• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 29, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বিশ্বনাথৰ অপ্ৰীতিকৰ ঘটনাক গৰিহণা বিভিন্ন দল-সংগঠনৰ প্ৰতিনিধিৰ

শান্তি-সম্প্ৰীতি অটুট ৰখাৰ উদ্দেশ্যে উপায়ুক্তৰ আহ্বানত ৰাজহুৱা সভা

কাজি জেইদুল ইছলাম by কাজি জেইদুল ইছলাম
April 9, 2019 6:44 pm
7
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিশ্বনাথ জিলাৰ উপায়ুক্ত পৱিত্ৰ ৰাম খাউণ্ডৰ আহ্বানত উপায়ুক্তৰ সভাকক্ষত আজি জিলা শান্তি সমিতিৰ এখন ৰাজহুৱা সভা অনুষ্ঠিত হয়। বিশ্বনাথ চাৰিআলিৰ এখন বজাৰত অলপতে গো-মাংস বিক্ৰীজনিত এটা ঘটনাক লৈ সৃষ্টি হোৱা অপ্ৰীতিকৰ পৰিস্থিতিৰ আলম লৈ যাতে জিলাখনৰ আইন-শৃংখলা পৰিস্থিতিৰ অৱনতি নঘটে তাৰ প্ৰতি লক্ষ্য ৰাখি এই ৰাজহুৱা সভা অনুষ্ঠিত হয়।

আজিৰ ৰাজহুৱা সভাত বিশ্বনাথ চাৰিআলিৰ বহুসংখ্যক সচেতন নাগৰিক তথা বিভিন্ন দল-সংগঠনৰ প্ৰতিনিধি উপস্থিত থাকি এই ঘটনাক একমুখে গৰিহণা দিয়ে। উপস্থিত প্ৰতিগৰাকী লোকেই এই ঘটনাৰ লগত জড়িত সকলো অপৰাধীক তৎকালে কৰায়ত্ত কৰাৰ লগতে দৃষ্টাণ্টমূলক শাস্তি প্ৰদানৰ বাবে প্ৰশাসন আৰু আৰক্ষীক অনুৰোধ জনায়।

Apply Now

সভাত ভাষণ দি উপায়ুক্ত পৱিত্ৰ ৰাম খাউণ্ডে কয় যে বিভিন্ন ভাষা-ভাষী, জাতি-ধৰ্মাৱলম্বী লোকৰ আৱাসভূমি বিশ্বনাথ চাৰিআলিৰ সাম্প্ৰদায়িক সম্প্ৰীতিৰ এক গৌৰৱময় ঐতিহ্য আছে আৰু যিকোনো মূল্যৰ বিনিময়ত এই গৰিমা অটুট ৰাখিবলৈ প্ৰশাসন বদ্ধপৰিকৰ। বজাৰখনত সংঘটিত দুষ্কাৰ্য একাংশ দুস্কৃতিকাৰীৰহে কাম বুলি অভিহিত কৰি তেওঁ এইক্ষেত্ৰত সংযম বৰ্তাই ৰাখিবলৈ সকলো পক্ষকে আহ্বান জনায়। নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত সংঘটিত এই ঘটনাৰ লগত জড়িত কোনো লোককে ৰেহাই দিয়া নহ’ব বুলি উল্লেখ কৰি তেওঁ এক শান্তিপূৰ্ণ পৰিৱেশত যাতে জিলাখনত নিৰ্বাচন সম্পন্ন হয়, তাৰ বাবে সহযোগিতা আগবঢ়াবলৈ সকলোলৈকে অনুৰোধ জনায়।

নিজৰ বক্তব্যত বিশ্বনাথ জিলাৰ আৰক্ষী অধীক্ষক ৰাকেশ ৰোচনে কয় যে বজাৰখনত সংঘটিত অপ্ৰীতিকৰ ঘটনাৰ পিছত আৰক্ষী-প্ৰশাসনে তাৎক্ষণিকভাৱে পদক্ষেপ গ্ৰহণ কৰিছে আৰু এইপৰ্যন্ত এগৰাকী অপৰাধী কৰায়ত্ত কৰাৰ লগতে পলাতকসকলৰ সন্ধানত নিৰন্তৰ অভিযান অব্যাহত আছে। একাংশ লোকে ফেচবুক আৰু হোৱাটছএপৰ দৰে ছচিয়েল মিডিয়াত কেতবোৰ উচটনিমূলক ভিডিঅ’ আৰু ছবিসম্বলিত পোষ্ট ভাইৰেল কৰা ঘটনা বিশ্বনাথ জিলা প্ৰশাসনৰ দৃষ্টিগোচৰ হৈছে বুলি উল্লেখ কৰি তেওঁ এনে অবাঞ্ছনীয় কাৰ্যৰ পৰা বিৰত থাকিবলৈ সকলোকে আহ্বান জনায়। তেওঁ কয় যে এই ঘটনাৰ লগত জড়িতসকলৰ লগতে ছচিয়েল মিডিয়াত এনে পোষ্ট প্ৰচাৰ কৰা তথা উচটনিমূলক মন্তব্য কৰাসকলৰ বিৰুদ্ধেও আৰক্ষীয়ে কঠোৰতম পদক্ষেপ গ্ৰহণ কৰিব।

আনহাতে সভাত উপস্থিত বিভিন্ন দল-সংগঠনৰ প্ৰতিনিধিয়ে বিশ্বনাথ চাৰিআলিৰ গৌৰৱময় ঐতিহ্যৰ ইতিহাস স্মৰণ কৰে আৰু কোনো অপশক্তিৰ প্ৰৰোচনাত সম্প্ৰীতিৰ এই বান্ধোন ক্ষতিগ্ৰস্ত হ’বলৈ দিয়া নহ’ব বুলি দৃঢ়তাৰে মত প্ৰকাশ কৰে।

ইফালে ৰাইজৰ মাজত ভুল বুজাবুজি বিয়পাৰ আশংকাত ঘটনাটোৰ বাতৰি প্ৰকাশৰ পৰা বিৰত থাকি বিশ্বনাথ চাৰিআলিৰ স্থানীয় সাংবাদিকসকলে যি সামাজিক দায়বদ্ধতাৰ পৰিচয় দাঙি ধৰিলে তাৰ বাবে তেওঁলোকক জিলাখনৰ জনসংযোগ বিষয়াই প্ৰশাসনৰ তৰফৰ পৰা কৃতজ্ঞতা জ্ঞাপন কৰে।

কাজি জেইদুল ইছলাম

কাজি জেইদুল ইছলাম

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অসমত অপৰিৱৰ্তিত বান পৰিস্থিতি: শিৱসাগৰত ৭ জনৰ মৃত্যু, মৃতকৰ সংখ্যা ৭৫লৈ বৃদ্ধি

অসমত অপৰিৱৰ্তিত বান পৰিস্থিতি: শিৱসাগৰত ৭ জনৰ মৃত্যু, মৃতকৰ সংখ্যা ৭৫লৈ বৃদ্ধি

July 29, 2026 9:09 am
অসম বিধানসভাত গুৱাহাটী চেটেলাইট চিটী বিধেয়ককে ধৰি ছখন গুৰুত্বপূৰ্ণ বিধেয়ক গৃহীত

অসম বিধানসভাত গুৱাহাটী চেটেলাইট চিটী বিধেয়ককে ধৰি ছখন গুৰুত্বপূৰ্ণ বিধেয়ক গৃহীত

July 29, 2026 8:22 am
সংঘাত আৰু সংকটৰ ভয়াৱহতাৰ মাজত শিশুক কেনেদৰে সুৰক্ষিত ৰাখিব? ইউনিচেফৰ গুৰুত্বপূৰ্ণ পৰামৰ্শৱলী

সংঘাত আৰু সংকটৰ ভয়াৱহতাৰ মাজত শিশুক কেনেদৰে সুৰক্ষিত ৰাখিব? ইউনিচেফৰ গুৰুত্বপূৰ্ণ পৰামৰ্শৱলী

July 29, 2026 7:42 am

হাজাৰটা নিয়ম মানিও ডায়েবেটিছ নিয়ন্ত্ৰণলৈ অহা নাই নেকি? ভাত বা ৰুটি খোৱাৰ আগতে খাওক এইবিধ খাদ্য

July 29, 2026 6:45 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অসমত অপৰিৱৰ্তিত বান পৰিস্থিতি: শিৱসাগৰত ৭ জনৰ মৃত্যু, মৃতকৰ সংখ্যা ৭৫লৈ বৃদ্ধি

অসমত অপৰিৱৰ্তিত বান পৰিস্থিতি: শিৱসাগৰত ৭ জনৰ মৃত্যু, মৃতকৰ সংখ্যা ৭৫লৈ বৃদ্ধি

July 29, 2026 9:09 am
অসম বিধানসভাত গুৱাহাটী চেটেলাইট চিটী বিধেয়ককে ধৰি ছখন গুৰুত্বপূৰ্ণ বিধেয়ক গৃহীত

অসম বিধানসভাত গুৱাহাটী চেটেলাইট চিটী বিধেয়ককে ধৰি ছখন গুৰুত্বপূৰ্ণ বিধেয়ক গৃহীত

July 29, 2026 8:22 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd