কালী দেৱীকলৈ অশালীন উক্তি, টুইটাৰ ইণ্ডিয়াৰ বিৰুদ্ধে গোচৰ বিশ্ব হিন্দু পৰিষদৰ

kali-1

হিন্দু সকলৰ আৰাধ্যা দেৱী কালীকলৈ অশালীন মন্তব্য কৰি এতিয়া কঠোৰ সমালোচনাৰ সন্মুখীন হৈছে ইৰাণ-কানাডা মূলৰ লেখক আৰ্মিন নবাবী।

শেহতীয়াকৈ লেখক নবাবীয়ে কালী দেৱীক লৈ টুইটাৰত অতি অশালীন মন্তব্য কৰিছে।

কালী দেৱীৰ ছবি সংলগ্ন কৰি প্ৰকাশ কৰা টুইটটোৱে হিন্দুধৰ্মী বহুলোকৰ হৃদয়ত আঘাত হনা পৰিলক্ষিত হৈছে।

এনে সময়তে টুইটাৰ ইণ্ডিয়াৰ বিৰুদ্ধে আৰক্ষী থানাত গোচৰ তৰিছে বিশ্ব হিন্দু পৰিষদে।

বিশ্ব হিন্দু পৰিষদৰ নেতা বিনোদ বাঞ্চালে লেখক নবাবীৰ বিৰুদ্ধে অভিযোগ  কৰি কয় যে নবাবীৰ মন্তব্যই হিন্দু লোক সকলৰ ধৰ্মীয় ভাৱাবেগত আঘাত কৰিছে।

তেওঁ কৰা টুইটৰ জৰিয়তে পুৰাতন হিন্দু ধৰ্মৰ মৰ্যাদা লাঘৱ হৈছে।

সেইবাবেই লেখক গৰাকীৰ উপযুক্ত শাস্তিৰ দাবী উত্থাপন কৰা হৈছে।

বলিউডৰ অভিনেত্ৰী কংগনা ৰাণাৱটেও লেখক নবাবীৰ টুইটটোৰ বিৰুদ্ধে মাত মতা পৰিলক্ষিত হৈছে।

বিশ্ব হিন্দু পৰিষদৰ নেতা গৰাকীয়ে এনে ধৰণৰ টুইট টুইটাৰৰ পৰা আঁতৰাই নেপেলোৱাৰ বাবে টুইটাৰ ইণ্ডিয়াৰ বিৰুদ্ধে গোচৰ তৰিছে।

নেতা গৰাকীয়ে এই সন্দৰ্ভত এখন প্ৰতিবাদ পত্ৰও ইৰাণৰ ৰাষ্ট্ৰপতি,কানাডাৰ প্ৰধানমন্ত্ৰী আৰু ভাৰতৰ বিদেশ মন্ত্ৰীলৈ প্ৰেৰণ কৰা বুলি জানিব পৰা গৈছে।