• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 16, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

প্ৰসিদ্ধ সাংস্কৃতিক কৰ্মী, নাট্যকাৰ, সাহিত্যিক তথা অভিনেতা ৰত্ন ওজাৰ দেহাৱসান

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , December 31, 2019 9:44 am

2 min read

hqdefault

প্ৰসিদ্ধ সাংস্কৃতিক কৰ্মী ৰত্ন ওজাৰ ফাইল ফটো। ফটো: য়ুটিউবৰ সৌজন্যত

644
VIEWS
Share on FacebookShare on Twitter

প্ৰসিদ্ধ সাংস্কৃতিক কৰ্মী, সাহিত্যিক, নাট্যকাৰ তথা অভিনেতা ৰত্ন ওজাৰ আজি গুৱাহাটীত দেহাৱসান ঘটে।

কিছুদিন ধৰি অসুস্থ হৈ থকা ওজাৰ নিশা ১ বজাত ৮৯ বছৰ বয়সত পৰলোকপ্ৰাপ্তি ঘটে।

ৰত্ন ওজা বিভিন্ন সাংস্কৃতিক অনুষ্ঠানৰ সৈতে জড়িত আছিল। তেওঁ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ সাধাৰণ পৰিষদৰ লগতে উত্তৰ-পূব মাণ্ডলিক সাংস্কৃতিক কেন্দ্ৰৰ সৈতেও জড়িত আছিল। কলাক্ষেত্ৰৰ তেওঁ উপ সভাপতি পদো অলংকৃত কৰিছিল।

তেওঁ ভূপেন হাজৰিকা সাংস্কৃতিক ন্যাসৰো উপ সভাপতি আছিল।

“গহ্বৰ’, “উৰ্বৰ’ আৰু “কবৰ’ এই তিনিখন উচ্চ মানৰ নাট ৰচনা কৰা ওজা গহ্বৰ নাট্যগোষ্ঠীৰো জনক আছিল।

বহুমুখী শিল্প প্ৰতিভাৰে নিজকে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হোৱা ওজাই কেইবাখনো উপন্যাস আৰু কাব্যপুথিও ৰচনা কৰিছিল।

তেওঁ “নামঘৰ’ নামৰ তথ্যচিত্ৰ এখনো নিৰ্মাণ কৰিছিল। ৰত্ন ওজা অসমত বাটৰ নাটৰো বাটকটীয়া আছিল।

বৰপেটা জন্মগ্ৰহণ কৰা ৰত্ন ওজাই নটসূৰ্য বঁটা আৰু সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকা বঁটাৰেও সন্মানিত হৈছিল।

অসম নাট্য সন্মিলনৰ প্ৰাক্তন সভাপতি ৰত্ন ওজাৰ মৃত্যুত অসম নাট্য সন্মিলনে গভীৰ শোক প্ৰকাশ কৰি শোকসন্তপ্ত পৰায়াললৈ গভীৰ সমবেদনা জ্ঞাপন কৰে।

অসম নাট্য সন্মিলনে ওজাৰ মৃত্যুত তিনিদিনীয়া শোক পালন কৰাৰো সিন্ধান্ত গ্ৰহণ কৰিছে।

উল্লেখযোগ্য যে অসমীয়া ভাষা-সংস্কৃতিৰ প্ৰতি অগাধ ভালপোৱা আৰু শ্ৰদ্ধা ৰখা অশীতিপৰ ওজাক শেহতীয়াকৈ নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধেও সৰৱ হোৱা দেখা গৈছিল।

Recent News

aa del

কলিয়াবৰত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ওলাই অহা গঁড়ৰ আতংক

জম্মু-কাশ্মীৰত প্ৰৱেশৰ বাবে সীমান্তত বাহৰ পাতিছে ৩০০-৪০০ পাকিস্তানী সন্ত্ৰাসবাদীয়ে : স্থলসেনা প্ৰধান

জম্মু-কাশ্মীৰত প্ৰৱেশৰ বাবে সীমান্তত বাহৰ পাতিছে ৩০০-৪০০ পাকিস্তানী সন্ত্ৰাসবাদীয়ে : স্থলসেনা প্ৰধান

New-Project-20

বাৰ্ড ফ্লু সত্বেও অন্ধ্ৰপ্ৰদেশত প্ৰতি কিলো কুকুৰাৰ মাংসৰ দাম হৈছেগৈ ১০০০ টকা!

হৃদৰোগত আক্ৰান্ত হৈ হাৰ্দিক আৰু ক্ৰুণাল পাণ্ডেয়াৰ পিতৃৰ দেহাৱসান

হৃদৰোগত আক্ৰান্ত হৈ হাৰ্দিক আৰু ক্ৰুণাল পাণ্ডেয়াৰ পিতৃৰ দেহাৱসান

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd