• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ভোট হেৰুওৱাৰ শংকা : মোদী-শ্বাহৰ ভাষণৰ পৰা হেৰাল নাগৰিকত্ব বিধেয়কৰ প্ৰসংগ

অনিৰ্বাণ পাঠক by অনিৰ্বাণ পাঠক
March 30, 2019 9:30 pm
Amit-shahh
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ডেৰ মাহ আগলৈ নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ উত্তাল হৈ থকা অসমত এতিয়া নিৰ্বাচনী বতাহ বলিছে। কিন্তু এই নিৰ্বাচনী কুচকাৱাজ চলি থকাৰ মাজতো অসমৰ ৰাইজে পাহৰা নাই নাগৰিকত্ব সংশোধনী বিধেয়কৰ কথা।

অসমত প্ৰবল গণ বিৰোধৰ সন্মুখীন হোৱা বিজেপিয়ে অনা এই বিধেয়কখনক এটা ইচ্ছ্যু হিচাপে লৈ ভোটাৰৰ মাজলৈ ওলাইছে কংগ্ৰেছ, এ আই য়ু ডি এফকে ধৰি আন কেইবাটাও ৰাজনৈতিক দল আৰু বহু নিৰ্দলীয় প্ৰাৰ্থী। কিন্তু ইয়াৰ সম্পূৰ্ণ বিপৰীত বিজেপি।

Apply Now

মাত্ৰ কিছুদিনৰ আগলৈ নাগৰিকত্ব সংশোধনী বিধেয়কৰ পক্ষত দৃঢ় স্থিতি লৈ থকা বিজেপিৰ নেতাসকলৰ মুখত এতিয়া নিৰ্বাচনৰ বতৰত নোলায় বিধেয়কখনৰ প্ৰসংগ। গেৰুৱা দলৰ দুজনকৈ ‘হাইপ্ৰফাইল’ নেতা ক্ৰমে প্রধান মন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু অমিত শ্বাহে এদিনৰ ব্যৱধানত অসমলৈ আহি বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ হৈ চাৰিখনকৈ প্ৰচাৰ সভাত ভাগ ল’লে। কিন্তু তেওঁলোক দুয়োজনৰ মুখতেই এইবাৰ ওলোৱা নাই নাগৰিকত্ব সংশোধনী বিধেয়কৰ প্ৰসংগ।

অথচ বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহে যোৱা ১৭ ফেব্ৰুৱাৰিত লখিমপুৰত অনুষ্ঠিত বিজেপিৰ যুৱ মৰ্চাৰ এখন সভাত উপস্থিত থাকি “নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত কৰিবলৈ ভাৰতীয় জনতা পাৰ্টী বদ্ধপৰিকৰ” বুলি মন্তব্য আগ বঢ়াইছিল।

ৰাজ্যসভাত বিধেয়কখন উত্থাপন কৰাৰ ক্ষেত্ৰত মুখ থেকেচা খোৱা বিজেপিয়ে ২০১৯-অত নিৰ্বাচনত জয়ী হৈ চৰকাৰ গঠন কৰিলে বিধেয়কখন পুনৰ আনিব বুলিও তেওঁ লখিমপুৰত প্ৰকাশ কৰিছিল।

বিধেয়কখনক লৈ অসমত তীব্ৰ আন্দোলন চলি থকাৰ সময়তো বিজেপিৰ নেতাসকলে ইয়াৰ প্ৰতি ভ্ৰূক্ষেপ কৰা নাছিল। ইয়াৰ বিপৰীতে বিধেয়কখনৰ পক্ষত বিভিন্ন যুক্তিৰে ৰাইজক আশ্বস্ত কৰিবলৈহে চেষ্টা কৰা দেখা গৈছিল।

কেৱল বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বই নহয় মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ৰাজ্যিক সভাপতি ৰঞ্জিত দাসকে ধৰি অসম বিজেপিৰ নেতাসকলৰ ভাষণতো বিধেয়কখনৰ পক্ষত দৃঢ় স্থিতি প্ৰকাশ পাইছিল।

কিন্তু এতিয়া নিৰ্বাচন কাষ চপাৰ লগে লগেই বিজেপিৰ এটা প্ৰধান এজেণ্ডা হিচাপে থকা নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিষয়টো এৰাই চলা দেখা গৈছে দলটোক।

নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিপৰীতে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহে অসমৰ নিৰ্বাচনী সভাসমূহৰ ভাষণত ‘অসম চুক্তি’ৰ ৬ নম্বৰ দফা আৰু ৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়হে উলিয়াইছে।

কিন্তু, ‘অসম চুক্তি’ৰ ৫ নম্বৰ দফা উলংঘা কৰিব পৰা নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত কৰি আইনত পৰিণত কৰিব বিচৰা বিজেপি চৰকাৰে ৬ নম্বৰ দফা কাৰ্যকৰীকৰণৰ বাবে গঠন কৰা উচ্চস্তৰীয় কমিটীখন সদৌ অসম ছাত্ৰ সন্থাই বৰ্জন কৰাত সেয়াও অৰ্থহীন হৈ পৰিল।

এতিয়া প্ৰশ্ন হ’ল, বিজেপিৰ নেতাসকলে নিৰ্বাচনৰ প্ৰচাৰ সভাত নাগৰিকত্ব সংশোধনী বিধেয়কৰ প্ৰসংগ আনিলে অসমৰ খিলঞ্জীয়া ৰাইজৰ ৰোষত পৰিব বুলি শংকিত হৈয়ে বিষয়টো এৰাই চলিছে নেকি?

অনিৰ্বাণ পাঠক

অনিৰ্বাণ পাঠক

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

June 6, 2026 9:04 pm
দেশৰ ভিন্ন প্ৰান্তত অগ্ৰণী সামাজিক সংগঠন ‘ব্ৰাদাৰ্ছ’ৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন

দেশৰ ভিন্ন প্ৰান্তত অগ্ৰণী সামাজিক সংগঠন ‘ব্ৰাদাৰ্ছ’ৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন

June 6, 2026 8:52 pm
বিশ্বৰ বিজ্ঞান পত্ৰিকাত জুবিন গাৰ্গৰ হামিঙৰ ব্যাখ্যা: আৱেগ আৰু বিজ্ঞানৰ এক অপূৰ্ব মিলন

বিশ্বৰ বিজ্ঞান পত্ৰিকাত জুবিন গাৰ্গৰ হামিঙৰ ব্যাখ্যা: আৱেগ আৰু বিজ্ঞানৰ এক অপূৰ্ব মিলন

June 6, 2026 8:42 pm
মাত্ৰ পাঁচ দিনৰ তীব্ৰ গৰমতে প্ৰাণ হেৰুৱাব পাৰে ৩০ হাজাৰ লোকে : আটাইতকৈ ভয়াৱহ স্থিতি উত্তৰ প্ৰদেশৰ

মাত্ৰ পাঁচ দিনৰ তীব্ৰ গৰমতে প্ৰাণ হেৰুৱাব পাৰে ৩০ হাজাৰ লোকে : আটাইতকৈ ভয়াৱহ স্থিতি উত্তৰ প্ৰদেশৰ

June 6, 2026 8:39 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

June 6, 2026 9:04 pm
দেশৰ ভিন্ন প্ৰান্তত অগ্ৰণী সামাজিক সংগঠন ‘ব্ৰাদাৰ্ছ’ৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন

দেশৰ ভিন্ন প্ৰান্তত অগ্ৰণী সামাজিক সংগঠন ‘ব্ৰাদাৰ্ছ’ৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন

June 6, 2026 8:52 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd