ৰঙীন জাৰ্চিত ১১ বছৰৰ ধাৰাবাহিকতা ভংগ কোহলীৰ; কিয় অভিবাদন গ্ৰহণ নকৰিলে দৰ্শকৰ?

২০২০ বৰ্ষটো কোনেও মনত ৰাখিব নিবিচাৰিব, কিয়নো মহামাৰী ক’ৰ’না ভাইৰাছৰ লগতে এনেকুৱা কিছু ঘটনা ঘটিছে যি সকলোৰে বাবে হৃদয় বিদাৰক।

এজন নাগৰিক হিচাপে হয়তো ভাৰতীয় অধিনায়ক বিৰাট কোহলীৰ এইবছৰটো ভাল হ’ব পাৰে, কিন্তু বেটছমেন হিচাপে এই বছৰটো তেওঁৰ বাবে খুব ভাল হোৱা নাই।

বছৰটোত অৱশ্যে তেওঁ বেয়া ক্ৰিকেট খেলা নাই, কিন্তু যিটো কামৰ বাবে পৰিচিত সেইটোত তেওঁ সম্পূৰ্ণ বিফল।

আচলতে কোহলীয়ে এদিনীয়া আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত অভিষেক কৰাৰ পিছৰে পৰা যদি বছৰত ৬ খন বা তাতকৈ অধিক মেচ খেলিছে তেন্তে বছৰটোত তেওঁ এটা হ’লেও শতক অৰ্জন কৰিছে।

কিন্তু ২০২০ত তেওঁ এটাও শতক অৰ্জন কৰিব নোৱাৰিলে।

কোহলীৰ কেৰিয়াৰত এনেকুৱা দুটা বছৰ পাৰ হৈছে য’ত তেওঁ এদিনীয়া ক্ৰিকেটত এটাও শতক অৰ্জন কৰিব নোৱাৰিলে।

২০০৮ত আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত অভিষেক ঘটা কোহলীয়ে সেই বছৰটোত ৫খন এদিনীয়া মেচ খেলিছিল, কিন্তু শতক অৰ্জন কৰিব পৰা নাছিল।

অৱশ্যে ২০০৯ৰ পৰা ২০১৯লৈকে অৰ্থা একেৰাহে ১১ বছৰত তেওঁ মুঠ ৪৩টা শতক অৰ্জন কৰিছে। কোহলীয়ে প্ৰতিটো বছৰত অতি কমেও এটা হ’লেও শতক অৰ্জন কৰিছে।

উল্লেখ্য যে কোহলীয়ে চলিত বৰ্ষত ৯খন এদিনীয়া মেচ খেলিছে কিন্তু এটাও শতক অৰ্জন কৰিব নোৱাৰিলে।

শতক অৰ্জন কৰিব নোৱাৰিলেও তেওঁৰ বেটিং প্ৰদৰ্শন আছিল যথেষ্ট উন্নত। চলিত বছৰৰ ৯খন এদিনীয়া মেচৰ ৫খনতে তেওঁ অৰ্ধশতক অৰ্জন কৰিছে।

বছৰ হিচাপত কোহলীৰ এদিনীয়া শতক

১. ২০০৮- শতক নাই

২. ২০০৯- ১টা

৩. ২০১০- ৩টা

৪. ২০১১- ৪টা

৫. ২০১২- ৫টা

৬. ২০১৩- ৪টা

৭. ২০১৪- ৪টা

৮. ২০১৫-২টা

৯. ২০১৬- ৩টা

১০. ২০১৭- ৬টা

১১. ২০১৮- ৬টা

১২. ২০১৯- ৫টা

১৩. ২০২০- শতকৰ সংখ্যা শূন্য