উপ নিৰ্বাচনত থাওৰাৰ এখন গাঁৱৰ গাওঁবাসীয়ে কিয় কোনো দলকে ভোট নিদিয়ে?

কিয় বিশ্বাসত লব পৰা নাই প্ৰাক্তন কংগ্ৰেছী বৰ্তমানৰ ন বিজেপি সুশান্ত বৰগোঁহাইক?

Thaora vilage people anger

ফটো: নৰ্থইষ্ট নাও।

By-election Thaora: থাওৰাত কেবল আধাৰশিলাহে হয়, ইয়াত কেতিয়াও কাম সম্পূৰ্ণ হৈ নুঠে। নৰ্থইষ্ট নাওৰ সাংবাদিকৰ আগত এইদৰে ক্ষোভ উজাৰে থাওৰাবাসীয়ে।

কিন্তু কিয় বিশ্বাসত লব পৰা নাই প্ৰাক্তন কংগ্ৰেছী বৰ্তমানৰ ন বিজেপি সুশান্ত বৰগোঁহাইক!

থাওৰা বিধানসভা সমষ্টিৰ অন্তৰ্গত বৰবাম পঞ্চায়তৰ অন্তৰ্গত এখন গাঁও হ’ল পতিয়া গাওঁ।

প্ৰায় ৩২ টা পৰিয়ালে বাস কৰা এই গাঁৱৰ গাওঁবাসীয়ে চৰকাৰৰ পৰা লাভ কৰা নাই বিদ্যুৎ, নাই পকী পথ। বহু পৰিয়ালে লাভ কৰা নাই চৰকাৰী লেট্ৰিন।

যোৱা ১২ চেপ্তেম্বৰত  বিজেপি চৰকাৰে থাওৰা সমষ্টিত একেদিনাই ১৪ টা পথৰ আধাৰশিলা স্থাপন কৰি চমক সৃষ্টি কৰিছিল যদিও পতিয়া গাঁৱৰ জৰাজীৰ্ণ পথটো এতিয়াও দুয়োজন প্ৰাক্তন বিধায়ক সুশান্ত বৰগোঁহাই আৰু কুশল দুৱৰীৰ বাবেই এতিয়াও ‘গো- বাট’ হৈয়ে ৰ’ল।

আৰু পঢ়ক: যদি ঢলপুৰৰ উচ্ছেদিত লোক “অবৈধ” বেদখলকাৰী তেন্তে মুখ্যমন্ত্ৰীয়ে ৬ বিঘা মাটি প্ৰদানৰ যুক্তি ক’ত?

সেয়েহে, এইবাৰ উপ নিৰ্বাচনত কাকো ভোট নিদিয়াৰ কথা সদৰী কৰে গাঁওখনৰ একাংশ মহিলাই।

দুয়োজন প্ৰাক্তন বিধায়ককে এতিয়াও বিশ্বাসত লব পৰা নাই গাওঁবাসীয়ে। নৰ্থইষ্ট নাওৰ আগত গাঁৱৰ মহিলা সকলে ক্ষোভ উজাৰে।

উল্লেখ্য যে উপ-নিৰ্বাচনৰ পূৰ্বে থাওৰাত মন্ত্ৰী পিয়ুষ হাজৰিকাকে ধৰি বহু কেইজন মন্ত্ৰী বিধায়ক-সাংসদে একে দিনাই ১৪ টা পথৰ আধাৰশিলা কৰিছিল যদিও বকতা মৌজাত এতিয়াও বহু পথৰ দুৰবস্থাই ৰাইজক ক্ষুব্ধ কৰি ৰাখিছে।