NORTHEAST NOW (Assamese)

থলুৱা ব্যৱসায় বৃদ্ধি কৰাৰ লক্ষ্যৰে কোকৰাঝাৰত হিতাধিকাৰীৰ মাজত বিভিন্ন ঔদ্যোগিক সা-সৰঞ্জাম বিতৰণ

June 17, 2019 9:22 pm · ৰিনয় বসুমতাৰী

বিটিচি উদ্যোগ আৰু বাণিজ্য বিভাগে বিটিচিৰ অন্তৰ্গত নিবনুৱা সমস্যা সমাধান কৰা আৰু বিভিন্ন কামৰ ক্ষেত্ৰত থকা সম্ভাৱনীয়তাৰ প্ৰতি লক্ষ্যৰাখি সোমাবাৰে হিতাধিকাৰীসকলৰ মাজত অত্যাধুনিক যন্ত্ৰপাতি আৰু সা-সঁজুলি বিতৰণ কৰে।

কোকৰাঝাৰ চহৰৰ উদ্যোগ আৰু বাণিজ্য বিভাগৰ মহা প্ৰৱন্ধকৰ কাৰ্য্যালয় চৌহদত অনুষ্ঠিত হোৱা যন্ত্ৰ পাতি আৰু সা-সঁজুলি বিতৰণ অনুষ্ঠানত ৬১ গৰাকী হিতাধিককাৰীৰ মাজত বিভিন্নধৰণৰ সঁজুলি বিতৰণ কৰে বিভাগীয় কাৰ্য্যবাহী সদস্য গণেশ কছাৰীয়ে।

বিভাগে হিতাধিকাৰীৰ মাজত বিতৰণ কৰা সা-সঁজুলিসমূহৰ ভিতৰত সৰিয়হ তেল পেৰা যন্ত্ৰ, ধান ভঙা যন্ত্ৰ, ৰাবাৰ ছীট মেচিন, ষ্টিল ফেব্ৰিকেশ্যন, মাষ্টাৰ অইল ইকস্পেলাৰ, ডিটিপি, বিউটি পাৰ্লাৰৰ সা-সৰঞ্জাম আদিয়ে প্ৰধান।

আনহাতে, হিতাধিকাৰীসকলৰ মাজত সা-সঁজুলি সমূহ বিতৰণ কৰি কাৰ্য্যবাহী সদস্য গণেশ কছাৰীয়ে বিভাগে বিতৰণ কৰা সামগ্ৰীসমূহৰ সৎ ব্যৱহাৰ কৰাৰ বাবে আহ্বান জনোৱাৰ লগতে ভূৱা হিতাধিকাৰীসকলৰ ওপৰত বিভাগে চোকা দৃষ্টি ৰাখিব বুলি সকীয়নি প্ৰদান কৰে।

সা-সঁজুলি বিতৰণ অনুষ্ঠানত উপস্থিত থাকে উদ্যোগ আৰু বাণিজ্য বিভাগৰ অধ্যক্ষ তথা যুটীয়া সম্পাদক শুভলক্ষ্মী ডেকা, বিভাগীয় মুৰব্বী নৱ কুমাৰ তালুকদাৰ আৰু বিভাগীয় মহা প্ৰৱন্ধক হিমাংসু দাসকে ধৰি অন্যান্য বিষয়াসকল।

Related News