• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, July 27, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

প্ৰাক্তন DSP সূৰ্যকান্ত মৰাঙৰ গ্ৰেপ্তাৰৰ দাবীত হাফলঙত বিভিন্ন দল-সংগঠনৰ অনশন

পংকজ কুমাৰ দেৱ by পংকজ কুমাৰ দেৱ
June 3, 2020 12:03 pm
ফটো : নৰ্থ-ইষ্ট নাও

ফটো : নৰ্থ-ইষ্ট নাও

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

প্ৰাক্তন ডি এইচ্ছ ডি সদস্য সন্তোষ হোজাই অপহৰণ আৰু হত্যাকাণ্ডৰ ন্যায়ৰ দাবীত মঙলবাৰে হাফলঙত দহ ঘন্টীয়া অনশন কাৰ্যসূচী পালন কৰে একাধিক দল-সংগঠনে।

ইয়াৰ ভিতৰত আছে আডছু, ডিমাছা স্টুডেন্ট য়ুনিয়ন আৰু ডিমাছা মাদাৰ্ছ এছ’চিয়েশ্যন। ৰাতিপুৱা সাত বজাৰ পৰা সামাজিক দূৰত্ব বজাই ৰাখি আৰম্ভ হোৱা এই অনশন বিয়লি পাঁচ বজাত অন্ত পৰে।

Apply Now

হাফলং জিলা উপায়ুক্ত কাৰ্যালয় চৌহদত অনুষ্ঠিত অনশনত অৰ্ধশতাধিক যুৱক-যুৱতীয়ে ভাগ লয় য’ত আডছু ডিমা হাচাও জিলা সভাপতি উত্তম লাংঠাছা, ডিমাচা ষ্টুডেণ্ট য়ুনিয়নৰ কেন্দ্ৰীয় কমিটিৰ সাধাৰণ সম্পাদক প্ৰমিত চেংগুইন, ডিমাচা মাদাৰ্ছ এছ’চিয়েশ্যনৰ সাধাৰণ সম্পাদক মিলি জীদুং, পদ্মা বাঠাৰি আদি নেতা সকলে অনশনত ভাগ লয়।

উল্লেখনীয় যে যোৱা ২৪ এপ্ৰিল তাৰিখে দ্বিতীয় পৰ্যায়ৰ লকডাউনৰ মাজত পাহাৰীয়া জিলাৰ হাৰাঙ্গাজাওৰ গামাডি হাওৱাৰ গাঁৱৰ পৰা দুৰ্বৃত্তৰ দলে এখন বলেৰ’ত উঠাই অপহৰণ কৰিছিল প্ৰাক্তন ডি এইচ্ছ ডি সদস্য সন্তোষ হোজাইক।

লগে লগে সন্তোষেৰ পৰিয়ালে আৰক্ষীৰ কাষ চাপে কিন্তু আৰক্ষীয়ে গুৰুত্ব দিয়া পৰিলক্ষিত নহ’ল।

পাছ দিনা অৰ্থাৎ ২৫ এপ্ৰিল তাৰিখে এজাহাৰ লৈ উপস্থিত হয় যদিও কিন্তু ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া অংশু ৰাজকুমাৰে এজাহাৰ লোৱাত আপত্তি কৰে। অৱশ্যে পৰবৰ্তী সময়ত এজাহাৰ গ্ৰহণ কৰিলেও বাস্তৱত কোনো কাম হোৱা নাই।

যাৰ ফলস্বৰুপে ৩০ এপ্ৰিল তাৰিখে লাংটিং এলেকাৰ ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত মাটিত পুতি থোৱা অৱস্থাত আৰক্ষীয়ে সন্তোষৰ মৃতদেহ উদ্ধাৰ কৰিছিল।

এই অপহৰণ আৰু হত্যাকাণ্ডক কেন্দ্ৰ কৰি আজিও পাৰ্বত্য জিলাৰ সামগ্ৰিক পৰিস্থিতি উত্তপ্ত হৈয়ে আছে। হত্যাকাণ্ডৰ লগত জিলাৰ তেতিয়াৰ উপ আৰক্ষী অধীক্ষক সূৰ্যকান্ত মৰাঙৰ নাম সাঙোৰ খাইছিল।

কিন্তু চৰকাৰে জিলাৰ আৰক্ষী অধীক্ষকৰ উপৰি অভিযুক্ত সূৰ্যকান্ত মৰাংক ইয়াৰ পৰা বদলি কৰিছে।

এতিয়া ৰাইজ তথা বিভিন্ন দল সংগঠনৰ দাবী হ’ল সূৰ্যকান্তক গ্ৰেপ্তাৰ কৰিব লাগে। অৱশ্যে অলপতে নৱাগত আৰক্ষী অধীক্ষক জয়ন্ত সিঙে হাৰাঙ্গাজাও আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া অংশু ৰাজকুমাৰক সন্তোষৰ পৰিয়ালৰ এজাহাৰ লোৱাত আপত্তি কৰা কাৰণে চাকৰিৰ পৰা নিলম্বিত কৰিছে।

ইপিনে অনশনত ভাগ লোৱা আডছু জিলা সভাপতি উত্তম লাংঠাছা আৰু ডিমাছা ষ্টুডেন্ট য়ুনিয়নৰ কেন্দ্ৰীয় কমিটিৰ সাধাৰণ সম্পাদক প্ৰমিত চেঙগুইনে প্ৰাক্তন ডিএইচ্ছডি সদস্য তথা ব্যৱসায়ী সন্তোষ হোজাই অপহৰণ আৰু হত্যাকাণ্ডৰ চিবিআই তদন্তৰ দাবী উত্থাপন কৰে।

লগতে প্ৰাক্তন উপ আৰক্ষী অধীক্ষক সূৰ্যকান্ত মৰাঙকো গ্ৰেপ্তাৰ কৰিব লাগে বুলি দাবী জনায়। তৃতীয়তে সন্তোষৰ পৰিয়ালক পৰ্যাপ্ত ক্ষতিপূৰণ দিয়াৰ লগতে সন্তোষৰ পত্নী জয়ন্তা হোজাইক চৰকাৰী চাকৰি দিয়াৰ দাবী জনাইছে।

আনহাতে হাৰাঙ্গাজাও আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া অংশু ৰাজকুমাৰক চাকৰিৰ পৰা নিলম্বিত কৰাৰ কাৰণে নবাগত আৰক্ষী অধীক্ষক জয়ন্ত সিংক ধন্যবাদ জ্ঞাপন কৰে।

পংকজ কুমাৰ দেৱ

পংকজ কুমাৰ দেৱ

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

আই আই টি গুৱাহাটীত চাঞ্চল্যকৰ ঘটনা: শৈক্ষিক ভৱনৰ পৰা পৰি মেধাৱী ছাত্ৰৰ মৃত্যু

আই আই টি গুৱাহাটীত চাঞ্চল্যকৰ ঘটনা: শৈক্ষিক ভৱনৰ পৰা পৰি মেধাৱী ছাত্ৰৰ মৃত্যু

July 27, 2026 10:16 am
জাৰ্মানীত প্ৰাইড ৱাকত ভয়ংকৰ আক্ৰমণ: আৰক্ষীৰ এনকাউণ্টাৰত নিহত আই এছৰ সৈতে সম্পৰ্ক থকা যুৱক

জাৰ্মানীত প্ৰাইড ৱাকত ভয়ংকৰ আক্ৰমণ: আৰক্ষীৰ এনকাউণ্টাৰত নিহত আই এছৰ সৈতে সম্পৰ্ক থকা যুৱক

July 27, 2026 8:19 am
নেপাল ভ্ৰমণলৈ যোৱা ভাৰতীয়লৈ সুখবৰ: এতিয়াৰে পৰা চলিব ২০০ আৰু ৫০০ টকীয়া নোট

নেপাল ভ্ৰমণলৈ যোৱা ভাৰতীয়লৈ সুখবৰ: এতিয়াৰে পৰা চলিব ২০০ আৰু ৫০০ টকীয়া নোট

July 27, 2026 7:20 am
প্ৰাণহানি, প্লাৱিত গাঁও, বিচ্ছিন্ন পথ: উজনি অসমত এন ডি আৰ এফ-এছ ডি আৰ এফৰ যৌথ অভিযানত ৫৬৮ জন উদ্ধাৰ

প্ৰাণহানি, প্লাৱিত গাঁও, বিচ্ছিন্ন পথ: উজনি অসমত এন ডি আৰ এফ-এছ ডি আৰ এফৰ যৌথ অভিযানত ৫৬৮ জন উদ্ধাৰ

July 26, 2026 9:37 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আই আই টি গুৱাহাটীত চাঞ্চল্যকৰ ঘটনা: শৈক্ষিক ভৱনৰ পৰা পৰি মেধাৱী ছাত্ৰৰ মৃত্যু

আই আই টি গুৱাহাটীত চাঞ্চল্যকৰ ঘটনা: শৈক্ষিক ভৱনৰ পৰা পৰি মেধাৱী ছাত্ৰৰ মৃত্যু

July 27, 2026 10:16 am
জাৰ্মানীত প্ৰাইড ৱাকত ভয়ংকৰ আক্ৰমণ: আৰক্ষীৰ এনকাউণ্টাৰত নিহত আই এছৰ সৈতে সম্পৰ্ক থকা যুৱক

জাৰ্মানীত প্ৰাইড ৱাকত ভয়ংকৰ আক্ৰমণ: আৰক্ষীৰ এনকাউণ্টাৰত নিহত আই এছৰ সৈতে সম্পৰ্ক থকা যুৱক

July 27, 2026 8:19 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd