• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নৱপ্ৰজন্মক ভোটদানৰ প্ৰতি সজাগ কৰাৰ লক্ষ্য ধুবুৰীত জিলা প্ৰশাসনৰ উদ্যোগত ‘সজাগ ভোটাৰ প্ৰতিযোগিতা’

মুকেশ সিং, ধুবুৰী by মুকেশ সিং, ধুবুৰী
December 27, 2021 6:02 pm
Assam
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নৱপ্ৰজন্মক ভোটাৰ তালিকাত নাম অন্তৰ্ভুক্ত কৰা আৰু ভোটদানৰ প্ৰতি সজাগ কৰাৰ লক্ষ্যৰে অহা ২৫ জানুৱাৰীত অনুষ্ঠিত হ’বলগীয়া ৰাষ্ট্ৰীয় ভোটাৰ দিৱসৰ সৈতে সংগতি ৰাখি ধুবুৰী জিলা প্ৰশাসনে কেইবাটাও প্ৰদক্ষেপ গ্ৰহণ কৰিছে৷

অসমৰ মুখ্য নিৰ্বাচনী বিষয়াৰ নিৰ্দেশমৰ্মে আন জিলাবোৰৰ দৰে ধুবুৰী জিলাতো নতুন ভোটাৰ আৰু সাম্ভাব্য ভোটাৰসকলৰ অংশগ্ৰহণেৰে ‘সজাগ ভোটাৰ প্ৰতিযোগিতা’ শীৰ্ষক ফুটবল প্ৰতিযোগিতা, নৃত্য প্ৰতিযোগিতা আৰু গীত প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে৷

Apply Now

আজি ধুবুৰী জিলা উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত জিলা উন্নয়ণ আয়ুক্ত কান্তা দাসৰ সভাপতিত্বত আয়োজিত এখন বৈঠকত নতুন প্ৰজন্মক ভোটদানৰ দৰে গুৰুত্বপূৰ্ণ গণতান্ত্ৰিক অধিকাৰৰ বিষয়ে সজাগ আৰু সচেতন কৰাৰ বাবে অনুষ্ঠিত হ’বলগীয়া প্ৰতিযোগিতা সমূহৰ বিষয়ে আলোচনা কৰা হয়৷ সেই অনুসৰি ফুটবল প্ৰতিযোগিতা দুটা শাখাত অনুষ্ঠিত হ’ব৷

ধুবুৰী জিলাৰ অন্তৰ্গত প্ৰতিখন উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা একাদশ আৰু দ্বাদশ শ্ৰেণীত অধ্যয়ন কৰি থকা শিক্ষাৰ্থীৰ এটাকৈ দলে প্ৰতিযোগিতাত ভাগ ল’ব পাৰিব৷

আনহাতে প্ৰতিখন কলেজৰ পৰা স্নাতক শ্ৰেণীৰ শিক্ষাৰ্থীৰ এটা দল আৰু একাদশ আৰু দ্বাদশ শ্ৰেণীৰ শিক্ষাৰ্থীৰ এটা দলে প্ৰতিযোগিতাত ভাগ ল’ব পাৰিব৷ জিলা পৰ্যায়ৰ ফুটবল প্ৰতিযোগিতা ৫ জানুৱাৰীৰ ভিতৰত সমাপ্ত হ’ব৷

বিজয়ী দলে বঙাইগাঁৱত অনুষ্ঠিত হ’বলগীয়া মাণ্ডলিক প্ৰতিযোগিতাত ভাগ লোৱাৰ যোগ্যতা লাভ কৰিব৷ মাণ্ডলিক প্ৰতিযোগিতাৰ বিজয়ী দলে ৰাজ্যিক ভিত্তিক প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব৷

আনহাতে নৃত্য প্ৰতিযোগিতা আৰু গীত প্ৰতিযোগিতাৰ বাবে নৱমৰ পৰা দ্বাদশ শ্ৰেণীলৈ এটা শাখা আৰু স্নাতক শ্ৰেণীৰ শিক্ষাৰ্থীৰ বাবে এটাকৈ শাখা থাকিব৷

থলুৱা গীত আৰু নৃত্যৰ এই প্ৰতিযোগিতা প্ৰথমে বিদ্যালয় বা মহাবিদ্যালয় পৰ্যায়ত অনুষ্ঠিত হ’ব৷ বিদ্যালয় বা মহাবিদ্যালয়ৰ বিজয়ী প্ৰতিযোগীয়ে খণ্ড পৰ্যায়ৰ প্ৰতিযোগিতাত ভাগ ল’ব পাৰিব৷

প্ৰতিটো শাখাৰ খণ্ড পৰ্যায়ৰ বিজয়ী প্ৰতিযোগীয়ে জিলা পৰ্যায়ত ভাগ ল’ব৷ জিলা পৰ্যায়ৰ বিজয়ী প্ৰতিযোগীৰ অংশগ্ৰহণেৰে মাণ্ডলিক প্ৰতিযোগিতা আৰু মাণ্ডলিৰ পৰ্যায়ৰ বিজয়ীৰ অংশগ্ৰহণেৰে অনুষ্ঠিত হ’ব ৰাজ্যিক পৰ্যায়ৰ প্ৰতিযোগিতা৷

৯ জানুৱাৰীৰ ভিতৰত জিলা পৰ্যায়ৰ প্ৰতিযোগিতাৰ অন্ত পৰিব৷প্ৰতিগৰাকী প্ৰতিযোগীকে অংশগ্ৰহণৰ প্ৰমাণপত্ৰ দিয়া হ’ব৷

আজিৰ বৈঠকখনত বিলাসীপাৰাৰ মহকুমাধিপতি জয় শিৱানী, ধুবুৰী আৰু বিলাসীপাৰা নিৰ্বাচন জিলাৰ নিৰ্বাচন বিষয়াদ্বয়, জিলা ক্ৰীড়া বিষয়া, ধুবুৰীৰ যুটীয়া স্বাস্থ্য সঞ্চালক, জিলা তথ্য আৰু জনসংযোগ বিষয়া, বিদ্যালয়সমূহৰ পৰিদৰ্শক, কেবাখনো মহাবিদ্যালয়ৰ অধ্যক্ষ, খণ্ড প্ৰাথমিক শিক্ষা বিষয়াসকল উপস্থিত থাকে৷

বৈঠকৰ অন্তত জিলা উন্নয়ন আয়ুক্ত কান্তা দাস আৰু বিলাসীপাৰাৰ মহকুমাধিপতি জয় শিৱানীয়ে এখন সংবাদমেল সম্বোধন কৰি ৰাষ্ট্ৰীয় ভোটাৰ দিৱস উপলক্ষে আয়োজিত কাৰ্যসূচীৰ সবিশেষ ব্যাখ্যা কৰে৷

মুকেশ সিং, ধুবুৰী

মুকেশ সিং, ধুবুৰী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd