• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নলবাৰীত বৰদিনৰ আয়োজন লণ্ডভণ্ড কৰা বজৰং-বিশ্ব হিন্দু পৰিষদৰ নেতাক গ্ৰেপ্তাৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 26, 2025 8:25 am
12
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বৰদিনৰ ঠিক আগদিনা নলবাৰী জিলাত ধৰ্মীয় সম্প্ৰীতিক লৈ উত্তেজনাৰ সৃষ্টি হয়। নলবাৰী জিলাৰ পানীগাঁও অঞ্চলৰ ছেইণ্ট মেৰীছ ইংৰাজী বিদ্যালয়ত বৰদিনৰ আয়োজন লণ্ডভণ্ড কৰি বিপদত পৰিছে বিশ্ব হিন্দু পৰিষদ আৰু বজৰংগ দলৰ একাংশ নেতা কৰ্মী।

অভিযোগ অনুসৰি তেওঁলোকে বিদ্যালয় চৌহদত প্ৰৱেশ কৰি বৰদিনৰ সাজ-সজ্জা বিনষ্ট কৰাৰ লগতে কিছু সামগ্ৰীত জুই লগাই দিয়ে। এই ঘটনাই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰে।

Apply Now

বেলশৰ থানাত দাখিল কৰা লিখিত অভিযোগত বিদ্যালয়খনৰ অধ্যক্ষ ফাদাৰ বাইজু চেবাষ্টিয়ানে কয় যে ২৪ ডিচেম্বৰৰ নিশা প্ৰায় ২:৩০ বজাত একাংশ অচিনাক্ত ব্যক্তিয়ে অবৈধভাৱে বিদ্যালয় চৌহদত প্ৰৱেশ কৰে। বৰদিনৰ বাবে প্ৰস্তুত কৰা বাহিৰৰ সাজ-সজ্জা, ষ্ট্ৰিং লাইট, টাব গছ আৰু অন্যান্য সামগ্ৰী ভাঙি ছিঙি লণ্ডভণ্ড কৰে। অভিযোগ অনুসৰি, সামগ্ৰীবোৰ লণ্ডভণ্ড কৰাৰ লগতে কিছু সামগ্ৰীত জুই লগাই দিয়াত বিদ্যালয়খনৰ সা-সম্পত্তিৰ যথেষ্ট ক্ষতিসাধন হয়।

আৰক্ষী সূত্ৰই জনোৱা মতে, অভিযোগ লাভ কৰাৰ পিছত ভাৰতীয় দণ্ডবিধিৰ (আই পি চি), ২০২৩ৰ ৩২৯(৩), ৩২৬(এফ), ১৮৯(২), ৩৫১(২), ৩২৪(৩), ৩২৪(৪) আৰু ৬১(২) ধাৰাত বেলশৰ থানাত গোচৰ ৰুজু কৰা হৈছে। উপ-পৰিদৰ্শক চানক্য দাসক এই কাণ্ডৰ তদন্তৰ দায়িত্ব অৰ্পণ কৰা হৈছে। আৰক্ষীয়ে ক্ষিপ্ৰতাৰে তদন্ত আৰম্ভ কৰি সাক্ষীৰ বক্তব্য সংগ্ৰহ কৰে।

তদন্তৰ ভিত্তিত চাৰিজন লোকক গ্ৰেপ্তাৰ কৰা হৈছে। আটক কৰা কেইজন হ’ল বিশ্ব হিন্দু পৰিষদৰ জিলা সম্পাদক ভাস্কৰ ডেকা (৩৪); ভিএইচপিৰ উপ-সভাপতি মানস জ্যোতি পাটগিৰি (৩২), ভি এইচ পিৰ উপ-সচিব বিজু দত্ত (৩৪) আৰু বজৰং দলৰ জিলা আহ্বায়ক নয়ন তালুকদাৰ (৩৭)। আটাইকেইজন নলবাৰী জিলাৰ বাসিন্দা। আৰক্ষীয়ে জনোৱা মতে, ধৃতসকলক আদালতত হাজিৰ কৰা হৈছে আৰু প্ৰয়োজন হ’লে তেওঁলোকক অধিক সোধা-পোছাৰ বাবে জিম্মাত ৰখা হ’ব।

স্থানীয় সূত্ৰ আৰু প্ৰত্যক্ষদৰ্শীয়ে দাবী কৰা মতে, বৰদিনৰ পূৰ্বে একাংশ শ্ৰমিকে বিদ্যালয় চৌহদত প্ৰৱেশ কৰি “জয় শ্ৰী ৰাম”, “জয় হিন্দু ৰাষ্ট্ৰ” আৰু “ভাৰত মাতা কি জয়” আদি শ্লোগান দি সাজ-সজ্জা ভাঙি পেলায়। প্ৰত্যক্ষদৰ্শীয়ে জনোৱা মতে, বজৰং দলৰ একাংশ সদস্যই প্ৰথমে বিদ্যালয়ত প্ৰৱেশ কৰে। এই ঘটনাই বিদ্যালয় কৰ্তৃপক্ষ আৰু অভিভাৱকৰ মাজত আতংক বিয়পাই দিয়ে।

ঘটনাৰ পিছতে প্ৰশাসনে তৎপৰতাৰে ব্যৱস্থা গ্ৰহণ কৰে। পৰিস্থিতি যাতে নিয়ন্ত্ৰণৰ বাহিৰলৈ নাযায় তাৰ বাবে অঞ্চলটোত অতিৰিক্ত আৰক্ষী মোতায়েন কৰা হয়। জিলা প্ৰশাসনৰ এগৰাকী বিষয়াই কয় যে আইন-শৃংখলা বজাই ৰখাটোৱেই সৰ্বোচ্চ অগ্ৰাধিকাৰ আৰু ধৰ্মীয় উৎসৱ বা শিক্ষানুষ্ঠানৰ নিৰাপত্তা বিঘ্নিত হ’ব দিব নোৱাৰিব।

এই ঘটনাক লৈ সমাজৰ বিভিন্ন শ্ৰেণীৰ পৰা উদ্বেগ প্ৰকাশ কৰা হৈছে। বহুতে অনুভৱ কৰে যে ধৰ্মীয় উৎসৱৰ আশে-পাশে এনেধৰণৰ ভাঙি-ছিঙি কেৱল আইন উলংঘা কৰাই নহয়, সামাজিক সম্প্ৰীতিৰ বাবেও ক্ষতিকাৰক। বিশেষজ্ঞসকলৰ মতে অসমৰ দৰে বহুধৰ্মীয় আৰু বহুসংস্কৃতিৰ ৰাজ্যত শান্তিপূৰ্ণ সহাৱস্থান বজাই ৰাখিবলৈ প্ৰশাসনকে ধৰি সমাজৰ সকলো খণ্ডই দায়িত্বশীল ভূমিকা পালন কৰিব লাগিব।

আৰক্ষীৰ দাবী, তদন্তত নিৰপেক্ষতা বজাই ৰাখি আইন অনুসৰি দোষীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হ’ব। ইয়াৰ উপৰিও বিদ্যালয় কৰ্তৃপক্ষৰ ক্ষতিৰ পৰিমাণ নিৰ্ণয় কৰা হৈছে। বৰদিনৰ পূৰ্বে সংঘটিত হোৱা এই ঘটনাই নলবাৰী জিলাত ধৰ্মীয় সম্প্ৰীতি আৰু সহনশীলতাৰ ওপৰত এক নতুন চৰ্চাৰ সৃষ্টি কৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গহপুৰত গ্ৰীষ্মকালীন কৰ্মশালাৰ শুভাৰম্ভ

গহপুৰত গ্ৰীষ্মকালীন কৰ্মশালাৰ শুভাৰম্ভ

July 16, 2026 8:44 pm
কি ঘটনা? দেশৰ সৰ্ববৃহৎ পাৰমাণৱিক শক্তি কেন্দ্ৰৰ তথ্য ফাদিল, ডাৰ্ক ৱেবত ১৯ হাজাৰ ফাইল

কি ঘটনা? দেশৰ সৰ্ববৃহৎ পাৰমাণৱিক শক্তি কেন্দ্ৰৰ তথ্য ফাদিল, ডাৰ্ক ৱেবত ১৯ হাজাৰ ফাইল

July 16, 2026 7:59 pm
খিলঞ্জীয়াৰ মাটি ৰক্ষাৰ সংকল্প: কাৰাৰুদ্ধ নেতাসকলৰ মুক্তিৰ দাবীত গুৱাহাটীত গুৰুত্বপূৰ্ণ নাগৰিক সভা

খিলঞ্জীয়াৰ মাটি ৰক্ষাৰ সংকল্প: কাৰাৰুদ্ধ নেতাসকলৰ মুক্তিৰ দাবীত গুৱাহাটীত গুৰুত্বপূৰ্ণ নাগৰিক সভা

July 16, 2026 7:43 pm
সোণম ৱাংচুকৰ অনশনৰ ১৯ দিন: ৯ কেজিতকৈও অধিক ওজন হ্ৰাস, স্বাস্থ্যৰ অৱনতিক লৈ উদ্বেগ

সোণম ৱাংচুকৰ অনশনৰ ১৯ দিন: ৯ কেজিতকৈও অধিক ওজন হ্ৰাস, স্বাস্থ্যৰ অৱনতিক লৈ উদ্বেগ

July 16, 2026 6:38 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গহপুৰত গ্ৰীষ্মকালীন কৰ্মশালাৰ শুভাৰম্ভ

গহপুৰত গ্ৰীষ্মকালীন কৰ্মশালাৰ শুভাৰম্ভ

July 16, 2026 8:44 pm
কি ঘটনা? দেশৰ সৰ্ববৃহৎ পাৰমাণৱিক শক্তি কেন্দ্ৰৰ তথ্য ফাদিল, ডাৰ্ক ৱেবত ১৯ হাজাৰ ফাইল

কি ঘটনা? দেশৰ সৰ্ববৃহৎ পাৰমাণৱিক শক্তি কেন্দ্ৰৰ তথ্য ফাদিল, ডাৰ্ক ৱেবত ১৯ হাজাৰ ফাইল

July 16, 2026 7:59 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd