• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মেক্সিকোত সামৰিক অভিযানত নিহত মাদক সম্ৰাট; জ্বলিল কেইবাখনো চহৰ, বন্ধ বিদ্যালয়, বিমান সেৱা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 23, 2026 9:58 am
39
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ‘এল মেনচো’ নামেৰে পৰিচিত কুখ্যাত মাদক সম্ৰাট (ড্ৰাগছ লৰ্ড) নেমেছিঅ’ ৰুবেন অচেগুৱেৰা চাৰ্ভাণ্টেছ মেক্সিকোত এক বৃহৎ সামৰিক অভিযানত নিহত হৈছে। মেক্সিকোৰ প্ৰতিৰক্ষা বিভাগে দেওবাৰে জালিস্কো প্ৰদেশত সংঘটিত হোৱা এই এনকাউণ্টাৰক সংগঠিত অপৰাধৰ বিৰুদ্ধে “বৃহৎ আঘাত” বুলি অভিহিত কৰিছে।

সামৰিক সূত্ৰৰ মতে, গুৱাডালাজাৰাৰ পৰা দুঘণ্টা দক্ষিণ-পশ্চিমে থকা টাপালপা চহৰত অচেগুৱেৰা চাৰ্ভাণ্টেছক কৰায়ত্ত কৰিবলৈ বাহিনীসমূহে বিশেষ অভিযান আৰম্ভ কৰে। সংঘৰ্ষৰ সময়ত তেওঁক গুলীয়াই আহত কৰে। পিছত বিমানযোগে চিকিৎসাৰ বাবে মেক্সিকো চহৰলৈ নিয়াৰ পথত তেওঁৰ মৃত্যু হয়।

Apply Now

অচেগুৱেৰা চাৰ্ভাণ্টেছৰ জালিস্কো নিউ জেনেৰেচন কাৰ্টেল (চিজেএনজি) দীৰ্ঘদিন ধৰি দেশৰ অন্যতম শক্তিশালী অপৰাধী গোট হিচাপে পৰিচিত। এই সংস্থাটোৱে আমেৰিকালৈ বৃহৎ পৰিমাণৰ ফেণ্টানিল আৰু অন্যান্য ড্ৰাগছ সৰবৰাহ কৰাৰ অভিযোগ উত্থাপন হৈছে। সেয়েহে বিশেষজ্ঞসকলে ‘এল মেনচো’ৰ মৃত্যুক মেক্সিকোৰ শেহতীয়া ইতিহাসৰ অন্যতম বৃহৎ সন্ত্ৰাসবাদ বিৰোধী ঘটনা বুলি গণ্য কৰে।

দেওবাৰৰ অভিযানত সেনাবাহিনীৰ ওপৰত তীব্ৰ গুলীচালনা হয়। থিতাতে নিহত হয় চাৰিজন লোক। দুজনক আটক কৰে সেনাই। উদ্ধাৰ হৈছে কেইবাটাও অত্যাধুনিক অস্ত্ৰ-শস্ত্ৰ, ৰকেট লঞ্চাৰ আৰু অস্ত্ৰসজ্জিত বাহন। খবৰ অনুসৰি এই সংঘৰ্ষত তিনিজন মেক্সিকান জোৱান গুৰুতৰভাৱে আহত হয়।

ইফালে মেক্সিকোত থকা আমেৰিকাৰ দূতাবাসে কয় যে মেক্সিকান বিশেষ বাহিনীৰ এই অভিযান দুয়োখন দেশৰ যৌথ চোৰাংচোৱা সহযোগিতাৰ অংশ। তেওঁলোকে লগতে কয় যে আমেৰিকান কৰ্তৃপক্ষই “সহায়ক তথ্য” প্ৰদান কৰিছে।

আনহাতে,  ‘এল মেনচো’ৰ মৃত্যুত সমগ্ৰ জালিস্কোত অশান্তিৰ জোৱাৰ উঠিছে। বিভিন্ন স্থানত অপৰাধীয়ে জুই জ্বলাই পথ অৱৰোধ কৰে। ঘাইপথবোৰ জ্বলি থকা গাড়ীৰে বন্ধ কৰি দিয়া হয়—এই কৌশলৰ বাবে দীৰ্ঘদিন ধৰি ড্ৰাগছ মাফিয়া চক্ৰ জনাজাত। বিশৃংখলতা বাঢ়ি অহাৰ লগে লগে সোমবাৰে প্ৰদেশজুৰি বিদ্যালয় বন্ধ ঘোষণা কৰে প্ৰশাসনে।

প’ৰ্ট’ ভেলাৰ্টাৰ পৰ্যটন ৰিজ’ৰ্টৰ বিভিন্ন স্থানত জুইৰ সূত্ৰপাত হোৱা দেখা গৈছে। অনলাইনত ভাইৰেল হোৱা এটা ভিডিঅ’ত দেখা গৈছে যে ৰাজ্যৰ ৰাজধানীৰ বিমানবন্দৰত যাত্ৰীসকলে আতংকিত হৈ দৌৰিছে।

ইপিনে, দেওবাৰে এয়াৰ কানাডাই প’ৰ্ট’ ভালাৰ্টালৈ বিমান সেৱা বন্ধ কৰাৰ কথা ঘোষণা কৰে।

আমেৰিকাৰ বিদেশ মন্ত্ৰালয়ে জালিস্কো, তামাউলিপাছ, মিচোয়াকান, গুয়েৰেৰো আৰু নুৱেভ’ লিঅ’ন প্ৰদেশৰ আমেৰিকাৰ নাগৰিকসকলক ঘৰৰ ভিতৰতে থাকিবলৈ সকীয়াই দিয়ে।

যদিও এই অভিযানক ড্ৰাগছ কাৰ্টেলৰ বিৰুদ্ধে যুঁজত মেক্সিকান চৰকাৰৰ বাবে এক বৃহৎ সফলতা বুলি গণ্য কৰা হয়, তথাপিও জালিস্কোৰ অশান্ত পৰিস্থিতিয়ে ইংগিত দিয়ে যে কাৰ্টেলসকলৰ প্ৰতিশোধৰ বাবে পৰিস্থিতি আৰু অধিক উত্তপ্ত হ’ব পাৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

হিংসা-বিধ্বস্ত মণিপুৰত ২৫ ৰহস্যজনক মৃত্যুত চৰকাৰক তীব্ৰ ভৎৰ্সনা উচ্চতম ন্যায়ালয়ৰ, বিচাৰিলে প্ৰতিবেদন

হিংসা-বিধ্বস্ত মণিপুৰত ২৫ ৰহস্যজনক মৃত্যুত চৰকাৰক তীব্ৰ ভৎৰ্সনা উচ্চতম ন্যায়ালয়ৰ, বিচাৰিলে প্ৰতিবেদন

September 17, 2026 7:02 pm
ঊনৈছ ছেপ্টেম্বৰৰ দিনা চৌদিশে শুনোঁ আহক জুবিনৰ গীতৰ প্ৰতিধ্বনিঃ অসম নাগৰিক সন্মিলন

ঊনৈছ ছেপ্টেম্বৰৰ দিনা চৌদিশে শুনোঁ আহক জুবিনৰ গীতৰ প্ৰতিধ্বনিঃ অসম নাগৰিক সন্মিলন

September 17, 2026 6:09 pm
যমৰাজৰ বেশত বীৰেন্দ্ৰ ছেহৱাগ; ক্ৰিকেট এৰি নতুন ইনিংছ আৰম্ভ প্ৰাক্তন ভাৰতীয় তাৰকাৰ

যমৰাজৰ বেশত বীৰেন্দ্ৰ ছেহৱাগ; ক্ৰিকেট এৰি নতুন ইনিংছ আৰম্ভ প্ৰাক্তন ভাৰতীয় তাৰকাৰ

September 17, 2026 5:07 pm
৪.০২ কোটিৰ সম্পত্তি, ২০২৬ চনত কিমান দৰমহা প্ৰধানমন্ত্ৰী মোদীৰ? জানি লওক মুঠ সম্পদ, সুবিধা

৪.০২ কোটিৰ সম্পত্তি, ২০২৬ চনত কিমান দৰমহা প্ৰধানমন্ত্ৰী মোদীৰ? জানি লওক মুঠ সম্পদ, সুবিধা

September 17, 2026 3:50 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

হিংসা-বিধ্বস্ত মণিপুৰত ২৫ ৰহস্যজনক মৃত্যুত চৰকাৰক তীব্ৰ ভৎৰ্সনা উচ্চতম ন্যায়ালয়ৰ, বিচাৰিলে প্ৰতিবেদন

হিংসা-বিধ্বস্ত মণিপুৰত ২৫ ৰহস্যজনক মৃত্যুত চৰকাৰক তীব্ৰ ভৎৰ্সনা উচ্চতম ন্যায়ালয়ৰ, বিচাৰিলে প্ৰতিবেদন

September 17, 2026 7:02 pm
ঊনৈছ ছেপ্টেম্বৰৰ দিনা চৌদিশে শুনোঁ আহক জুবিনৰ গীতৰ প্ৰতিধ্বনিঃ অসম নাগৰিক সন্মিলন

ঊনৈছ ছেপ্টেম্বৰৰ দিনা চৌদিশে শুনোঁ আহক জুবিনৰ গীতৰ প্ৰতিধ্বনিঃ অসম নাগৰিক সন্মিলন

September 17, 2026 6:09 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd