• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ভয়াৱহতাৰ ইংগিত! মেঘালয়ত দুস্কৃতিকাৰীয়ে জ্বলালে অসমৰ পঞ্জীয়ন নম্বৰ থকা বাহন

গুলীবৰ্ষণৰ তদন্তৰ দায়িত্ব কেন্দ্ৰীয় সংস্থাৰ হাতত গতালে অসম চৰকাৰে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 23, 2022 6:43 am
Assam Meghalaya Firing
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

পশ্চিম কাৰ্বি-আংলঙত কালি পুৱা সংঘটিত হোৱা গুলীবৰ্ষণৰ পাছতে চুবুৰীয়া ৰাজ্য দুখনৰ মাজত এক উদ্বেগজনক পৰিস্থিতি বিৰাজমান হৈ পৰিছে। ৰাজ্য দুখনৰ মাজত সম্ভাৱ্য ভয়াৱহতাৰ বাবে উদ্বেগ বৃদ্ধি পোৱাৰ সময়তে কালি নিশা মেঘালয়ত অসমৰ পঞ্জীয়ন নম্বৰ থকা এখন বাহনত অগ্নিসংযোগ কৰে দুষ্কৃতিকাৰীয়ে।

মেঘালয়ৰ শিলচৰ চহৰৰ ঝালুপাৰা অঞ্চলত সংঘটিত হৈছে এই ঘটনা। অৱশ্যে এই ঘটনাত এতিয়ালৈকে কোনো লোকৰ হতাহতি বা আহত হোৱাৰ খবৰ পোৱা নাই। বাহনখনত অগ্নিসংযোগৰ পিছতে অগ্নি নিৰ্বাপক বাহিনীৰ লোক তাৎক্ষণিকভাৱে ঘটনাস্থলীত উপস্থিত হয় বুলি জানিব পৰা গৈছে।

Apply Now

ইফালে কালি পুৱা সংঘটিত গুলীবৰ্ষণৰ বাবে মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাই অসম আৰক্ষীক জগৰীয়া কৰাৰ পাছতে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই গুলীবৰ্ষণৰ ঘটনা অসমৰ ভিতৰত হোৱা বুলি দাবী কৰিছে।

এই ভয়াৱহ ঘটনাত ছয়গৰাকীকৈ লোকৰ মৃত্যু হোৱাৰ পিছতে মঙলবাৰে অসম চৰকাৰে কিছু বিশেষ সিদ্ধান্ত গ্ৰহণ কৰে। এই গুলীচালনা সন্দৰ্ভত গুৱহাটী উচ্চ ন্যায়ালয়ৰ এগৰাকী অৱসৰপ্ৰাপ্ত ন্যায়াধীশৰ তদন্তৰ নিৰ্দেশ দিছে অসম চৰকাৰে। তদন্তকাৰী পেনেলক তিনি মাহৰ ভিতৰত প্ৰতিবেদন দাখিলৰ সময় দিছে ৰাজ্য চৰকাৰে।

ইফালে ঘটনাৰ পৰিপ্ৰেক্ষিতত পশ্চিম কাৰ্বি আংলঙৰ আৰক্ষী অধীক্ষক ইমদাদ আলীক বদলি কৰি মৃণাল ডেকাক জিলাখনৰ নতুন আৰক্ষী অধীক্ষক হিচাপে নিযুক্তি দিয়া হৈছে। জিৰিকিংডিং থানাৰ ভাৰপ্ৰাপ্ত বিষয়া কাজল নাথক নিলম্বন কৰা হৈছে।

অসম চৰকাৰে এই উদ্বেগজনক ঘটনাৰ তদন্ত কেন্দ্ৰীয় সংস্থা এটাক গতাই দিয়াৰ সিদ্ধান্ত লয়। আনহাতে এই গুলীবৰ্ষণৰ ঘটনাই সৃষ্টি কৰিব পৰা আসন্ন বিপদৰ আশংকাত অসম আৰক্ষীয়ে মেঘালয়ৰ ৰাজধানী শ্বিলং আৰু পূব খাছি পাহাৰ জিলাৰ মুখ্য কাৰ্যালয়লৈ যোৱা বাহনৰ চলাচলত বাধা আৰোপ কৰে।

গুলীবৰ্ষণত নিহত লোকসকলৰ পৰিয়ালক ৫ লাখ টকাকৈ ক্ষতিপূৰণ দিয়া হ’ব বুলি ঘোষণা কৰিছে অসম চৰকাৰে।

স্মৰ্তব্য যে গুলীবৰ্ষণৰ এই ঘটনাৰ বাবে মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাই অসম আৰক্ষীক জগৰীয়া কৰিছিল। অসম আৰক্ষী আৰু অসম বনৰক্ষীয়ে মেঘালয়ত প্রৱেশ কৰি অপ্ৰৰোচিতভাৱে গুলীচালনা কৰা বুলি কনৰাড চাংমাই অভিযোগ কৰিছিল।

কালি দিনৰ ভাগত এক সংবাদ মেল সম্বোধন কৰি চাংমাই এই ঘটনাৰ বাবে অসম আৰক্ষীক গৰিহণা দিয়াৰ লগতে এই অমানৱীয় কাণ্ডৰ দায়ীসকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ প্ৰতিশ্ৰুতি দিছিল। আনহাতে এই ঘটনাৰ চিবিআই তদন্তও দাবী কৰিছে মেঘালয়ে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ভাৰতীয় পুতলা নিৰ্মাতাসকলক বিশ্বৰ বৃহৎ বজাৰ দখল কৰিবলৈ আহ্বান নিৰ্মলা সীতাৰমণৰ

ভাৰতীয় পুতলা নিৰ্মাতাসকলক বিশ্বৰ বৃহৎ বজাৰ দখল কৰিবলৈ আহ্বান নিৰ্মলা সীতাৰমণৰ

July 7, 2026 8:43 pm
প্ৰকৃত তৃণমূল কোনটো? উত্তৰৰ বাবে ঋতব্ৰত গোটক সময়সীমা বান্ধি দিলে নিৰ্বাচন আয়োগে

প্ৰকৃত তৃণমূল কোনটো? উত্তৰৰ বাবে ঋতব্ৰত গোটক সময়সীমা বান্ধি দিলে নিৰ্বাচন আয়োগে

July 7, 2026 8:41 pm
তাজমহল আচলতে হিন্দু মন্দিৰ ‘তেজো মহালয়’ নেকি? কেন্দ্ৰীয় চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে এলাহাবাদ উচ্চ ন্যায়ালয়ে

তাজমহল আচলতে হিন্দু মন্দিৰ ‘তেজো মহালয়’ নেকি? কেন্দ্ৰীয় চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে এলাহাবাদ উচ্চ ন্যায়ালয়ে

July 7, 2026 8:22 pm
পুৰণি গাড়ীৰ মটৰ আৰু ৰবৰৰ অংশ নষ্ট কৰিব পাৰে ই ২০ ইন্ধনে, পোহৰলৈ আহিল এআৰএআইৰ গোপন প্ৰতিবেদন

পুৰণি গাড়ীৰ মটৰ আৰু ৰবৰৰ অংশ নষ্ট কৰিব পাৰে ই ২০ ইন্ধনে, পোহৰলৈ আহিল এআৰএআইৰ গোপন প্ৰতিবেদন

July 7, 2026 7:33 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভাৰতীয় পুতলা নিৰ্মাতাসকলক বিশ্বৰ বৃহৎ বজাৰ দখল কৰিবলৈ আহ্বান নিৰ্মলা সীতাৰমণৰ

ভাৰতীয় পুতলা নিৰ্মাতাসকলক বিশ্বৰ বৃহৎ বজাৰ দখল কৰিবলৈ আহ্বান নিৰ্মলা সীতাৰমণৰ

July 7, 2026 8:43 pm
প্ৰকৃত তৃণমূল কোনটো? উত্তৰৰ বাবে ঋতব্ৰত গোটক সময়সীমা বান্ধি দিলে নিৰ্বাচন আয়োগে

প্ৰকৃত তৃণমূল কোনটো? উত্তৰৰ বাবে ঋতব্ৰত গোটক সময়সীমা বান্ধি দিলে নিৰ্বাচন আয়োগে

July 7, 2026 8:41 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd