• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 2, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

কোহলী-অনুষ্কাৰ সংসাৰলৈ শীঘ্ৰেই দ্বিতীয় সন্তান! এ বি ডে ভিলিয়াৰ্ছে দিলে বতৰা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 3, 2024 7:57 pm
Virat Kohli Anushka Sharma AB de Villiers
3.4k
VIEWS
Share on FacebookShare on Twitter

ইংলেণ্ডৰ বিপক্ষে চলি থকা টেষ্ট শৃংখলাৰ প্ৰথম দুখন টেষ্টৰ পৰা অব্যাহতি লছিল ভাৰতীয় দলৰ তাৰকা বিৰাট কোহলীয়ে। শৃংখলাৰ তৃতীয় টেষ্টৰ বাবেও কোহলী দলত উপলব্ধ নাথাকিব পাৰে বুলিও প্ৰকাশ পাইছে খবৰ।

কোহলীৰ এই সিদ্ধান্তক লৈ তেওঁৰ অনুৰাগীৰ লগতে ক্ৰিকেটপ্ৰেমীসকলৰ মাজত ব্যাপক চৰ্চা হোৱা পৰিলক্ষিত হৈছে। তাৰ মাজতে একাংশই কোহলী আৰু তেওঁৰ পত্নী অনুষ্কা শৰ্মাৰ সংসাৰলৈ নতুন সন্তান আহিব পাৰে বুলি সম্ভাৱনা প্ৰকাশ কৰিছিল।

এনে চৰ্চাৰ মাজতে আনকি বিচিচিআইয়ে এক বিজ্ঞপ্তি যোগে কোহলীৰ প্ৰতি সন্মান জনাই তেওঁৰ ব্যক্তিগত সিদ্ধান্তক লৈ আলোচনা কৰাৰ পৰা বিৰত থাকিবলৈ আহ্বান জনাইছিল অনুৰাগীসকলক।

তাৰ পাছতো স্বাভাৱিকতেই কোহলীৰ অনুপস্থিতিৰ বিষয়ক লৈ অন্ত পৰা নাছিল চৰ্চা। এনে চৰ্চাৰ মাজতে আজি দক্ষিণ আফ্ৰিকাৰ প্ৰাক্তন তাৰকা তথা কোহলীৰ অন্তৰংগ বন্ধু এ বি ডে ভিলিয়াৰ্ছে প্ৰকাশ কৰিছে এক বিশেষ খবৰ।

কোহলীৰ লগতে নিজৰ অনুৰাগীসকলক উদ্দেশ্যি ভিলিয়াৰ্ছে উল্লেখ কৰা মতে ইংলেণ্ডৰ বিপক্ষে চলি থকা শৃংখলাৰ প্ৰথম দুখন টেষ্টৰ পৰা কোহলীয়ে অব্যাহতি লোৱাৰ পিছতে তেওঁ কোহলীৰ খবৰ লয়।

বিৰাট কোহলী সম্প্ৰতি ভালেই আছে আৰু পৰিয়ালৰ সৈতে সময় কটাবলগীয়া হৈছে বুলি জানিবলৈ দিয়ে ভিলিয়াৰ্ছে। লগতে কোহলী আৰু অনুষ্কা শৰ্মাই দ্বিতীয় সন্তানৰ জন্মৰ বাবে অপেক্ষাৰত বুলিও তেওঁ সদৰী কৰে।

ভিলিয়াৰ্ছে লগতে কোহলীৰ এই সিদ্ধান্তক উচ্চ প্ৰশংসা কৰে। এ বি ডি ভিলিয়াৰ্ছে কয় যে জীৱনৰ এই বিশেষ সময়ছোৱাত পৰিয়ালক অগ্ৰাধিকাৰ দিয়াৰ বাবে তাৰকা ক্ৰিকেটাৰগৰাকীক সমালোচনা কৰিব নালাগে বুলিও ভিলিয়াৰ্ছে মত প্ৰকাশ কৰে।

উল্লেখ্য যে, দীৰ্ঘদিনীয়া প্ৰেমৰ সম্পৰ্কৰ অন্তত ২০১৭ চনত বিবাহপাশত আবদ্ধ হৈছিল বিৰাট-অনুষ্কা। ‘বিৰুষ্কা’ নামেৰে জনপ্ৰিয় হৈ পৰা এই দম্পতীহালে যোৱা জানুৱাৰী মাহত প্ৰথম সন্তান ভামিকাৰ তৃতীয় জন্মদিন উদযাপন কৰিছিল।

Recent News

গুৱাহাটী বিশ্ববিদ্যালয়ত ‘পেছাৰ বাবে প্ৰস্তুতি’ শীৰ্ষক অনুষ্ঠানৰ সামৰণি

গুৱাহাটী বিশ্ববিদ্যালয়ত ‘পেছাৰ বাবে প্ৰস্তুতি’ শীৰ্ষক অনুষ্ঠানৰ সামৰণি

সংসদৰ বৰ্ষাকালীন অধিৱেশনৰ পূৰ্বে বিৰোধী দলবোৰক একত্ৰিত কৰিবলৈ উদ্যোগী ছোনিয়া গান্ধী

সংসদৰ বৰ্ষাকালীন অধিৱেশনৰ পূৰ্বে বিৰোধী দলবোৰক একত্ৰিত কৰিবলৈ উদ্যোগী ছোনিয়া গান্ধী

ম্যানমাৰৰ শৰণাৰ্থীৰ প্ৰৱেশৰ অনুমতি প্ৰত্যাহাৰ! ভাৰত চৰকাৰৰ সিদ্ধান্তত তীব্ৰ সমালোচনা

ম্যানমাৰৰ শৰণাৰ্থীৰ প্ৰৱেশৰ অনুমতি প্ৰত্যাহাৰ! ভাৰত চৰকাৰৰ সিদ্ধান্তত তীব্ৰ সমালোচনা

বিদেশী বিতাড়ন সিদ্ধান্তত আদালতৰ হস্তক্ষেপ অনুচিত: আদালতৰ নিৰ্দেশ সন্দৰ্ভত তীব্ৰ প্ৰতিক্ৰিয়া গৃহ মন্ত্ৰালয়ৰ

বিদেশী বিতাড়ন সিদ্ধান্তত আদালতৰ হস্তক্ষেপ অনুচিত: আদালতৰ নিৰ্দেশ সন্দৰ্ভত তীব্ৰ প্ৰতিক্ৰিয়া গৃহ মন্ত্ৰালয়ৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd