নিউজিলেণ্ডৰ হেমিল্টনত অনুষ্ঠিত টি-২০ শৃংখলাৰ তৃতীয়খন মেচত এক অনবদ্য অভিলেখ গঢ়িবলৈ সক্ষম হয় ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়ক বিৰাট কোহলীয়ে।
ভাৰতৰ অধিনায়ক হিচাপে টি-২০ত ধোনীৰ নামত থকা সৰ্বাধিক ৰান সংগ্ৰহকাৰীৰ ৰেকৰ্ডটো আজি কোহলীয়ে ভংগ কৰে।
আজিৰ মেচখনত কোহলীয়ে ব্যক্তিগত ২৫ ৰান সংগ্ৰহ কৰাৰ লগে লগেই ধোনীৰ ৰেকৰ্ডটো ভংগ হয়। মেচখনত কোহলীয়ে ২৭টা বলত ৩৮ ৰান কৰে।
এই ৰেকৰ্ডটো ভংগ কৰাৰ উপৰি কোহলীয়ে আজি টি-২০ত সৰ্বাধিক ৰান সংগ্ৰহকাৰীৰ তালিকাৰ তৃতীয় স্থানত উপনীত হয়।
অধিনায়ক হিচাপে টি-২০ত সৰ্বাধিক ৰান সংগ্ৰহকাৰীৰ তালিকাৰ প্ৰথম স্থানত দক্ষিণ আফ্ৰিকাৰ অধিনায়ক ফাফ ডু প্লেছিছ, দ্বিতীয় স্থানত নিউজিলেণ্ডৰ অধিনায়ক কেন উলিয়ামছন আৰু চতুৰ্থ স্থানত আছে ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক মহেন্দ্ৰ সিং ধোনী।
টি-২০ আন্তঃৰাষ্ট্ৰীয়ত সৰ্বাধিক ৰান সংগ্ৰহকাৰী অধিনায়কসকল
১. ফাফ দু প্লেছিছ- ১২৭৩
২. কেন উলিয়ামছন- ১১৪৮
৩. বিৰাট কোহলী- ১১২৬
৪. মহেন্দ্ৰ সিং ধোনী- ১১১২
টি-২০ আন্তঃৰাষ্ট্ৰীয়ত সৰ্বাধিক ৰান সংগ্ৰহকাৰী বেটছমেনসকল
১. বিৰাট কোহলী- ২৭৮৩
২. ৰোহিত শৰ্মা- ২৭১৩
৩. মাৰ্টিন গুপটিল- ২৪৯৯
৪. চোৱেব মালিক- ২৩২১
৪. ব্ৰেণ্ডন মেককালাম- ২১৪০
উল্লেখ্য যে ভাৰতে আজি নিউজিলেণ্ডৰ বিৰুদ্ধে তৃতীয়খন টি-২০ মেচ জয়ী হৈ আন এক অভিলেখ গঢ়ে। ভাৰতে প্ৰথমবাৰৰ বাবে নিউজিলেণ্ডৰ বিৰুদ্ধে নিউজিলেণ্ডৰ ভূমিত টি-২০ শৃংখলা দখল কৰে।
পাঁচখনীয় টি-২০ মেচৰ শংখলাটোত এই পৰ্যন্ত ভাৰত ৩-০ত আগবাঢ়ি আছে।
নিউজিলেণ্ডৰ মাটিত ইয়াৰ পূৰ্বে খেলা দুটা টি-২০ শৃংখলাত ভাৰতীয় দলটো পৰাস্ত হৈছিল।