NORTHEAST NOW (Assamese)

বিদ্যুতৰ খুঁটাত তাঁৰেই নালাগিল, বিল আহিলেই : শক্তি মন্ত্ৰীৰ সমষ্টিৰ এখন গাৱঁৰ আজৱ কাহিনী

September 16, 2018 10:38 pm · এন ই নাও নিউজ

ৰাজ্যৰ নতুন শক্তি মন্ত্ৰী তপন গগৈয়ে শক্তি খণ্ডলৈ বিশেষ পৰিৱৰ্তন আনিব নোৱাৰিলেও মন্ত্ৰীজনৰ গৃহ সমষ্টিৰ এখন গাৱঁত মন্ত্ৰীজনৰ বিভাগটোৱে আজৱ কাণ্ড কৰি সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে।

জানিব পৰামতে, মন্ত্ৰীজনৰ গৃহ সমষ্টিৰ পেহীপুখুৰী নামৰ গাওঁখনত বিদ্যুৎ সংযোগ নোহোৱাকৈয়ে বিল দিয়া হৈছে বহুতো লোকৰ নামত।

অভিযোগমতে প্ৰধান মন্ত্ৰীৰ সৌভাগ্য নামৰ আঁচনিৰ অধীনত গাওঁখনলৈ বিদ্যুৎ সংযোগৰ ব্যৱস্থা কৰা হৈছিল। কিন্তু দুৰ্ভাগ্যৰ বিষয় যে ৫ মাহ পূৰ্বে গাওঁখনত কেৱল খুঁটা পুতি আৰু ঘৰে ঘৰে মিটাৰ লগায়ে কাম সামৰিলে ৰাজ্যৰ বিদ্যুৎ বিভাগে।

কিন্তু তাৰ পিছতো গাওঁখনৰ মুঠ ৫৫টা পৰিয়াললৈ আহিল বিদ্যুৎ বিভাগৰ বিল। প্ৰায় ২শ টকাকৈ বিদ্যুৎ বিভাগৰ বিল পোৱা  বুলি জানিবলৈ দিলে কেইবাটাও পৰিয়ালৰ সদস্যসকলে।

আনহাতে শক্তি মন্ত্ৰীৰ নিজৰ সমষ্টিৰ গাওঁ হোৱা সত্ত্বেও এনেকুৱা প্ৰতাৰণাৰ সন্মুখীন হোৱা ক্ষুভিত গাওঁবাসীয়ে মিটাৰ বক্সবোৰ খুলি আনি ৰাজপথলৈ ওলাই আহিছে। তেওঁলোকে কিয় বিদ্যুৎ সংযোগ নিদিয়াকৈ বিল দিব বুলি চৰকাৰক প্ৰশ্ন কৰে। লগতে তেওঁলোকে অতি শীঘ্ৰে বিদ্যুৎ সংযোগ দিবলৈও দাবী জনায়।

উল্লেখযোগ্য যে যোৱা এপ্ৰিল মাহত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশৰ সকলো গাৱঁতে বিদ্যুৎ সংযোগ সম্পূৰ্ণ হোৱা বুলি ঘোষণা কৰিছিল, যাৰ প্ৰতিক্ৰিয়া স্বৰূপে বিভিন্ন ঠাইৰ পৰা বিদ্যুৎ সংযোগ নথকা বহুতো গাঁৱৰ নাম সামাজিক মাধ্যমত ৰাজহুৱা কৰা হৈছিল।

Related News