• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, August 24, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

প্ৰবীণ সাংবাদিক তথা লেখক এম এছ প্ৰভাকৰৰ মৃত্যু

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 29, 2022 3:30 pm
MS Prabhakara
4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দেশৰ এগৰাকী স্বনামধন্য প্ৰবীণ সাংবাদিক তথা লেখক এম এছ প্ৰভাকৰে আজি শেষ নিশ্বাস ত্যাগ কৰিছে। কৰ্ণাটকৰ কোলাৰত থকা নিজ বাসগৃহত বিশিষ্ট সাংবাদিক গৰাকীৰ মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৮৬ বছৰ।

স্বাস্থ্যৰ অৱনতিৰ বাবে প্ৰভাকৰক কিছুদিন পূৰ্বে চিকিৎসালয়ত ভৰ্তি কৰা হৈছিল যদিও তিনিদিন পূৰ্বে স্বাস্থ্যৰ অৱস্থা কিছু সুস্থিৰ হোৱাৰ বাবে তেওঁক চিকিৎসালয়ৰ পৰা অব্যাহতি দিয়া হৈছিল।

Apply Now

উল্লেখ্য যে প্ৰভাকৰৰ অসমৰ সৈতে আছিল এক সু-সম্পৰ্ক। তেওঁ প্ৰথমে গুৱাহাটী বিশ্ববিদ্যালয়ত ইংৰাজী শিক্ষক হিচাপে আৰু তাৰ পিছত সাংবাদিক হিচাপে অসমত প্ৰায় চাৰিটা দশক কটাইছিল।

ৰাষ্ট্ৰীয় সংবাদ সংস্থা দ্য হিন্দু আৰু ফ্ৰন্টলাইনৰ সৈতে জড়িত হৈ সাংবাদিক হিচাপে উত্তৰ-পূবৰ খা-খবৰ দেশৰ আগত দাঙি ধৰিছিল প্ৰভাকৰে। প্ৰবীণ সাংবাদিকগৰাকীয়ে দ্য হিন্দুত যোগদান কৰাৰ পূৰ্বে ইকনমিক এণ্ড পলিটিকেল উইকলিৰ সহকাৰী সম্পাদক হিচাপেও জড়িত আছিল।

‘অণ্ডু তোলা পুনুগু মট্টু ইতাৰা কাথেগালু’ নামৰ গ্ৰন্থখনৰ জৰিয়তে এগৰাকী কানাড়া লেখক হিচাপেও জনপ্ৰিয়তা অৰ্জন কৰিছিল প্ৰভাকৰে। কানাড়া সাহিত্য মহলত তেওঁ ‘কামৰূপী’ ছদ্মনামেৰে জনাজাত আছিল।

১৯৭১ চনত প্ৰকাশিত ‘কুডুৰেমট্টে’ আছিল প্ৰভাকৰৰ দ্বাৰা ৰচিত আটাইতকৈ বিখ্যাত উপন্যাসখন। এই গ্ৰন্থখনৰ বাবে তেওঁ কৰ্ণাটক সাহিত্য একাডেমীৰ বঁটা লাভ কৰিছিল। পিছত জি.ভি. আয়াৰে এই উপন্যাসখনক চলচ্চিত্ৰৰ ৰূপ দিয়ে।

পৰৱৰ্তী সময়ত তেওঁ ‘ঘোঁৰাৰ ডিমা’ নামেৰে উপন্যাসখনৰ অসমীয়া সংস্কৰণ প্ৰকাশ কৰে। অৱসৰৰ পিছত ২০১৩ চনত জন্মস্থান কোলাৰলৈ উভতি যায় প্ৰভাকৰ।

প্ৰবীণ সাংবাদিক গৰাকীক অসমসহ উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজনৈতিক বিশেষজ্ঞ হিচাপে গণ্য কৰা হৈছিল। নিজৰ লেখাৰ জৰিয়তে তেওঁ উত্তৰ-পূৰ্বাঞ্চলৰ বিদ্ৰোহ আৰু জনগোষ্ঠীয় সমস্যাসমূহৰ ওপৰত বিস্তৃতভাৱে আলোকপাত কৰিছিল।

‘লুকিং বেক ইনটু দ্য ফিউচাৰ’ নামৰ উত্তৰ-পূব ভাৰতৰ ওপৰত ৰচনা কৰা গ্ৰন্থ খনত প্ৰভাকৰে উত্তৰ-পূব ভাৰতৰ পৰিচয়, জাতি-জনগোষ্ঠী, সাৰ্বভৌমত্ব, বিদ্ৰোহৰ প্ৰশ্নসমূহ দাঙি ধৰিছিল।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ভিক্ষা কৰিয়েই কটালে জীৱন! মৃত্যুৰ পাছত বৃদ্ধাৰ কোঠাত উদ্ধাৰ ৮.৪০ লাখ টকা

ভিক্ষা কৰিয়েই কটালে জীৱন! মৃত্যুৰ পাছত বৃদ্ধাৰ কোঠাত উদ্ধাৰ ৮.৪০ লাখ টকা

August 24, 2026 6:03 pm
ৰামদেৱ আৰু কংগনাৰ বাক যুদ্ধ : কংগনাক কি উত্তৰ দিলে বাবা ৰামদেৱে?‎

ৰামদেৱ আৰু কংগনাৰ বাক যুদ্ধ : কংগনাক কি উত্তৰ দিলে বাবা ৰামদেৱে?‎

August 24, 2026 5:37 pm
মণিপুৰত পুনৰ জ্বলি উঠিল হিংসাৰ জুই : গুলীত আহত CRPF জোৱান, জ্বলাই দিলে দুটাকৈ ঘৰ

মণিপুৰত পুনৰ জ্বলি উঠিল হিংসাৰ জুই : গুলীত আহত CRPF জোৱান, জ্বলাই দিলে দুটাকৈ ঘৰ

August 24, 2026 5:28 pm
দৰিদ্ৰ পৰিয়াললৈ বছৰি ৩টা বিনামূলীয়া গেছ চিলিণ্ডাৰ, কিন্নৰ সকলৰ বাবে বিনামূলীয়া বাছ সেৱা : ঘোষণা বিজয়ৰ

দৰিদ্ৰ পৰিয়াললৈ বছৰি ৩টা বিনামূলীয়া গেছ চিলিণ্ডাৰ, কিন্নৰ সকলৰ বাবে বিনামূলীয়া বাছ সেৱা : ঘোষণা বিজয়ৰ

August 24, 2026 5:16 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভিক্ষা কৰিয়েই কটালে জীৱন! মৃত্যুৰ পাছত বৃদ্ধাৰ কোঠাত উদ্ধাৰ ৮.৪০ লাখ টকা

ভিক্ষা কৰিয়েই কটালে জীৱন! মৃত্যুৰ পাছত বৃদ্ধাৰ কোঠাত উদ্ধাৰ ৮.৪০ লাখ টকা

August 24, 2026 6:03 pm
ৰামদেৱ আৰু কংগনাৰ বাক যুদ্ধ : কংগনাক কি উত্তৰ দিলে বাবা ৰামদেৱে?‎

ৰামদেৱ আৰু কংগনাৰ বাক যুদ্ধ : কংগনাক কি উত্তৰ দিলে বাবা ৰামদেৱে?‎

August 24, 2026 5:37 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd