বিদ্যা বালান আৰু মাধুৰী দীক্ষিতৰ যুটি ‘ভূলভুলাইয়া ৩’ ছবিখনৰ আটাইতকৈ ডাঙৰ চমক। সেইটো ছবিখনৰ ট্ৰেইলাৰৰ পৰাই স্পষ্ট হৈ পৰিছে। আনকি, ছবিখনৰ টীমটোৱে স্বীকাৰ কৰিছে যে ‘আমি যে তোমাৰ’ গীতটোত অভিনেত্ৰী দুগৰাকীৰ নৃত্য এই ছবিখনৰ ইউ এছ পি।
অৱশেষত শুকুৰবাৰে মুক্তি পালে এই গীতটিৰ ভিডিঅ’। আৰু সেই ভিডিঅ’ মুক্তিৰ অনুষ্ঠানটোতেই ঘটনাটো ঘটিছিল। মঞ্চত মাধুৰীৰ লগত নাচি থাকোতে ধপহকৈ পৰি গ’ল বিদ্যা বালান! অৱশ্যে তৎক্ষণাত চম্ভালিও ল’লে। সেই ভিডিঅ’টো এতিয়া ছ’চিয়েল মিডিয়াত ভাইৰেল হৈছে।
‘আমি যে তোমাৰ ৩.০’ নাম দিয়া হৈছে ‘ভূলভুলাইয়া ৩’ চিনেমাখনৰ গীতটোৰ। গীতটিৰ সুৰ অমল মালিক আৰু কণ্ঠদান কৰিছে শ্ৰেয়া ঘোষালে। ৰাজপ্ৰসাদৰ চেট সাজি শ্বুটিং কৰা হৈছে। বিদ্যা আৰু মাধুৰীক ৰাজদৰবাৰত নৃত্যশিল্পী হিচাপে দেখা যায়। দুয়োজনৰ নৃত্যৰ যুগলবন্দীয়ে মোহিত কৰিছে।
লগতে পঢ়কঃ উইলত পোহনীয়া জন্তু, ৰান্ধনী-সহায়কৰো নাম; সম্পত্তিৰ অংশীদাৰ হিচাপে কাৰ কাৰ নাম লিখিছে ৰতন টাটাই?
উল্লেখ্য যে ২০০৭ চনত মুক্তি পোৱা ‘ভুলভুলাইয়া’ ছবিখনৰ বিষয়টো আহিলেই মঞ্জুলিকা ওৰফে বিদ্যা বালানৰ ভয়ানক ৰূপটো চকুৰ আগত ভাহি উঠিব। বিদ্যা বালানৰ দুৰ্দান্ত অভিনয় পৰিচালক প্ৰিয়দৰ্শনৰ ‘ভুলভুলাইয়া’ ছবিৰ ট্ৰাম্প কাৰ্ড আছিল বুলি ক’লেও বেছি কোৱা নহব।
আনকি, মঞ্জুলিকাৰ কাহিনী কাৰ্তিক আৰিয়ান আৰু কিয়াৰা আদৱানীৰ ‘ভূলভুলাইয়া ২’তো আছিল। কিন্তু টাবুৱে তাত অভিনয় কৰিছিল। অৱশ্যে ‘ভুলভুলাইয়া ৩’ ছবিখনত মঞ্জুলিকা ৰূপে ঘূৰি আহিছে বিদ্যা। একে সময়তে বলীউডৰ ‘ডান্সিং কুইন’ মাধুৰী দীক্ষিত এই ছবিখনৰ অতিৰিক্ত আকৰ্ষণ।
লগতে পঢ়কঃ বৰ্ডাৰ-গাভাস্কাৰ ট্ৰফী বাবে ভাৰতৰ দল ঘোষণা, বাদ পৰিল ছামী; কোনে কোনে পালে সুযোগ?
কোনটো চৰিত্ৰত অভিনয় কৰিছে মাধুৰী দীক্ষিতে? ইয়াৰ বিষয়ে ভালদৰে জনা নাযায়। কিন্তু কাহিনীৰ শিপা কলকাতা চহৰ। অভিনেতা কাৰ্তিক আৰিয়নে কেইবাদিনো ধৰি এই চহৰত শ্বুটিং কৰি আছে। কাৰ্তিক আৰিয়ান, বিদ্যা বালন, মাধুৰী দীক্ষিতৰ উপৰিও অনিশ বাজমী পৰিচালিত ছবিখনত তৃপ্তি ডিমৰি, ৰাজপাল যাদৱ, সঞ্জয় মিশ্ৰ, মনীষ ভাদৱা আৰু কাঞ্চন মল্লিকেও গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰিছে। দীপাৱলীৰ বতৰত ১ নৱেম্বৰত ছবিগৃহত মুক্তি পাব ‘ভুলভুলাইয়া ৩’।