ভয়াৱহতাৰ ইংগিত! মেঘালয়ত দুস্কৃতিকাৰীয়ে জ্বলালে অসমৰ পঞ্জীয়ন নম্বৰ থকা বাহন

গুলীবৰ্ষণৰ তদন্তৰ দায়িত্ব কেন্দ্ৰীয় সংস্থাৰ হাতত গতালে অসম চৰকাৰে

Assam Meghalaya Firing

পশ্চিম কাৰ্বি-আংলঙত কালি পুৱা সংঘটিত হোৱা গুলীবৰ্ষণৰ পাছতে চুবুৰীয়া ৰাজ্য দুখনৰ মাজত এক উদ্বেগজনক পৰিস্থিতি বিৰাজমান হৈ পৰিছে। ৰাজ্য দুখনৰ মাজত সম্ভাৱ্য ভয়াৱহতাৰ বাবে উদ্বেগ বৃদ্ধি পোৱাৰ সময়তে কালি নিশা মেঘালয়ত অসমৰ পঞ্জীয়ন নম্বৰ থকা এখন বাহনত অগ্নিসংযোগ কৰে দুষ্কৃতিকাৰীয়ে।

মেঘালয়ৰ শিলচৰ চহৰৰ ঝালুপাৰা অঞ্চলত সংঘটিত হৈছে এই ঘটনা। অৱশ্যে এই ঘটনাত এতিয়ালৈকে কোনো লোকৰ হতাহতি বা আহত হোৱাৰ খবৰ পোৱা নাই। বাহনখনত অগ্নিসংযোগৰ পিছতে অগ্নি নিৰ্বাপক বাহিনীৰ লোক তাৎক্ষণিকভাৱে ঘটনাস্থলীত উপস্থিত হয় বুলি জানিব পৰা গৈছে।

ইফালে কালি পুৱা সংঘটিত গুলীবৰ্ষণৰ বাবে মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাই অসম আৰক্ষীক জগৰীয়া কৰাৰ পাছতে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই গুলীবৰ্ষণৰ ঘটনা অসমৰ ভিতৰত হোৱা বুলি দাবী কৰিছে।

এই ভয়াৱহ ঘটনাত ছয়গৰাকীকৈ লোকৰ মৃত্যু হোৱাৰ পিছতে মঙলবাৰে অসম চৰকাৰে কিছু বিশেষ সিদ্ধান্ত গ্ৰহণ কৰে। এই গুলীচালনা সন্দৰ্ভত গুৱহাটী উচ্চ ন্যায়ালয়ৰ এগৰাকী অৱসৰপ্ৰাপ্ত ন্যায়াধীশৰ তদন্তৰ নিৰ্দেশ দিছে অসম চৰকাৰে। তদন্তকাৰী পেনেলক তিনি মাহৰ ভিতৰত প্ৰতিবেদন দাখিলৰ সময় দিছে ৰাজ্য চৰকাৰে।

ইফালে ঘটনাৰ পৰিপ্ৰেক্ষিতত পশ্চিম কাৰ্বি আংলঙৰ আৰক্ষী অধীক্ষক ইমদাদ আলীক বদলি কৰি মৃণাল ডেকাক জিলাখনৰ নতুন আৰক্ষী অধীক্ষক হিচাপে নিযুক্তি দিয়া হৈছে। জিৰিকিংডিং থানাৰ ভাৰপ্ৰাপ্ত বিষয়া কাজল নাথক নিলম্বন কৰা হৈছে।

অসম চৰকাৰে এই উদ্বেগজনক ঘটনাৰ তদন্ত কেন্দ্ৰীয় সংস্থা এটাক গতাই দিয়াৰ সিদ্ধান্ত লয়। আনহাতে এই গুলীবৰ্ষণৰ ঘটনাই সৃষ্টি কৰিব পৰা আসন্ন বিপদৰ আশংকাত অসম আৰক্ষীয়ে মেঘালয়ৰ ৰাজধানী শ্বিলং আৰু পূব খাছি পাহাৰ জিলাৰ মুখ্য কাৰ্যালয়লৈ যোৱা বাহনৰ চলাচলত বাধা আৰোপ কৰে।

গুলীবৰ্ষণত নিহত লোকসকলৰ পৰিয়ালক ৫ লাখ টকাকৈ ক্ষতিপূৰণ দিয়া হ’ব বুলি ঘোষণা কৰিছে অসম চৰকাৰে।

স্মৰ্তব্য যে গুলীবৰ্ষণৰ এই ঘটনাৰ বাবে মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাই অসম আৰক্ষীক জগৰীয়া কৰিছিল। অসম আৰক্ষী আৰু অসম বনৰক্ষীয়ে মেঘালয়ত প্রৱেশ কৰি অপ্ৰৰোচিতভাৱে গুলীচালনা কৰা বুলি কনৰাড চাংমাই অভিযোগ কৰিছিল।

কালি দিনৰ ভাগত এক সংবাদ মেল সম্বোধন কৰি চাংমাই এই ঘটনাৰ বাবে অসম আৰক্ষীক গৰিহণা দিয়াৰ লগতে এই অমানৱীয় কাণ্ডৰ দায়ীসকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ প্ৰতিশ্ৰুতি দিছিল। আনহাতে এই ঘটনাৰ চিবিআই তদন্তও দাবী কৰিছে মেঘালয়ে।