NORTHEAST NOW (Assamese)

‘চেলিব্ৰিটি মাষ্টাৰচেফ ইণ্ডিয়া’ৰ জয়ী হিচাপে আত্মপ্ৰকাশ সুদৰ্শন অভিনেতা গৌৰৱ খান্নাৰ

April 12, 2025 1:16 pm · এন ই নাও নিউজ, গুৱাহাটী
Updated: April 12, 2025 1:18 pm

টেলিভিছনৰ হাৰ্টথ্ৰব গৌৰৱ খান্নাই চেলিব্ৰিটি মাষ্টাৰচেফ ইণ্ডিয়াৰ প্ৰথম ছিজনৰ বিজয়ী হিচাপে আত্মপ্ৰকাশ কৰিছে। গৌৰৱে তেওঁৰ ৰন্ধনৰ কৌশল আৰু দক্ষতাৰে দৰ্শক আৰু বিচাৰকক সন্মোহিত কৰা দেখা গৈছিল।

১১ এপ্ৰিলত চ’নী এণ্টাৰটেইনমেণ্ট টেলিভিছনত প্ৰচাৰিত এই গ্ৰেণ্ড ফিনালেত খান্নাই হাই ষ্টেকছ কুক অফত ফাইনেলিষ্ট নিকি টাম্বোলি, তেজস্বী প্ৰকাশ, ফৈছাল শ্বেইখ, আৰু ৰাজীৱ আদাতিয়াক পাছ পেলাই জয়ী হিচাপে চিহ্নিত হয়।

গৌৰৱৰ চূড়ান্ত ব্যঞ্জনে বিচাৰক সঞ্জীৱ কাপুৰ, বিকাশ খান্না, ৰণবীৰ ব্ৰাৰ, আৰু ফাৰাহ খানক কৰি তোলে। বিজয়ী হিচাপে গৌৰৱক সোণালী ট্ৰফী, মাষ্টাৰচেফৰ কোট আৰু ২০ লাখ নগদ ধনৰ পুৰস্কাৰ আগবঢ়োৱা হৈছে।

Related News