NORTHEAST NOW (Assamese)

ডিমৌত খাদ্যত বিষক্ৰিয়া হৈ অৰ্ধশতাধিক দুষ্প্ৰাপ্য শগুন নিহত

March 30, 2019 10:47 pm · এন ই নাও নিউজ
Updated: March 30, 2019 10:48 pm

শিৱসাগৰ জিলাৰ ডিমৌ সমীপৰ বাম ৰজাবাৰী নলনী পথাৰত সংঘটিত এক মৰ্মান্তিক ঘটনাত প্ৰায় অৰ্ধশতাধিক দুষ্প্ৰাপ্য শগুন মৃত্যু মুখত পৰে। এই ঘটনাই অঞ্চলটোৰ প্ৰকৃতিপ্ৰেমী লোক সকলক চিন্তিত কৰি তুলিছে।

ঘটনাৰ বিৱৰণি মতে অঞ্চলটোত শুকুৰবাৰে অৰ্থাৎ ২৯ মাৰ্চত মৃত গৰুৰ শৱ ভক্ষণ কৰি এই দুষ্প্ৰাপ্য শগুনসমূহ বিষক্ৰিয়াত আক্ৰান্ত হৈছিল। বৰ্তমানলৈকে অৰ্ধশতাধিক শগুনৰ মৃত্যু হোৱাৰ বিপৰীতে শতাধিক শগুন বিষক্ৰিয়াত আক্ৰান্ত হৈ অসুস্থা অৱস্থাত আছে বুলি জানিব পৰা গৈছে।

স্থানীয় একাংশ প্ৰকৃতিপ্ৰেমী যুৱকে বিষক্ৰিয়া হৈ অসুস্থা অৱস্থা থকা দুষ্প্ৰাপ্য শগুন সমূহক সুস্থি কৰি তোলাৰ বাবে বিভিন্ন ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছে। তাৰোপৰি শগুন সংৰক্ষক সংস্থাৰ কেইবাজনো যুৱক আৰু পশু চিকিৎসক ঘটনাস্থলীত উপস্থিত হৈ বিষক্ৰিয়াত আক্ৰান্ত শগুনসমূহক বেজী, চেলাইন দি চিকিৎসাৰ ব্যৱস্থা গ্ৰহণ কৰিছে।

উল্লেখযোগ্য যে পূৰ্বতেও শিৱসাগৰ জিলাৰ মগৰাহাটত বিষাক্ত দ্ৰব্য সেৱনৰ ফলত ৩৬ টাকৈ দুষ্প্ৰাপ্য শগুনৰ মৃত্যু হৈছিল। ইফালে ৰাজ্যখনত ঘনাই ঘনাই এনেদৰে শগুনৰ মৃত্যু প্ৰকৃতিপ্ৰেমীৰ বাবে উদ্বেগৰ কাৰণ হৈ পৰিছে।

Related News