাত দেখা পোৱা গৈছে।

কেৱল মোদীয়েই নহয়, তোগাড়িয়াই আৰএছএছৰ স’তেও সংঘাতত লিপ্ত হৈ আছে। প্ৰায় চাৰি বছৰৰ পূৰ্বে তেওঁ কৈছিল যে মোদী চৰকাৰে তেওঁক আশাহত কৰিছে। মোদীয়ে বাল্যকালত কোনো ৰেল ষ্টেশ্যনত চাহ বিক্ৰী কৰা নাছিল বুলিও তেওঁ মন্তব্য কৰিছিল।

দুয়োজন হিন্দুত্ববাদী নেতাৰ এই সংঘাত মাজে মাজে আকৰ্ষণীয় হৈ আহিছে। কিন্তু কিয় তেওঁলোকৰ মাজত এই সংঘাত চলি আহিছে, সেয়া অজ্ঞাত।

তেনে পৰিস্থিতিত টোগাড়িয়াৰ বিশ্ব হিন্দু পৰিষদ আৰু বজৰং দলে মোদীৰ সমষ্টিত এনেধৰণৰ সাম্প্ৰদায়িক পোষ্টাৰ অঁৰাটো তাৎপৰ্যপূৰ্ণ হিচাপে বিবেচিত হৈছে।