মুখ্য মন্ত্ৰীৰ সমষ্টিত পথৰ ওপৰত ভূঁই ৰুই মহিলাৰ প্ৰতিবাদ

মুখ্য মন্ত্ৰীৰ সমষ্টি মাজুলীত বিধ্বস্ত পথৰ উন্নয়ন বিচাৰি ৰঙাচাহী ১ নং বৰনলনী গাঁৱৰ ৰাইজ আজি প্ৰতিবাদত নামিববলৈ বাধ্য হয়। গাঁওখনৰ প্ৰায় দুই শতাধিক লোকে পথৰ ওপৰতে ভূঁই ৰুই প্ৰতিবাদ সাব্যস্ত কৰে।

উল্লেখযোগ্য যে মাজুলীক জিলালৈ উন্নীত কৰাৰ তিনিটা বছৰ পাৰ হ’ল। কিন্তু উন্নয়নৰ নামত আজি পৰ্যন্ত গাঁওখনত শিল এচপৰাও পৰা নাই। মাজুলীৰ আন বহু গাঁৱৰ দৰে ১ নং বৰনলনী গাঁৱৰ ৰাইজ সমস্যাৰ মাজত ককবকাই আছে ।

আনকি সমষ্টিটোৰ প্ৰতিনিধিগৰাকী ৰাজ্যখনৰ মুখ্য মন্ত্ৰী হোৱাৰ পিছতো জিলাখনৰ বাট-পথৰ এই তথৈবচ অৱস্থা।

লগতে পঢ়ক পৰিৱৰ্তন!! মুখ্য মন্ত্ৰীৰ সমষ্টিত কণ কণ শিশু বিদ্যালয়লৈ যায় একাঁঠু বোকাৰ ওপৰেৰে

আজি বৰনলনী গাঁৱৰ মহিলাসকলে হাতে হাতে কোৰ লৈ পথ মেৰামতি কৰাৰ উপৰিও পথৰ ওপৰতে ভূঁই ৰুই প্ৰতিবাদ জনায়।

তেওঁলোকৰ অভিযোগ ১ নং বৰনলনী পথ, ১নং বৰনলনী-হাতীমুৰীয়া পথ, ১ নং বৰনলনী- বনগাঁও বৰপমুৱা গড়কাপ্তানি আদি পথবোৰত বছৰটোৰ ৭/৮ মাহে একাঠু বোকা পানীৰে পৰিপূৰ্ণ হৈ থাকে।

যাৰ ফলত কেতিয়াবা ৰোগী তথা প্ৰসূতি প্ৰসৱ বেদনাত ছটফটাই থাকিলেও জৰুলীকালিন চিকিৎসা সেৱা মৃত্যুঞ্জয় ১০৮ ৰ সেৱা উপলদ্ধ নহয় । ফলত ৰোগীক ঠেলা, চাইকেল অথবা নাঁৱৰ জৰিয়েতেই চিকিৎসালয়লৈ নিব লগা হয়। যাৰ বাবে বহু সময়ত ৰোগী চিকিৎসায়ল গৈ পোৱাৰ আগতেই মৃত্যুমুখত পৰাৰ ঘটনাও ঘটিছে।

কিন্তু ইমানৰ পিছতো বিভাগীয় কৰ্তৃপক্ষৰ গা লৰা নাই। খবৰ নাই সমষ্টিটোৰ বিধায়ক মুখ্য মন্ত্ৰী গৰাকীৰো। গাঁৱৰ ৰাইজে বহু আবেদন-নিবেদন কৰিছে যদিও জিলা প্ৰশাসনৰ কোনো লোকেই অঞ্চলটোলৈ অহা নাই।