DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, May 21, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ওদালগুৰিত জৰাজীৰ্ণ পথে জীয়াতু ভোগাইছে গাঁওবাসীক

চাজিদ খান by চাজিদ খান
June 3, 2019 7:50 am
udalguri-poor-road-1140x570

ফটো : নৰ্থইষ্ট নাও

1.5k
VIEWS
Share on FacebookShare on Twitter

ওদালগুৰি জিলাৰ টংলা চহৰৰ সমীপৰ পশ্চিম হাহিনি গাঁৱৰ জৰাজীৰ্ণ পথে গাঁৱবাসীৰ মনত তীব্ৰ ক্ষোভৰ সৃষ্টি কৰিছে। তদুপৰি, জৰাজীৰ্ণ পথৰ এই অৱস্থাই লগতে বিটিচি প্ৰশাসন তথা ৰাজ্য চৰকাৰে দাবী কৰি অহা উন্নয়নৰ প্ৰকৃত স্বৰূপ উদঙাই দিছে।

পানেৰী বিধানসভা সমষ্টি আৰু খালিংদুৱাৰ বিটিচি সমষ্টিৰ অন্তৰ্গত এই পথটো গাওঁখনৰ লগতে অঞ্চলটোৰ চুবুৰীয়া গাঁওসমূহৰ বাবেও এক অতি গুৰুত্বপূৰ্ণ যাতায়তৰ পথ।

বাৰিষা বোকা পানীৰে কদৰ্যময় হৈ পৰা এই পথে বিটিচিৰ মুৰব্বী হাগ্ৰামা মহিলাৰীৰ সপোনৰ আদৰ্শ বিটিচিক বাস্তৱত এক অলীক কল্পনা হিচাপেহে দাঙি ধৰিছে।

টংলা চহৰৰ পৰা মাত্ৰ চাৰি কিলোমিটাৰ আঁতৰৰ এই গাওঁখনৰ গাওঁবাসীয়ে বিগত এক দশক ধৰি পথটো মেৰামতিৰ বাবে দাবী উত্থাপন কৰি অহাৰ পাছতো জনপ্ৰতিনিধিসকলে কোনো সঁহাৰি দিয়া নাই।

অঞ্চলটোৰ গাওঁবাসীয়ে পথ যোগাযোগৰ ক্ষেত্ৰত উন্নয়নৰ দাবী কৰি অহা চৰকাৰখনকে জগৰীয়া কৰিছে। দৰাচলতে পথটোৰ অৱস্থা বৰ্তমান ইমানেই শোচনীয় হৈ পৰিছে যে গাড়ী-মটৰটো দূৰৰে কথা, ৰাইজে খোজকাঢ়ি যোৱাৰ বাবেও ই অনুপযোগী হৈ পৰিছে।

udalguri-poor-road-1-360x504
ফটো : নৰ্থইষ্ট নাও

পথটোৰ এনে দুৰাৱস্থাৰ ফলত স্কুলীয়া ছাত্ৰ-ছাত্ৰীসকলে ভীষণ সমস্যাৰ সন্মুখীন হ’বলগীয়া হৈছে। তদুপৰি, খেতিয়কসকলেও তেওঁলোকৰ উৎপাদিত সামগ্ৰী ওচৰৰ বজাৰলৈ কঢ়িয়াই নিবলৈ সংগ্ৰাম কৰিবলগীয়া হৈছে। আনহাতে, বেমাৰ-আজাৰৰ সময়ত এম্বুলেন্স যাব নোৱাৰা বাবে বেমাৰী লোকৰ বাবে শংকাৰ সৃষ্টি কৰিছে।

অঞ্চলটোৰ ৰাইজে ৰাজ্য চৰকাৰ তথা বিটিচি কৰ্তৃপক্ষক বহুদিন ধৰি আগতীয়াকৈ মেৰামতিৰ বাবে দাবী উত্থাপন কৰি আহিছে যদিও এটা দশক ধৰি তেওঁলোকৰ এই ৰাজহুৱা দাবীৰ প্ৰতি প্ৰতিনিধিসকলে কোনো কানসাৰ দিয়া নাই।

‘’বিধায়ক, সাংসদ, বিটিচিৰ কাৰ্যবাহী সদস্য আৰু উপায়ুক্ত কোনোৱে এই গাওঁখনলৈ অহা নাই। এবাৰ নিৰ্বাচিত হোৱাৰ পাছত জনপ্ৰতিনিধিসকলে কেতিয়াও ঘুৰি নাচায়,’’- গাঁওখনৰ এগৰাকী বাসিন্দা কনকসেন ডেকাই কয়।

‘’ আমাৰ ল’ৰা-ছোৱালীয়ে স্কুললৈ বিশেষকৈ বাৰিষাৰ দিনকেইটাত খোজকাঢ়ি যোৱাটো দু:সাধ্য হৈ পৰে আৰু একাঠু পানী ভাঙি যাৱলগীয়া হয়,’’-আন এগৰাকী গাওঁবাসী ৰতন ডেকাই কয়।

গাওঁবাসীয়ে ৰাজ্য চৰকাৰ তথা বিটিচি প্ৰশাসনৰ যিমান পাৰি সোনকালে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে।

Recent News

জিলা ন্যায়িক আদালতলৈ উন্নীত হ’ল বিশ্বনাথৰ মহকুমা ন্যায়িক আদালত

জিলা ন্যায়িক আদালতলৈ উন্নীত হ’ল বিশ্বনাথৰ মহকুমা ন্যায়িক আদালত

MS Dhoni

চেন্নাই চুপাৰ কিংছৰ সমৰ্থকলৈ সকাহ: সমৰ্থকলৈ কি বাৰ্তা দিলে ‘থালা’ই!

আমি প্ৰত্যেকটো নদী বান্ধ ভাঙি পেলোৱাতো বিচাৰো : অখিল গগৈ

আমি প্ৰত্যেকটো নদী বান্ধ ভাঙি পেলোৱাতো বিচাৰো : অখিল গগৈ

যুদ্ধৰ আঁৰৰ খৱৰ: ফিনলেণ্ডলৈ গেছৰ সৰবৰাহ বন্ধ কৰিলে ৰাছিয়াই

যুদ্ধৰ আঁৰৰ খৱৰ: ফিনলেণ্ডলৈ গেছৰ সৰবৰাহ বন্ধ কৰিলে ৰাছিয়াই

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd