চিকিৎসালয়ৰ মজিয়াত পৰি ৰ’ল তেজেৰে তুমুৰলি আঘাতপ্ৰাপ্ত ব্যক্তি: কুকুৰে চেলেকি গ’ল তেজ, নিৰ্বিকাৰ কৰ্তৃপক্ষ

Uttar Pradesh hospital viral video

গুৰুতৰ ভাৱে আঘাতপ্ৰাপ্ত হৈ চিকিৎসালয়ৰ মাটিত পৰি আছে এগৰাকী ব্যক্তি। শৰীৰৰ কেইবাটাও অংশৰ পৰা বৈ আছে তেজ, আৰু এটা কুকুৰ সেই তেজৰ মাজেৰে পাৰ হৈ গৈ আছে। সম্প্ৰতি সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে এই শোকাৱহ দৃশ্য। এই দৃশ্য ‘বিকশিত’ উত্তৰ প্ৰদেশৰ।

উত্তৰ প্ৰদেশৰ এখন চৰকাৰী চিকিৎসালয়ত সংঘটিত এই ঘটনাই সম্প্ৰতি সমগ্ৰ দেশতে চাঞ্চল্যৰ সৃষ্টি কৰিছে। তেজেৰে তুমুৰলি ব্যক্তিগৰাকী চিকিৎসালয়ৰ জৰুৰীকালীন বিভাগৰ মজিয়াত পৰি ৰোৱাৰ পিছতো তেখেতৰ চিকিৎসাৰ বাবে আগবাঢ়ি নাহিল চিকিৎসালয় কৰ্তৃপক্ষ।

এই ঘটনাৰ দৃশ্য ভাইৰেল হৈ পৰাৰ পিছতে দেশৰ ভিতৰতে শ্ৰেষ্ঠতম ৰাজ্য হিচাপে ঢাক-ঢোল কোবোৱা যোগীৰ উত্তৰ প্ৰদেশৰ স্বাস্থ্য সেৱা সন্দৰ্ভত পুনৰ প্ৰশ্ন উত্থাপিত হৈছে। ভাইৰেল এই ভিডিঅ’টো উত্তৰ প্ৰদেশৰ কুশীনগৰৰ জিলা চিকিৎসালয়ৰ বুলি জানিব পৰা গৈছে।

আঘাতপ্ৰাপ্ত অৱস্থাত মাটিত পৰি থকা ব্যক্তিগৰাকীৰ প্ৰচুৰ ৰক্তক্ষৰণৰ ফলত মুখমণ্ডলৰ আকৃতিও স্পষ্ট নহয়। ব্যক্তিগৰাকীক কাষতে থকা এটা কুকুৰে কেইবাবাৰো কামোৰে তথা মাটিত থকা তেজো চেলেকি যায়। ইয়াৰ পিছতো তেওঁৰ চিকিৎসাৰ বাবে আগবাঢ়ি নাহে কোনো চিকিৎসক।

কেৱল চিকিৎসকেই নহয়, কোনো কৰ্মচাৰীয়েও আনকি আঘাতপ্ৰাপ্ত ব্যক্তিগৰাকীক মিটিৰ পৰা তুলি নিয়াৰ প্ৰয়োজনবোধ নকৰে। এই ভিডিঅ’টো ভাইৰেল হোৱাৰ পিছত তীব্ৰ সমালোচনাৰ সৃষ্টি হয়। এনে পৰিস্থিতিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ বাধ্য হয় কুশীনগৰ জিলা প্ৰশাসনে।

ইতিমধ্যে চিকিৎসালয়ৰ পৰা ছয়গৰাকী কৰ্মচাৰীক বৰ্খাস্ত কৰা হৈছে। কুশীনগৰৰ উপায়ুক্ত এছ ৰাজলিঙ্গমে জানিবলৈ দিয়া মতে চিকিৎসালয়ত কৰ্তব্যৰত কৰ্মচাৰীসকলক কৰ্তব্যত অৱহেলা কৰাৰ বাবে বৰ্খাস্ত কৰা হৈছে। ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰা হৈছে বুলিও তেওঁ উল্লেখ কৰে।

ইফালে আন এখন চিকিৎসালয়ত আঘাতপ্ৰাপ্ত ব্যক্তিগৰাকীৰ চিকিৎসাৰ ব্যৱস্থা কৰা হয় বুলি জানিবলৈ দিয়ে প্ৰশাসনে। ৰাজ্যখনৰ উপ মুখ্যমন্ত্ৰী ব্ৰজেশ পাঠকে বিষয়টোৰ বিষয়ে অনুসন্ধান কৰিছে। চিকিৎসালয়ৰ বিষয়াসকলৰ পৰা ঘটনাৰ উত্তৰ বিচৰা হ’ব বুলি তেওঁ সংবাদ মাধ্যমৰ আগত উল্লেখ কৰে।

ইফালে, কুশীনগৰ জিলা চিকিৎসালয়ৰ চিএমঅ’য়ে ঘটনাৰ সময়ত কৰ্তব্যৰত চিকিৎসকসকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি স্পষ্ট কৰি দিছে। চিকিৎসালয়ৰ দায়িত্বত থকা বিষয়াসকলৰ বিৰুদ্ধে স্বাস্থ্য বিভাগক এখন প্ৰতিবেদন দাখিল কৰা হৈছে বুলি তেওঁ এক বিবৃতিত উল্লেখ কৰে।