• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, September 19, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

যোৰহাট চিকিৎসা মহাবিদ্যালয়ত ভয়ংকৰ সংঘৰ্ষ, চিকিৎসক আৰু তিনিগৰাকী ছাত্ৰ আহত

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 19, 2026 11:07 am
14
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শুকুৰবাৰে নিশা যোৰহাট চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ত এক ভয়ংকৰ সংঘৰ্ষৰ সৃষ্টি হয়। স্থানীয় একাংশ যুৱকে এগৰাকী চিকিৎসক আৰু তিনিগৰাকী চূড়ান্ত বৰ্ষৰ এম বি বি এছ ছাত্ৰক আক্ৰমণ কৰা হয়। এই আক্ৰমণৰ পিছতে চিকিৎসালয়খনৰ চৌহদত তীব্ৰ উত্তেজনাই বিৰাজ কৰে। জানিব পৰা মতে, আক্ৰমণকাৰীসকলে চোকা অস্ত্ৰৰে তেওঁলোকক আক্ৰমণ কৰে।

আহত চিকিৎসকগৰাকীক ডাঃ ধীৰাজ পেগু বুলি চিনাক্ত কৰা হৈছে। আনহাতে আহত ছাত্ৰকেইগৰাকীৰ ভিতৰত অভিলেষ আৰু সুকুমাৰ দাসৰ নাম জানিব পৰা গৈছে। আটাইকেইগৰাকী আহত ব্যক্তিক যোৰহাট চিকিৎসা মহাবিদ্যালয়তে লগে লগে চিকিৎসা প্ৰদান কৰা হয়। বৰ্তমান তেওঁলোকৰ স্বাস্থ্যৰ অৱস্থা সুস্থিৰ বুলি জানিব পৰা গৈছে যদিও ইয়াৰে এগৰাকীৰ ভৰিত গুৰুতৰ আঘাত লাগিছে।

Apply Now

এই আক্ৰমণৰ পিছতে চিকিৎসালয়খনৰ হোষ্টেলৰ বহুতো আৱাসী একত্ৰিত হৈ চিকিৎসালয়ৰ বাহিৰত ওলাই আহে আৰু দোষীক বিচাৰি উলিয়াই কঠোৰ শাস্তি প্ৰদানৰ দাবী জনায়। পৰিস্থিতি অধিক বেয়া হোৱাৰ আশংকাত লগে লগে আৰক্ষীৰ দল ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণলৈ আনে। ইয়াৰ পিছতে ঘটনাৰ মূল অভিযুক্তই আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰাৰ খবৰ পোৱা গৈছে আৰু ইয়াৰ লগে লগে অঞ্চলটোৰ পৰিস্থিতি পুনৰ শান্ত হৈ পৰে।

আনহাতে, স্থানীয় যুৱকসকলে অভিযোগ কৰা অনুসৰি এই সংঘৰ্ষৰ আঁৰত আন এক কাৰণহে লুকাই আছে। তেওঁলোকৰ মতে, চিকিৎসালয়ৰ সমীপৰ এখন ৰাজহুৱা স্থানত একাংশ চিকিৎসা বিজ্ঞানৰ ছাত্ৰই সুৰাৰ বটল ভঙাৰ পিছতে তৰ্কাতৰ্কিৰ সূত্ৰপাত হৈছিল। সমগ্ৰ ঘটনাটোৰ প্ৰকৃত সত্য পোহৰলৈ আনিবলৈ আৰু প্ৰকৃত দোষীক চিনাক্ত কৰিবলৈ আৰক্ষীয়ে ইতিমধ্যে এক তদন্ত আৰম্ভ কৰিছে। আৰক্ষীৰ পুংখানুপুংখ তদন্তৰ পিছতহে ঘটনাৰ প্ৰকৃত কাৰণ ফাদিল হ’ব।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পৰীক্ষাত চেটজিপিটি ব্যৱহাৰ কৰি ধৰা পৰাৰ পাছতে আইআইটি বম্বেৰ ছাত্ৰৰ ভয়ংকৰ সিদ্ধান্ত : উত্তপ্ত শিক্ষানুষ্ঠানৰ চৌহদ

পৰীক্ষাত চেটজিপিটি ব্যৱহাৰ কৰি ধৰা পৰাৰ পাছতে আইআইটি বম্বেৰ ছাত্ৰৰ ভয়ংকৰ সিদ্ধান্ত : উত্তপ্ত শিক্ষানুষ্ঠানৰ চৌহদ

September 19, 2026 11:22 am
যোৰহাট চিকিৎসা মহাবিদ্যালয়ত ভয়ংকৰ সংঘৰ্ষ, চিকিৎসক আৰু তিনিগৰাকী ছাত্ৰ আহত

যোৰহাট চিকিৎসা মহাবিদ্যালয়ত ভয়ংকৰ সংঘৰ্ষ, চিকিৎসক আৰু তিনিগৰাকী ছাত্ৰ আহত

September 19, 2026 11:07 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd