NORTHEAST NOW (Assamese)

গোলাঘাটত মোবাইল ভানেৰে সজাগতা অভিযান : কোভিড বিধি উলংঘন কৰিলে বিহা হ’ব শাস্তি

May 9, 2021 12:29 pm · মীনাক্ষী ফুকন

গোলাঘাট জিলাত কোভিড ১৯ ৰ সংক্ৰমণ বৃদ্ধি পোৱাৰ প্ৰতি লক্ষ্য ৰাখি জিলা প্ৰশাসনে সকলো সৰু-বৰ দোকান তথা ব্যৱসায় প্ৰতিষ্ঠানক কোভিড বিধিসমূহ মানি চলিবলৈ নিৰ্দেশ দিছে।

একাংশ ব্যৱসায় প্ৰতিষ্ঠান তথা পদপথৰ দোকানত অনৰ্থক ভিৰ হোৱাটো প্ৰশাসনৰ দৃষ্টিগোচৰ হৈছে। এই ক্ষেত্ৰত কেৱল দোকানীয়ে নহয় গ্ৰাহকসকলকো সামাজিক ব্যৱধান মানি চলিবলৈ আহ্বান জনোৱা হৈছে।

অন্যথা সামাজিক দূৰত্ব বজাই ৰাখিব নোৱাৰা ব্যৱসায় প্ৰতিষ্ঠানৰ স্বত্বাধিকাৰী আৰু দোকানী তথা কোভিড বিধি মানি নচলা যিকোনো লোকৰ বিৰুদ্ধে প্ৰশাসনে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ বাধ্য হ’ব বুলি ঘোষণাটোত কোৱা হৈছে।

কোভিডক পৰাজিত কৰিবলৈ দোকান-পোহাৰত অনৰ্থক ভিৰ পৰিহাৰ কৰা, সামাজিক দূৰত্ব মানি চলা, সঠিকভাৱে মাস্ক পৰিধান কৰা, ব্যৱসায় প্ৰতিষ্ঠানসমূহে গ্ৰাহক কৰ্মচাৰীৰ বাবে হেণ্ড চেনিটাইজাৰ আৰু হাত ধোৱাৰ ব্যৱস্থা কৰা আদিৰ বিষয়ে সজাগতা সৃষ্টিৰ উদ্দেশ্যে জিলা জনসংযোগ বিষয়াৰ কাৰ্য্যালয়ৰ উদ্যোগত গোলাঘাট পৌৰ এলেকাৰ বিভিন্ন ঠাইত মোবাইল ভানেৰে সজাগতা অভিযান চলোৱা হৈছে।

Related News