• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, May 11, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

শিৱসাগৰৰ আঠখন তৈলক্ষেত্ৰ বিদেশী কোম্পানীক; বিভিন্ন দল-সংগঠনৰ বিৰোধিতা

পার্শ্বজোতি গগৈ by পার্শ্বজোতি গগৈ
May 19, 2020 9:16 am
20200519_021153

ফটো: নৰ্থইষ্ট নাও

7.3k
VIEWS
Share on FacebookShare on Twitter

শিৱসাগৰৰ আঠখন তৈলক্ষেত্ৰ বিদেশী কোম্পানীৰ হাতত গতাবলৈ লোৱা কেন্দ্ৰীয় চৰকাৰৰ সিদ্ধান্তৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে শিৱসাগৰৰ বিভিন্ন দল সংগঠন।

সদৌ অসম ছাত্ৰ সন্থা,বীৰ লাচিত সেনা,অনুসূচীত জাতি ছাত্ৰ সন্থা,সংগ্ৰামী যুৱ ছাত্ৰ পৰিষদকে ধৰি কেইবাটাও সংগঠনে চৰকাৰৰ এই সিদ্ধান্তক গৰিহণা দিছে।

সদৌ অসম ছাত্ৰ সন্থাৰ শিৱসাগৰ জিলা সমিতিৰ সাধাৰণ সম্পদক সমীৰণ ফুকনে কয়, ‘’অসমৰ সম্পদৰ ওপৰত থকা অধিকাৰ কেন্দ্ৰীয় চৰকাৰে যি ব্যক্তিগত কোম্পানীৰ হাতত গতাই দিব বিচাৰিছে সেই কাৰ্যক শিৱসাগৰ জিলা ছাত্ৰ সন্থাই তীব্ৰ বিৰোধিতা কৰিছো।‘’

‘’অসমৰ সম্পদ আহৰণ কৰি মুনাফা লাভৰ বাবে কেন্দ্ৰীয় চৰকাৰে ব্যক্তিগত কোম্পানীক গতাই দিব বিচাৰিছে এই কথা কেতিয়াও মানি লোৱা নহব। অনাগত দিনত অ’এনজিচি কৰ্তৃপক্ষই উচিত প্ৰত্যুতৰ পাবলৈ সাজু হৈ থাকিব লাগিব,’’ আছু নেতাজনে লগতে কয়।

আনহাতে, বীৰ লাচিত সেনাৰ নেতা চিতু বৰুৱাই কয়,’’লকডাউনৰ সুবিধালৈ অ’এনজিচিয়ে আঠ খনকৈ তৈলক্ষেত্ৰ ব্যক্তিগত কোম্পানী বা বিদেশী কোম্পানীক গতাই দিয়াৰ যি প্ৰক্ৰিয়া আৰম্ভ কৰিলে তাক কোনো কাৰণতে বীৰ লাচিত সেনাই মানি নলয়। তেওঁলোকে অসমীয়াৰ আবেগক লৈ খেলিছে।‘’

বৰুৱাই কয়,‘’অসমৰ মাতৃ গৰ্ভৰ পৰা ওলোৱা প্ৰতিটো সম্পদৰ মালিকীস্বত্ব কোনো বাহিৰাগত কোম্পানীৰ হাতলৈ যোৱাটো কেতিয়াও মানি নলও।‘’

অ’এনজিচিক এনেকাৰ্যৰ পৰা বিৰত থাকিবলৈ সকীয়াই দিয়ে বীৰ লাচিত সেনাই।

বীৰ লাচিত সেনাৰ নেতাজনে লগতে কয় যে এই লকডাউনৰ গইনা লৈ অসমত এক লুন্ঠনৰাজ আৰম্ভ হৈছে। দিহিং পাটকাইত কয়লা খননৰ অনুমতি দিয়া কাৰ্যকো তীব্ৰ গৰিহণা দিয়ে বীৰ লাচিত সেনাই।

অনুসূচীত জাতি ছাত্ৰ সন্থাৰ সম্পাদক পৰশজ্যোতি দাসে কয়, ‘’অসমৰ তৈলক্ষেত্ৰ সমুহ অসমীয়াৰ সম্পদ। এই সম্পদ সমুহ পুজিপতিৰ হাতত গতাই দিবলৈ চৰকাৰক ঠিকা দিয়া নাই। তেজ দিম তেল নিদিও বুলি শ্ল’ গান দিয়া বহু অসমীয়া যুৱক শ্বহীদ হৈছে। এই সকল অসমীয়াৰ কেঁচা তেজক চৰকাৰে অপমান কৰিছে।‘’

তেওঁ চৰকাৰে অসমৰ তৈলক্ষেত্ৰসমুহ পুজিপতিক দিয়াৰ যি হঠকাৰী সিদ্ধান্ত লৈছে তাক পৰিহাৰ কৰিবলৈ দাবী জনায়।

সংগ্ৰামী যুৱ ছাত্ৰ পৰিষদ শিৱসাগৰ জিলা সমিতিৰ সভাপতি বিজয় কৃষ্ণ দুৱৰাই কয় যে নৰেন্দ্ৰ মোডী নেতৃত্বধীন বিজেপি চৰকাৰে লকডাউনৰ সুযোগত ভাৰতৰ বিভিন্ন ৰাজ্যৰ লগতে অ’এনজিচিৰ আঠ খন তৈলক্ষেত্ৰ বহিৰাগত বনিক গোষ্ঠীক গতাই দিয়াৰ যি চক্ৰান্ত কৰিছ তাক সংগ্ৰামী যুৱ ছাত্ৰ পৰিষদ শিৱসাগৰ জিলা সমিতিয়ে কোনো কাৰণতে মানি নলয়।

Recent News

আমেৰিকাৰ চোৰাংচোৱাই লাভ কৰা গোপন তথ্যৰ বাবেই আসন্ন কূটাঘাটত বাধা! তাৰপাছতেই সক্ৰিয় হৈছিল ট্ৰাম্প প্ৰশাসন, CNN-ৰ প্ৰতিবেদনে কি কয়?

আমেৰিকাৰ চোৰাংচোৱাই লাভ কৰা গোপন তথ্যৰ বাবেই আসন্ন কূটাঘাটত বাধা! তাৰপাছতেই সক্ৰিয় হৈছিল ট্ৰাম্প প্ৰশাসন, CNN-ৰ প্ৰতিবেদনে কি কয়?

‘দুয়োখন দেশৰ সৈতে বাণিজ্যিক সম্পৰ্ক সুদৃঢ় কৰিম’, ভাৰত-পাক যুদ্ধবিৰতিৰ পিছত দাবী ট্ৰাম্পৰ

‘দুয়োখন দেশৰ সৈতে বাণিজ্যিক সম্পৰ্ক সুদৃঢ় কৰিম’, ভাৰত-পাক যুদ্ধবিৰতিৰ পিছত দাবী ট্ৰাম্পৰ

পেহেলগামত সন্ত্ৰাসবাদী আক্ৰমণৰ পৰা যুদ্ধবিৰতিলৈকে; এই সময়ছোৱাত কি কি ঘটিল চাই লওক

পেহেলগামত সন্ত্ৰাসবাদী আক্ৰমণৰ পৰা যুদ্ধবিৰতিলৈকে; এই সময়ছোৱাত কি কি ঘটিল চাই লওক

সন্ত্ৰাসবাদ বিৰোধী আইন অনুসৰি বাংলাদেশত নিষিদ্ধ হ’ল শ্বেখ হাছিনাৰ দল আৱামী লীগ

সন্ত্ৰাসবাদ বিৰোধী আইন অনুসৰি বাংলাদেশত নিষিদ্ধ হ’ল শ্বেখ হাছিনাৰ দল আৱামী লীগ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd