লোকসভা নিৰ্বাচন বৰ্জন কৰিলে গাঁওবাসীয়ে, ৰাস্তা নিৰ্মাণ নোহোৱা পৰ্যন্ত ভোটবৰ্জনৰ হুংকাৰ

উত্তৰাখণ্ডৰ চামোলী জিলাৰ কেইবাখনো গাঁৱৰ ৰাইজে অঞ্চলটোত পথৰ অভাৱত চিকিৎসাৰ সুবিধা প্ৰদান কৰাত পলম হোৱাৰ প্ৰতিবাদ কৰিবলৈ আগন্তুক লোকসভা নিৰ্বাচন বৰ্জন কৰাৰ সিদ্ধান্ত লৈছে।ইণ্ডিয়ান এক্সপ্ৰেছৰ প্ৰতিবেদন অনুসৰি গাঁওবাসীয়ে কয় যে সংসদীয় নিৰ্বাচন বৰ্জনৰ এই সিদ্ধান্ত যোৱা বছৰৰ ডিচেম্বৰ মাহত গাঁওবাসীয়ে গ্ৰহণ কৰিছিল।

লগতে পঢ়ক:নৰেন্দ্ৰ মোদীৰ তোষামোদত মত্ত মুখ্যমন্ত্ৰী হিমন্তই পাহৰিলে মানৱীয়তা

গাঁওবাসীৰ মতে, ‘যোৱা দুবছৰত চিকিৎসালয়লৈ যোৱাৰ পথত দুগৰাকী মহিলাই সন্তান জন্ম দিছিল। আমি ডিচেম্বৰ মাহত লোকসভা নিৰ্বাচন বৰ্জন কৰাৰ সিদ্ধান্ত লৈছিলোঁ।আমাৰ গাঁৱত ৰাস্তা হোৱালৈকে আমি ভোট নিদিওঁ।আমি ১১ ডিচেম্বৰত এই সমস্যা সন্দৰ্ভত মুখ্যমন্ত্ৰীলৈ এখন পত্ৰ লিখিছিলোঁ। ফেব্ৰুৱাৰী মাহত মহিলাসকলৰ সৈতে গাঁৱৰ প্ৰতিনিধিয়ে এই সন্দৰ্ভত জিলা দণ্ডাধীশলৈ এখন পত্ৰ লিখিছিল।৩০ মাৰ্চত একাংশ বিষয়াই অঞ্চলটোলৈ আহি ১০ দিনৰ পাছত প্ৰতিবেদন দাখিল কৰিম বুলি কৈছিল, কিন্তু এতিয়াও প্ৰতিবেদন দাখিল কৰা হোৱা নাই।”

লগতে পঢ়ক: CAAৰ অধীনত আবেদনৰ ৰেকৰ্ড ৰখাৰ কোনো ব্যৱস্থা নাই; জনাইছে গৃহ মন্ত্ৰালয়ে

আন এজন গাঁওবাসী খিলদেৱ ৰাৱটে কয় যে- বৃদ্ধসকলৰ বাবে ৰাস্তাৰ অৱস্থা অতি বেয়া কাৰণ জৰুৰীকালীন অৱস্থাত তেওঁলোকক কান্ধত উঠাই চিকিৎসালয়লৈ লৈ যাব লাগে।ৰাৱটে কয়, ‘নিৰ্বাচনৰ পাছত পথ নিৰ্মাণৰ কাম আৰম্ভ হ’ব বুলি বিধায়কগৰাকীয়ে আমাক আশ্বাস দিছে। আমি আশাবাদী। মোৰ ছোৱালীৰ বিয়া ভোটদানৰ দিনা। আমি প্ৰথমে ভোট দিম আৰু তাৰ পাছত অতিথিসকলক আদৰণি জনাম।

উল্লেখ্য যে, উত্তৰাখণ্ডৰ ৫খন লোকসভা আসনৰ বাবে ১৯ এপ্ৰিলত ভোটগ্ৰহণ অনুষ্ঠিত হ’ব আৰু ৪ জুনত ভোটগণনা হ’ব।