বলীউদৰ প্ৰসিদ্ধ অভিনেতা,‘শ্বোলে’ৰ ‘চূৰ্মা ভূপালী’ খ্যাত জগদীপৰ দেহাৱসান

jagdeep

বলীউদৰ বৰ্ষীয়ান অভিনেতা জগদীপৰ বুধবাৰে পৰলোকপ্ৰাপ্তি ঘটে। কিছুদিন ধৰি তেওঁ শাৰীৰিকভাৱে অসুস্থ হৈ আছিল। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৮১বছৰ।

প্ৰকৃত নাম ছায়েদ ইছতেফাক আহমেদ জাফ্ৰী আছিল যদিও বলীউদত জগদীপ নামেৰেই তেওঁ সুপৰিচিত আছিল।

ৰমেশ চিপ্পি পৰিচালিত সৰ্বকালৰ জনপ্ৰিয় তথা বলীউদৰ অন্যতম শ্ৰেষ্ঠ ছবি হিচাপে পৰিঘণিত হোৱা ‘শ্বোলে’ৰ ‘চূৰ্মা ভূপালী’ চৰিত্ৰত কৰা অবিনয়ৰ বাবে জগদীপক সকলোৱে মনত ৰাখিছে।

ছবিখনত থকা ‘মেৰা নাম চূৰ্মা ভূপালী এইছে হি নেহী হেয়’ সংলাপটো হয়তো এতিয়াও দৰ্শকৰ কাণত বাজি আছে।

‘আন্দাজ অপনা অপনা’ ছবিখনত চলমান খানৰ পিতৃ বাংকেলালৰ ভূমিকাত দুৰ্দান্ত অভিনয় কৰিছিল অভিনেতা জগদীপে।

অভিনেতাগৰাকীয়ে বেছিভাগ ছবিতে কৌতুক চৰিত্ৰত অভিনয় কৰিছিল।

ৰামছে ব্ৰাদাৰ্ছৰ হৰৰ ছবি ‘পুৰাণা মন্দিৰ’তো তেওঁ অভিনয় কৰিছিল। সেইদৰে, ‘কুৰ্বানি’ আৰু ‘ছাহেনছাহ’ ছবিত কৰা জগদীপৰ অভিনয়ে সকলোকে মুগ্ধ কৰিছিল।

১৯৮৮চনত পৰিচালক হিচাপে তেওঁ নিৰ্মাণ কৰিছিল এখন ছবি ‘চূৰ্মা ভূপালী’। ‘শেবোলে’ত নিজে অভিনয় কৰা চৰিত্ৰটোকে আলম হিচাপে লৈ ছবিখনৰ চিত্ৰনাট্য ৰচনা কৰা হৈছিল।

ছবিখনত মুখ্য ভূমিকাতো জগদীপে নিজেই অভিনয় কৰিছিল। ছবিখনত অমিতাভ বচ্চন, ধৰ্মেন্দ্ৰ আৰু ৰেখাই অতিথি শিল্পী হিচাপে ভূমুকি মাৰিছিল।

জগদীপে বিমল ৰায়ৰ ‘দো বিঘা জমীন’, গুৰু দত্তৰ ‘আৰ পাৰ’ ছবিত শিশু শিল্পী হিচাপে অভিনয় কৰিছিল।

নিজৰ ছয় দশকজোৰা কেৰিয়াৰত জগদীপে প্ৰায় ৩০০ৰো অধিক ছবিত অভিনয় কৰিছিল।