• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, September 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অসমৰ নিবনুৱালৈ সুখবৰ: জাপান-ছিংগাপুৰৰ কোম্পানীয়ে দিব নিয়োগৰ সুবিধা

অনিৰ্বাণ পাঠক by অনিৰ্বাণ পাঠক
June 17, 2019 10:32 pm
22-03-18-Guwahati-Chandra-Mohan-Patowary-PMT-1

মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী। ফাইল ফটো

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমৰ নিবনুৱা যুৱক-যুৱতীলৈ এটা ভাল খৱৰ আছে। জাপান-ছিংগাপুৰৰ বহুকেইটা কোম্পানীয়ে অসমতেই কৰিব নিয়োগৰ সুবিধা। তাৰ বাবে এতিয়া পূৰ্ণ প্ৰস্তুতি চলিছে। এই কথা জনাইছে  অসম চৰকাৰৰ দক্ষতা আৰু উদ্যমিতা বিকাশ বিভাগৰ মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীয়ে।

সোমবাৰে জনতা ভৱনত সংবাদমেল অনুষ্ঠিত কৰি দুয়োখন দেশৰ কোম্পানীয়ে অসমত কৰিবলৈ ওলোৱা বিনিয়োগ আৰু তাৰ ফলত অসমৰ যুৱক-যুৱতীয়ে পাব পৰা নিয়োগৰ সুবিধা সম্পৰ্কে মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে।

Apply Now

‘ইতিমধ্যে আমাৰ সমল ব্যক্তি সকলক ছিংগাপুৰৰ পৰা প্ৰশিক্ষণ দি অনা হৈছে। তেওঁলোকে অসম দক্ষতা বিকাশ অভিযানৰ জৰিয়তে উত্তৰ-পূব দক্ষতা কেন্দ্ৰত যুৱক-যুৱতীসকলক প্ৰশিক্ষণ প্ৰদান কৰিব। একেদৰে জাপানৰ কোম্পানীৰ সৈতেও আমাৰ আলোচনা হৈছে আৰু অহা ১৯ জুনতো নতুন দিল্লীত ১৫০ টা জাপানী কোম্পানীৰ সৈতে আমি আলোচনাত বহিম’,-মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে সংবাদমেলত কয়।

উত্তৰ-পূব দক্ষতা বিকাশ কেন্দ্ৰৰ জৰিয়তে ৰাজ্য চৰকাৰে আন্তঃৰাষ্ট্ৰীয় মানদণ্ডৰ গুণগত বৃত্তিমূলক শিক্ষা প্ৰদানৰ লক্ষ্য নিৰ্ধাৰণ কৰা বুলিও মন্ত্ৰী পাটোৱাৰীয়ে জানিবলৈ দিয়ে। এই কেন্দ্ৰই অহা জুলাই মাহৰ পৰা পাঠ্যক্ৰমসমুহৰ প্ৰশিক্ষণ আৰম্ভ কৰি প্ৰতিবছৰে তিনিটা বিভাগৰ চাৰিটা খণ্ডত মুঠ ৪০০ প্ৰশিক্ষাৰ্থীক প্ৰশিক্ষণ প্ৰদান কৰি নিয়োগৰ ব্যৱস্থা কৰিব বুলিও মন্ত্ৰীগৰাকীয়ে সংবাদমেলত কয়।

মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰা মতে জাপানৰ এই ১৫০ টা কোম্পানীক নেতৃত্ব দিছে ‘জেট্ৰ’ নামৰ এটা কোম্পানীয়ে। ‘জেট্ৰ’ক নিজৰ প্ৰকল্প স্থাপনৰ বাবে নগৰবেৰাত অসম চৰকাৰে ভূমি আৱন্টন দিয়াৰ কথাও মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে জানিবলৈ দিয়ে।

জাপানী প্ৰতিষ্ঠানত চাকৰি কৰিবলৈ অসমৰ যুৱতীক প্ৰয়োজন হোৱা জাপানী ভাষা জ্ঞান আৰু জাপানী আচাৰ ব্যৱহাৰৰ প্ৰশিক্ষণ প্ৰদানৰ ব্যৱস্থাও অসম চৰকাৰে হাতত লোৱাৰ কথা মন্ত্ৰী পাটোৱাৰীয়ে সংবাদমেলত প্ৰকাশ কৰে।

কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে অসমত দক্ষতা প্ৰশিক্ষণৰ বাবে মুঠ ১১৩ কোটি টকা আৱন্টন দিয়া বুলিও পাটোৱাৰীয়ে জানিবলৈ দিয়ে। ইয়াৰে ভাৰত চৰকাৰৰ ৩৬ কোটি টকা আৰু অসম চৰকাৰ ৭৭ কোটি টকা আৱন্টন হোৱা বুলি তেওঁ সদৰী কৰে।

ইতিমধ্যে, ২০১৭ চনৰ ডিচেম্বৰৰ পৰা অসম দক্ষতা বিকাশ অভিযানৰ অধীনত ৰাজ্যৰ মুঠ ৫৯৭ টা কেন্দ্ৰত বহু যুৱক-যুৱতীয়ে বিভিন্ন বিভাগত প্ৰশিক্ষণ লোৱাৰ কথাও মন্ত্ৰীগৰাকীয়ে কয়। ইয়াৰে ৪০,৮৪০ গৰাকীয়ে প্ৰশিক্ষণ সমাপ্ত কৰাৰ বিপৰীতে ৪৯,৭৮৭ গৰাকীয়ে বৰ্তমান প্ৰশিক্ষণ গ্ৰহণ কৰি আছে।

সংবাদমেলত মন্ত্ৰী পাটোৱাৰীয়ে অসম দক্ষতা বিকাশ অভিযানে গ্ৰহণ কৰা আন আন আঁচনি যেনে- দক্ষ মোবাইল এপ্লিকেশ্যনৰ জৰিয়তে সেৱা প্ৰদান, কাৰাবন্দী সকলক কাৰিকৰী প্ৰশিক্ষণ, উগ্ৰপন্থী সংগঠনৰ পৰা আত্মসমৰ্পন কৰা সকলক ‘স্বাৱলম্বন’ আঁচনিৰ জৰিয়তে দক্ষতা বিকাশৰ প্ৰশিক্ষণ দিয়া, ৰাষ্ট্ৰীয় জীৱিকা অভিযানৰ অধীনত প্ৰশিক্ষণ, স্কিল চিটি স্থাপনৰ পৰিকল্পনা সম্পৰ্কেও জানিবলৈ দিয়ে।

অনিৰ্বাণ পাঠক

অনিৰ্বাণ পাঠক

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

শিৰত ৪টা আন্তঃৰাষ্ট্ৰীয় স্বৰ্ণ পদক; ফুটপাথত পাচলি বিক্ৰী কৰি পেট প্ৰৱৰ্তাইছে অমৰদ্বীপে

শিৰত ৪টা আন্তঃৰাষ্ট্ৰীয় স্বৰ্ণ পদক; ফুটপাথত পাচলি বিক্ৰী কৰি পেট প্ৰৱৰ্তাইছে অমৰদ্বীপে

September 3, 2026 8:32 pm
নিৰ্ধাৰিত সময়ৰ পূৰ্বেই ভাৰতীয় বায়ুসেনাৰ পৰা অৱসৰ; বেচৰকাৰী চাকৰিত যোগদান অভিনন্দনৰ

নিৰ্ধাৰিত সময়ৰ পূৰ্বেই ভাৰতীয় বায়ুসেনাৰ পৰা অৱসৰ; বেচৰকাৰী চাকৰিত যোগদান অভিনন্দনৰ

September 3, 2026 7:34 pm
বকোৰ গামেৰিমুৰা আৰক্ষী চকীত গুলীচালনাৰ ঘটনাত নিহত দুই আৰক্ষী বিষয়া

বকোৰ গামেৰিমুৰা আৰক্ষী চকীত গুলীচালনাৰ ঘটনাত নিহত দুই আৰক্ষী বিষয়া

September 3, 2026 6:44 pm
মোডী-পেজেস্কিয়ানৰ বৈঠকৰ পিছতে আমেৰিকাৰ সকীয়নি! কি ক’লে বিদেশ সচিব মাৰ্কো ৰুবিঅ’ই?

মোডী-পেজেস্কিয়ানৰ বৈঠকৰ পিছতে আমেৰিকাৰ সকীয়নি! কি ক’লে বিদেশ সচিব মাৰ্কো ৰুবিঅ’ই?

September 3, 2026 6:11 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শিৰত ৪টা আন্তঃৰাষ্ট্ৰীয় স্বৰ্ণ পদক; ফুটপাথত পাচলি বিক্ৰী কৰি পেট প্ৰৱৰ্তাইছে অমৰদ্বীপে

শিৰত ৪টা আন্তঃৰাষ্ট্ৰীয় স্বৰ্ণ পদক; ফুটপাথত পাচলি বিক্ৰী কৰি পেট প্ৰৱৰ্তাইছে অমৰদ্বীপে

September 3, 2026 8:32 pm
নিৰ্ধাৰিত সময়ৰ পূৰ্বেই ভাৰতীয় বায়ুসেনাৰ পৰা অৱসৰ; বেচৰকাৰী চাকৰিত যোগদান অভিনন্দনৰ

নিৰ্ধাৰিত সময়ৰ পূৰ্বেই ভাৰতীয় বায়ুসেনাৰ পৰা অৱসৰ; বেচৰকাৰী চাকৰিত যোগদান অভিনন্দনৰ

September 3, 2026 7:34 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd